Bhupen Borah: I.N.D.I.A শক্তিশালী হোৱাৰ বাবে ভয় খাই মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ ভাই ভাই বুলি কৈছে; ভূপেন বৰা

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 12:02 PM IST

thumbnail

ডিব্ৰুগড়, ৫ ছেপ্টেম্বৰ : কংগ্ৰেছৰ হেৰুওৱা গণভিত্তি ঘূৰাই আনিবলৈ উজনি অসমত বাহৰ পাতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বাগিচাই বাগিচাই কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰিছে । কংগ্ৰেছৰ এই কাৰ্যসূচীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি শাসক দলৰ সকলো নেতা-মন্ত্ৰীয়ে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ।

এটা দিনৰ পূৰ্বে কংগ্ৰেছৰ এই কাৰ্যসূচীক মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰি বাগানত সকলো ধৰণৰ উন্নয়ন সাধন কৰা হৈছে, কংগ্ৰেছৰ নেতা-বিধায়ক মোৰ মানুহ, সকলো ভাই ককাই বুলি কয় । ইয়াৰ পাচতে মুখ্যমন্ত্ৰীক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । INDIA শক্তিশালী হোৱাত ভয় খাই মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ ভাই ভাই বুলি কৈছে বুলি কয় ।

লগতে তেওঁ কয়, ‘‘অসমৰ মুখ্যমন্ত্ৰী উপলুঙা কৰাত পাকৈত ৷ অসম গণ পৰিষদ আৰু বিপিএফকলৈয়ো উপলুঙা কথা কৈছিল ৷ কিন্তু আজি তেওঁলোকৰ লগত চৰকাৰ কৰিছে । I.N.D.I.A ক্ৰমাৎ শক্তিশালী হোৱাত দিল্লীত পথ পৰিৱৰ্তন হোৱাটো নিশ্চিত হোৱাত মুখ্যমন্ত্ৰীয়ে এতিয়া ককাই-ভাই সমন্ধ বিচাৰিছে ৷’’

লগতে পঢ়ক : Mira Borthakur criticized BJP govt: অসমৰ উচ্চ শিক্ষানুষ্ঠানবোৰ ধ্বংস কৰাৰ ষড়যন্ত্ৰ BJP চৰকাৰৰ; মীৰা বৰঠাকুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.