Funeral of Shivanath Barman: নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ল ড৹ শিৱনাথ বৰ্মনৰ

author img

By

Published : Dec 16, 2022, 5:49 PM IST

Shivanath barman is no more

সকলোকে কন্দুৱাই এক অজান পৃথিৱীলৈ গ’লগৈ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সাংবাদিক ড৹ শিৱনাথ বৰ্মন ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক তথা সাংবাদিকগৰাকীয়ে (Shivanath barman Passes away) ৷ শুকুৰবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ল বিশিষ্ট সাহিত্যিক তথা সাংবাদিক ড৹ বৰ্মনৰ (Funeral of Shivanath Barman) ৷

অন্তষ্টিক্ৰিয়া সম্পন্ন হ’ল ড৹ শিৱনাথ বৰ্মনৰ

গুৱাহাটী, ১৬ ডিচেম্বৰ : যৱনিকা পৰিল এক বৰ্ণিল বৌদ্ধিক যাত্ৰাৰ । খহি পৰিল ৰাজ্যৰ সাহিত্য-বিজ্ঞান আকাশৰ এটি উজ্জ্বল নক্ষত্ৰ । সমাজে হেৰুৱালে এগৰাকী বিজ্ঞান মনস্ক সাহিত্যিকক । শুক্ৰবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ল বিশিষ্ট সাহিত্যিক তথা সাংবাদিক ড৹ শিৱনাথ বৰ্মনৰ (Shivanath Barman Passes away) । নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় সাহিত্যিকগৰাকীৰ (Funeral of Shivanath Barman)।

উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লিৰ ভাগত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক তথা সাংবাদিকগৰাকীয়ে (Shivanath Barman is no more)। চলিত বৰ্ষৰ ১০ জুলাইত স্বাস্থ্যৰ অৱনতি হোৱাত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল ড৹ বৰ্মনক । কেইদিনমান চিকিৎসালয়ত থকাৰ পাচত তেওঁক ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছিল যদিও পুনৰ অসুস্থ হৈ পৰাত নেমকেয়াৰ হাস্পতালত ৩ ডিচেম্বৰত তেওঁক ভৰ্তি কৰোৱা হয় ।

অসংখ্য গুণমুদ্ধ, পত্নী অঞ্জনা বৰ্মন আৰু দুই কন্যা সংঘামিত্ৰা আৰু শুভমিত্ৰাই তেওঁক সুস্থ কৰি তুলিবলৈ অশেষ চেষ্টা কৰিছিল ৷ কিন্তু বৃক্ককে ধৰি বাৰ্ধক্যজনিত অন্যান্য ৰোগত আক্ৰান্ত হৈ ড৹ বৰ্মনে সকলোকে শোকৰ সাগৰত পেলাই বৃহস্পতিবাৰে ইহসংসাৰ ত্যাগ কৰে (Journalist Shivanath Barman died) ।

অসমৰ জাতীয় জীৱন তথা সাহিত্য, ভাষা, সমাজ, বিজ্ঞান, লোক-কৃষ্টিকে ধৰি বিভিন্ন ক্ষেত্ৰত বহুখিনি অৱদান দি থৈ গৈছে এইগৰাকী মহীৰূহে । শিক্ষকতাৰ পৰা সাংবাদিকতালৈকে, বিজ্ঞানৰ দিশলৈকে তেওঁৰ যথেষ্ট অৱদান আছিল । ১৯৪১ চনত যোৰহাটত জন্মগ্ৰহণ কৰা বিশিষ্ট চিন্তাবিদগৰাকীৰ পিতৃৰ নাম আছিল কাশীনাথ বৰ্মন ।

লগতে পঢ়ক : Shivanath Barman Died : খহি পৰিল অসমৰ শিক্ষা সাহিত্য জগতৰ এটা উজ্জ্বল নক্ষত্ৰ !

নলবাৰী চহৰৰ পশ্চিম চামতা অঞ্চলৰ আমলী গাঁৱত আছিল তেওঁৰ মূল ঘৰ । অৱশ্যে পিতৃয়ে যোৰহাটৰ নৰ্মাল স্কুলত শিক্ষকতা কৰাওতে সেই স্কুলৰ শিক্ষক আৱাসতে জন্ম হৈছিল ড৹ বৰ্মনৰ । এইগৰাকী পণ্ডিত তথা চিন্তাবিদক ২০২২ বৰ্ষত ‘‘সাদিন-প্ৰতিদিন গোষ্ঠী’’য়ে ‘‘ওজা হেমচন্দ্ৰ বৰুৱা ভাষা সাহিত্য সাধনা বঁটা’’ৰে সন্মানিত কৰিছিল । ২০০৮ চনত তেওঁ 'জনসাধাৰণ' কাকতখনৰ সম্পাদক হিচাপে দায়িত্ব লৈছিল ।

তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত- আইনষ্টাইন আৰু পদাৰ্থ জগত, স্বদেশ-স্বমত, ন মনুষ্যৎ, লোক-কৃষ্টিৰ উৎস, অন্বেষা, শ্ৰীমন্ত শংকৰদেৱ : কৃতি আৰু কৃতিত্ব, অসমীয়া জীৱনী অভিধান, অসমীয়া আখৰ জোঁটনিৰ কথা, শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ উত্তৰ সুৰীসকল, অসমীয়া ব্যাকৰণ অভিধান, ভাৰতীয় চিন্তা, অসমৰ জনজাতি সমস্যা, হেমচন্দ্ৰ বৰুৱা, সাধক আৰু সাধনা ইত্যাদি ৷

উল্লেখ্য যে, প্ৰায় ৩৮ খনৰো অধিক মৌলিক গ্ৰন্থ তেওঁৰ ৰচনা কৰি থৈ গৈছে । ইয়াৰ উপৰিও ৪ খন ইংৰাজী গ্ৰন্থ, ২ অনুবাদ কৰা গ্ৰন্থ, ২৩ খন সম্পাদিত গ্ৰন্থৰ লগতে ৫ খন অসমীয়া আলোচনী সম্পাদনা কৰি তেওঁ অসমীয়াৰ সাহিত্যৰ সম্ভাৰ চহকী কৰিছিল ।

ড৹ শিৱনাথ বৰ্মনৰ মৃত্যু অসমীয়া ভাষা-সংস্কৃতি, সমাজ জীৱন, সাংবাদিকতা আদি ক্ষেত্ৰৰ বাবে অপূৰণীয় ক্ষতি । অত্যন্ত সৰল আৰু অতি সাধাৰণভাৱেই জীৱন ধাৰণ কৰা ড৹ বৰ্মন আছিল এজন নীৰৱ সাধক (Litterateur Dr Shivanath Barman is no more) ।

লগতে পঢ়ক : Shivanath barman is no more : সকলোকে কন্দুৱাই এক অজান পৃথিৱীলৈ গ’লগৈ শিৱনাথ বৰ্মন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.