ETV Bharat / state

Former minister Najrul Islam Passes away: এক দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাৰ অন্ত

author img

By

Published : Jan 7, 2023, 3:54 PM IST

Updated : Jan 7, 2023, 9:28 PM IST

Former minister Najrul Islam Passes away
এক দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাৰ অন্ত; প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ দেসাৱসান

জেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী নজৰুল ইছমাল আৰু নাই ৷ শনিবাৰে দিনৰ প্ৰায় 10.25বজাত মৃত্যু হয় প্ৰবীণ ৰাজনীতিক ডাঃ নজৰুল ইছলামৰ ৷ চিকিৎসালয়লৈ অনাৰ পথতে শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷

এক দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাৰ অন্ত; প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ দেসাৱসান

গুৱাহাটী 7 জানুৱাৰী: অন্ত পৰিল এক দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাৰ ৷ শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ডাঃ নজৰুল ইছলামে(Former minister Najrul Islam Passes away) ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকী ৷ শনিবাৰে গুৱাহাটীৰ ঘৰৰ পৰা চিকিৎসালয়লৈ অনাৰ পথতে 10.25বজাত মৃত্যু হয় ডাঃ নজৰুল ইছলামৰ(Dr Najrul Islam) ৷ 71 বছৰ বয়সত মৃত্যু হয় ৰাজনীতিবিদগৰাকীৰ ৷

শ্বাস-প্ৰশ্বাসতজনিত সমস্যাত ভুগি থকাৰ বাবে নিজ বাসগৃহৰ পৰা চিকিৎসালয়লৈ লৈ অহা গৈছিল মন্ত্ৰীগৰাকীক ৷ ইতিমধ্যেই প্ৰাক্তন মন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ গুৱাহাটীৰ হেলথ্ চিটি হাস্পতালৰ(Guwahati Health City Hospital)পৰা নগাঁৱৰ নিজ বাসগৃহলৈ লৈ যোৱা হৈছে ৷ আত্মীয়-স্বজন তথা পৰিয়াল আৰু গুণমুগ্ধৰ উপস্থিতিত নগাঁৱতে শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৷

উল্লেখ্য যে, ডাঃ নজৰুল ইছলাম আছিল এগৰাকী সৰ্বভাৰতীয় ৰাজনীতিক(Congress Minister Najrul Islam) ৷ ভাৰতীয় জাতীয় কংগ্ৰছৰ পৰা অসম বিধানসভাৰ সদস্য হৈছিল ডাঃ নজৰুল ইছলাম ৷ মুখ্যমন্ত্ৰী তৰুণ গগৈ(Former CM Tarun Gogoi) মন্ত্ৰীসভাত দীৰ্ঘদিন ধৰি মন্ত্ৰিত্ব লাভ কৰিছিল ডাঃ নজৰুল ইছলামে ৷ 2002 চনৰ 7 জুনৰ পৰা 2016 চনৰ 20 মে’লৈকে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰীসভাত স্বাস্থ্য, খাদ্য আৰু যোগানৰ দৰে বহুকেইটা গুৰুত্বপূৰ্ন বিভাগৰ মন্ত্ৰিত্বৰ দ্বায়িত্বত আছিল(Assam Minister Najrul Islam) ৷

লগতে পঢ়ক: Dr Nazrul Islam passed away: জ্যেষ্ঠ কংগ্ৰেছী নেতা প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলাম আৰু নাই

এইগৰাকী প্ৰবীণ ৰাজনীতিকৰ মৃত্যুত ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ ৷ স্মৰ্তব্য যে, 1996 চনৰ পৰা 2021 চনলৈকে লাহৰীঘাট সমষ্টিৰ পৰা পোনপটীয়াকৈ পাঁচবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল ডাঃ নজৰুল ইছলাম ৷

1949 চনৰ 12 আগষ্ট তাৰিখে মৰিগাঁও জিলাত জন্ম হৈছিল প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৷ মৃত্যুৰ সময়ত দুই সন্তান, পত্নী আৰু পৰিয়ালক এৰি যায় প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ ডাঃ নজৰুল ইছলাম নগাঁৱৰ হয়বৰগাঁও হাইস্কুলত শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে আৰু অৱশেষত ডাক্তৰ হয় । উল্লেখ্য যে, ক’ভিডত আক্ৰান্ত হৈছিল প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলাম ৷ ক’ভিডৰ পৰা আৰোগ্য হৈছিল যদিও প’ষ্ট ক’ভিডজনিত ৰোগত তেওঁ আক্ৰান্ত হৈ আছিল ৷ অৱশেষত, পৰিয়াল আৰু আত্মীয়-স্বজনক কন্দুৱাই কাহানিও ঘূৰি নহাৰ বাটেৰে গুচি গ’ল প্ৰবীণ ৰাজনীতিকগৰাকী ৷

লগতে পঢ়ক: Dhemaji murder : অৰুণাচলৰ প্ৰাক্তন SPক গুলীয়াই হত্যা অসমৰ ASIৰ

Last Updated :Jan 7, 2023, 9:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.