ETV Bharat / state

APDCL load shedding : অসহনীয় গৰমৰ মাজতে সঘন লোড শ্বেডিঙত অতিষ্ঠ ৰাজ্যবাসী

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 5:55 PM IST

চাহিদা অনুপাতে বিদ্যুৎ যোগান ধৰিব পৰা নাই শক্তি বিভাগে । এফালে উৎকট গৰম আৰু আনফালে বিদ্যুতৰ লুকা-ভাকু । ঘণ্টাৰ পাছত ঘণ্টা লোড শ্বেডিঙত অতিষ্ঠ জনগণ । ঠায়ে ঠায়ে এপিডিচিএলৰ বিৰুদ্ধে প্ৰতিবাদ । দৈনিক ৭০০ মেগাৱাট পর্যন্ত বিদ্যুতৰ ঘাটি হোৱাত গাঁও অঞ্চলৰ কথা বাদেই চহৰ অঞ্চলতো বিদ্যুৎ কৰ্তন এপিডিচিএলৰ ।

APDCL load shedding
অসহনীয় গৰমৰ মাজতে সঘন লোড শ্বেডিঙত অতিষ্ঠ ৰাজ্যবাসী

গুৱাহাটী,৫ ছেপ্টেম্বৰ : উৎকট গৰমে স্বাভাৱিক জীৱন যাত্রা ব্যাহত কৰি তোলাৰ সময়তে সঘন লোড শ্বেডিঙে মহাবিপদত পেলাইছে ৰাজ্যবাসীক । অসহনীয় গৰমৰ মাজতে বিদ্যুতৰ লুকা-ভাকুৱে ৰাজ্যবাসীক জ্বলাকলা খুৱাইছে । পৰিস্থিতি এনে পর্যায় পাইছেগৈ যে অধিকাংশ অঞ্চলতে দিনটোৰ ১২-১৪ ঘণ্টা পর্যন্ত বিদ্যুৎ কর্তন কৰিছে শক্তি বিভাগে । এক কথাত ক'বলৈ গ'লে বহু ঠাইত বিদ্যুৎ মাজে সময়েহে আহে ।

বিদ্যুতৰ এনে লুকা-ভাকুত অতিষ্ঠ হৈ পৰিছে সাধৰণ জনতা । অৱশ্যে সাধাৰণ জনতাৰ উপৰিও নেতাসকলো অতিষ্ঠ হৈ পৰিছে । যাৰ বাবে সকলোৱে শক্তি বিভাগৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে । আনকি ঠায়ে ঠায়ে অতিষ্ঠ হৈ পৰা ৰাইজে এপিডিচিএল কার্যালয় পৰ্যন্ত ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে । উল্লেখ্য যে চাহিদা অনুপাতে বিদ্যুৎ যোগান ধৰিব পৰা নাই শক্তি বিভাগে । মুকলি বজাৰৰ পৰা ক্ৰয় কৰা বিদ্যুতৰ মূল্য বৃদ্ধি পোৱাৰ বাবেই লোকচান ভৰি গ্ৰাহকক বিদ্যুৎ যোগান ধৰিব খোজা নাই শক্তি বিভাগে । এক কথাত এই পৰিস্থিতিত ক্ৰিয়াহীন হৈ পৰিছে শক্তি বিভাগ ।

APDCL load shedding
অসহনীয় গৰমৰ মাজতে সঘন লোড শ্বেডিঙত অতিষ্ঠ ৰাজ্যবাসী

বিগত কেইবাদিনো ধৰি প্রচণ্ড গৰমে দহিছে ৰাজ্যবাসীক । কিন্তু অসহনীয় এই গৰমৰ মাজতে ঘণ্টাৰ পাছত ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন কৰাৰ ফলত সাধাৰণ ৰাইজৰ অৱস্থা শোচনীয় হৈ পৰিছে । লক্ষণীয় বিষয় যে ৰাজ্যত দৈনিক বিদ্যুতৰ চাহিদা ২৫০০ মেগাৱাট যদিও চাহিদা অনুপাতে বিদ্যুৎ যোগানত ব্যৰ্থ হৈছে এপিডিচিএল । ফলত দৈনিক ৭০০ মেগাৱাট পর্যন্ত বিদ্যুতৰ ঘাটি হোৱাত গাঁও অঞ্চলৰ কথা বাদেই চহৰ অঞ্চলতো বিদ্যুৎ কৰ্তন কৰিবলৈ বাধ্য হৈছে এপিডিচিএলয়ে ।

অৱশ্যে ৰাইজৰ ক্ষোভ দেখি এপিডিচিএলয়ে দেশত উৎপাদন হ্রাস পোৱাত বিদ্যুতৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বাবে মুকলি বজাৰৰ পৰা বিদ্যুৎ ক্ৰয়ত অসমৰ্থ বুলিও স্বীকাৰ কৰিছে । এই সন্দৰ্ভত এপিডিচিএলয়ে জাৰি কৰিছে ৰাজহুৱা জাননী । জাননীত কোৱা হয় যে - শেহতীয়াকৈ সমগ্র দেশতে শক্তি উৎপাদনৰ হাৰ অভাৱনীয়ভাৱে হ্রাস পাইছে ।

এপিডিচিএলৰ দৰে দেশৰ শক্তি বিতৰণ কোম্পানীসমূহে শক্তি উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহৰ পৰা বিদ্যুৎ ক্রয় কৰিবলৈ ইণ্ডিয়ান এনাৰ্জি এক্সচেঞ্জ নামৰ প্ৰতিষ্ঠানটোৰ সহায় লয় । সাধাৰণ ভাষাত ক'ব গ'লে ই হ'ল বিদ্যুৎ কিনা-বেচাৰ এখন বজাৰ । ইয়াত শক্তি উৎপাদনকাৰী প্ৰতিষ্ঠানবোৰে নিজে উৎপাদন কৰা বিদ্যুৎ বিক্ৰী কৰে আৰু এপিডিচিএলৰ দৰে বিদ্যুৎ বিতৰণকাৰী প্ৰতিষ্ঠানবোৰে তাৰ পৰা প্রয়োজন অনুসৰি বিদ্যুৎ ক্রয় কৰে ।

বৰ্তমান এই মুকলি বজাৰতো বিদ্যুতৰ নাটনিয়ে দেখা দিছে । সেয়েহে এপিডিচিএলৰ মুঠ চাহিদাৰ তুলনাত অতি কম পৰিমাণৰ বিদ্যুৎ ক্ৰয় কৰিবলৈ সক্ষম হৈছে । বৰ্তমান সময়ত ক্ৰয় কৰা উক্ত কম পৰিমাণৰ বিদ্যুতৰ পৰাই ৰাইজক বিদ্যুৎ যোগান ধৰিবলগীয়া হোৱাৰ ফলত সঘন লোড শ্বেডিং কৰা হৈছে । এই অৱস্থা আগন্তুক কিছু দিনলৈ চলি থাকিব । এপিডিচিএলৰ এক সূত্রই জনোৱা মতে বৰ্তমান ৰাজ্যত বিদ্যুতৰ চাহিদা ২৫০০ মেগাৱাট যদিও নিজা বিদ্যুৎ উৎপাদন তেনেই সামান্য । যাৰ ফলত এপিডিচিএলয়ে দৈনিক মুকলি বজাৰ অৰ্থাৎ ইণ্ডিয়ান এনার্জি একচেঞ্জৰ নিলামত অংশ লৈ ব্যক্তিগত খণ্ডৰ পৰা বিদ্যুৎ ক্রয় কৰে ।

APDCL load shedding
অসহনীয় গৰমৰ মাজতে সঘন লোড শ্বেডিঙত অতিষ্ঠ ৰাজ্যবাসী

কিন্তু বর্তমান বিদ্যুতৰ নাটনিৰ বাবে মুকলি বজাৰতো বিদ্যুতৰ মাচুল প্রতি ইউনিটত ১০ টকালৈ বৃদ্ধি পাইছে । সেয়ে অসমত দৈনিক ঘাটি প্রায় ৭০০ মেগাৱাট প্ৰয়োজন যদিও এপিডিচিএলয়ে মুকলি বজাৰৰ পৰা মাত্র ৩০০ মেগাৱাটহে বিদ্যুৎ ক্ৰয় কৰিবলৈ ধনৰ জোৰা মাৰিব পাৰিছে । যাৰ বাবে বাকী ৪০০ মেগাৱাট বিদ্যুৎ গ্রাহকক যোগান ধৰিব নোৱাৰাৰ বাবেই বাধ্যত পৰি জোৰা-টাপলি মৰাৰ বাবে ৰাজ্যজুৰি সঘন বিদ্যুৎ কৰ্তন কৰা হৈছে । এনে এক পৰিস্থিতিত ৰাইজে উৎকট গৰম আৰু সঘন লোড শ্বেডিঙৰ পৰা ৰক্ষা পাবলৈ বৰষুণৰ ওপৰতে ভৰষা কৰিব লাগিব ।

লগতে পঢ়ক :PMAY in Assam : অসমত প্ৰধানমন্ত্রী আৱাস যোজনাৰ অনুমোদিত চাৰি লাখ ঘৰ এতিয়াও অসম্পূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.