ETV Bharat / state

PMAY in Assam : অসমত প্ৰধানমন্ত্রী আৱাস যোজনাৰ অনুমোদিত চাৰি লাখ ঘৰ এতিয়াও অসম্পূৰ্ণ

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 4:21 PM IST

কেন্দ্ৰৰ অভিলাষী আঁচনি ৰূপায়ণত ব্যৰ্থ অসম । সকলোকে ঘৰ দিয়াৰ প্ৰধানমন্ত্রীৰ প্ৰতিশ্ৰুতিৰ পৰা বঞ্চিত বহুজন । এতিয়াও নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই অনুমোদিত চাৰি লাখ ঘৰ । ২০২৪ চনৰ ডিচেম্বৰত উকলিব সময়সীমা । নগৰ অঞ্চলৰ আৱাস নির্মাণতো পিছপৰি আছে অসম । নগৰাঞ্চলত প্ৰধানমন্ত্রী আৱাস যোগনাৰ সাফল্যৰ হাৰ ৪৮.২৫ শতাংশ ।

PMAY in Assam
PMAY in Assam

গুৱাহাটী, ৫ ছেপ্টেম্বৰ : কেন্দ্ৰৰ অভিলাষী আঁচনি প্ৰধানমন্ত্রী আৱাস যোজনা ৰূপায়ণত ব্যৰ্থ হৈছে অসম চৰকাৰ । দেশৰ বিভিন্ন ৰাজ্যই এই আঁচনিখনৰ সফল ৰূপায়ণেৰে দৰিদ্ৰজনক এটা ঘৰ দিবলৈ সক্ষম হৈছে যদিও অসমত বহু লোক এই আঁচনিখনৰ পৰা বহু দূৰৈত আছে । উল্লেখ্য যে দেশৰ দৰিদ্ৰ জনগণক এটা ঘৰ প্ৰদানৰ লক্ষ্যৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই অভিলাষী আঁচনিখন গ্ৰহণ কৰিছিল । পিছে প্রধানমন্ত্ৰীৰ ঘোষণাৰ সাত বছৰৰ পাছতো অসমত 'প্রধানমন্ত্রী আবাস যোজনা' আঁচনিখন সফলতাৰে ৰূপায়ণ হোৱা নাই ।

অসমত এতিয়াও নিৰ্মাণ হ'বলৈ বাকী বহু ঘৰ
অসমত এতিয়াও নিৰ্মাণ হ'বলৈ বাকী বহু ঘৰ

কেন্দ্রীয় চৰকাৰে ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত এই আঁচনিখনৰ কাম সম্পূৰ্ণ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি দিছে যদিও এতিয়াও নিৰ্ধাৰিত লক্ষ্য পূৰণৰ ক্ষেত্ৰত অসম বহু পিছপৰি আছে । কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, প্রধানমন্ত্রী আৱাস যোজনাৰ (গ্ৰামীণ) অধীনত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী চৰকাৰে অসমত ১৯,১০,৬৪৩ টা গৃহ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল । কিন্তু অনুমোদিত উক্ত গৃহৰ ভিতৰত এতিয়ালৈকে ১৫,৪০,৬৯৬ টা গৃহ নিৰ্মাণৰ কামহে সম্পূর্ণ হৈছে ।

প্ৰধানমন্ত্ৰী আৱাস যোজনা
প্ৰধানমন্ত্ৰী আৱাস যোজনা

প্রথমে কেন্দ্ৰীয় চৰকাৰে ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত উক্ত গৃহসমূহ অসমত নিৰ্মাণ কৰাৰ সময় নিৰ্ধাৰণ কৰি দিছিল যদিও পাছত এই সময় ২০২৪ চনৰ ডিচেম্বৰ মাহলৈ পিছুৱাই দিয়া হয় । কিন্তু বিগত প্রায় ৬ বছৰত কেন্দ্ৰৰ এই অভিলাষী আঁচনিৰ অধীনত ১৫ লাখ গৃহহে নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা অসম চৰকাৰে এটা বছৰত বাকী চাৰি লাখ গৃহ নিৰ্মাণ কৰিবলৈ সক্ষম হ’বনে তাক লৈ এতিয়া প্রশ্ন উত্থাপন হৈছে । লক্ষণীয় বিষয় যে উক্ত আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে অসমক ১৬০৮.৮৯ কোটি টকা প্ৰদান কৰিছিল ।

অসমে উক্ত ধনৰ ভিতৰত ১৫৫৩.১১ কোটি টকা ব্যয় কৰিবলৈ সক্ষম হৈছে । অর্থাৎ কেন্দ্ৰীয় চৰকাৰে মোকলাই দিয়াৰ পাছতো ৰাজ্য চৰকাৰখনে প্ৰায় ৫৬ কোটি টকা ব্যয় কৰাত ব্যৰ্থ হৈছে । ইফালে বিগত বিত্তীয় বৰ্ষৰ পূৰ্বে ৰাজ্য চৰকাৰে এই আঁচনিখন ৰূপায়ণত বিশেষ গুৰুত্ব দিয়া নাছিল । সেই কথা চৰকাৰী তথ্যতে স্পষ্ট হৈ পৰিছে । তথ্য অনুসৰি, ২০১৯-২০ বৰ্ষত কেন্দ্রীয় চৰকাৰে অনুমোদন জনোৱা ১,৭৯,৮৩৪ টা গৃহৰ ভিতৰত ৮৪,০০৯ টা আৱাস গৃহহে অসম চৰকাৰে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল ।

একেদৰে ২০২০-২১ বৰ্ষত অনুমোদন জনোৱা ১,৫০,০৩৯ টা গৃহৰ ভিতৰত ১,৩০,৮৯৯ টা, ২০২১-২২ বৰ্ষত অনুমোদন জনোৱা ২,১৬,৩৫৯ টা গৃহৰ ভিতৰত ১,১৭,৬৯৪ টা গৃহ নিৰ্মাণ কৰাৰ বিপৰীতে ২০২২-২৩ বৰ্ষত অনুমোদিত ১০,৫৫,০০৫ টা গৃহৰ ভিতৰত ৯,০৯,১৫১ টা গৃহ নিৰ্মাণ কৰে ৰাজ্য চৰকাৰখনে । মন কৰিবলগীয়া কথা যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্রী আবাস যোজনা (নগৰ) আঁচনিখন ৰূপায়ণতো অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে । নগৰ অঞ্চলত আৱাস নিৰ্মাণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে মুঠ ১,৭৬,৬৪৩ টা গৃহৰ অনুমোদন জনাইছিল ।

কিন্তু উক্ত গৃহৰ ভিতৰত এতিয়ালৈকে অসমে ৮৫,২৩০ টা গৃহহে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে । অর্থাৎ এতিয়ালৈকে মাত্র ৪৮.২৫ শতাংশ কামহে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে অসম চৰকাৰে । এনে পৰিস্থিতিত নিৰ্ধাৰিত সময়ৰ ভিতৰত অসম চৰকাৰে সকলো গৃহ নিৰ্মাণ কৰিবলৈ সক্ষম হ'বনে নাই তাক লৈ প্ৰশ্ন উদয় হৈছে । ইফালে ৰাজ্যখনত প্ৰধানমন্ত্রী আৱাস যোজনা আঁচনিখন ৰূপায়ণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈ আহিছে । ৰাজ্যখনত সংঘটিত এই অনিয়মৰ অভিযোগ কেন্দ্ৰীয় চৰকাৰেও লাভ কৰিছে ।

জানিব পৰা মতে, এনে অভিযোগ লাভ কৰাৰ পাছতে শেহতীয়াকৈ কেন্দ্রই অসম চৰকাৰক নির্দিষ্ট নীতি-নিয়ম অনুসৰি আঁচনিখন সফলতাৰে ৰূপায়ণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়াৰ লগতে আঁচনিখন সম্পূৰ্ণ কৰাৰ বাবে এইবাৰ সময় পিছুৱাই দিয়া নহ'ব বুলিও সকীয়াই দিছে । তেনেস্থলত অসম চৰকাৰে আঁচনিখন নিৰ্ধাৰিত সময়ৰ ভিতৰত কিদৰে সম্পূৰ্ণ কৰিব সেয়া লক্ষণীয় হ'ব । অৱশ্যে শেহতীয়াকৈ আঁচনিখনৰ কাম দ্ৰুতগতিত আগুৱাই নিয়া হৈছে ।

অলপতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৩,০৭,৮১৪ টা ঘৰৰ একেলগে গৃহ প্ৰৱেশ অনুষ্ঠানৰ শুভাৰম্ভণি কৰিছিল । ইফালে কেন্দ্ৰৰ অভিলাষী আঁচনিখনক সফল ৰূপ দিয়াত ব্যৰ্থ হোৱা অসম চৰকাৰে 'মুখ্যমন্ত্রী আৱাস যোজনা'ৰ জৰিয়তে এই বছৰ ১ লাখ পৰিয়ালক ঘৰ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । তদুপৰি, আগন্তুক বৰ্ষত আৰু এক লাখ ঘৰ নিৰ্মাণ কৰিব । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা অনুসৰি, অসমত ৩০ লাখ ঘৰ নিৰ্মাণ কৰিব পাৰিলেহে সকলোৰে বাবে ঘৰৰ সপোন বাস্তৱায়িত হ'ব । অৱশ্যে এই সপোন কেতিয়া পূৰণ হ'ব সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক :Bhupen Borah: I.N.D.I.A শক্তিশালী হোৱাৰ বাবে ভয় খাই মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ ভাই ভাই বুলি কৈছে; ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.