ETV Bharat / state

Flutist Dipak Sharma hospitalized: আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা অসুস্থ

author img

By

Published : Jan 7, 2023, 9:41 AM IST

জটিল ৰোগত আক্ৰান্ত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মা (Flutist Dipak Sharma ill)৷ চিকিৎসাৰ বাবে মহানগৰীৰ দিশপুৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে বাঁহীবাদক গৰাকী ৷

Flutist Dipak Sharma hospitalized in Dispur Hospital
আন্তঃৰাষ্টীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা অসুস্থ

আন্তঃৰাষ্টীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা অসুস্থ

গুৱাহাটী, ৬ জানুৱাৰী: সাংস্কৃতিক জগতৰ বাবে এক দুখৰ খবৰ ৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মা গুৰুতৰভাৱে অসুস্থ । বৰ্তমান মহানগৰীৰ দিশপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী (Dispur Hospitals)।

অসুস্থতাৰ বাবে দিশপুৰ হাস্পতাললৈ চিকিৎসাৰ বাবে যোৱাৰ সময়তে বিশিষ্ট বাঁহীবাদক গৰাকীৰ জটিল অসুস্থতা ধৰা পৰে ৷ তাৰ পাছতেই চিকিৎসকৰ পৰামৰ্শমতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ তিনিদিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে শিল্পীগৰাকীক (Flutist Dipak Sharma is ill)।

কেইবাটাও জটিল ৰোগ বাঁহীবাদকগৰাকীৰ দেহত ধৰা পৰিছে বুলি জানিবলৈ দিয়ে চিকিৎসকে ৷ চিকিৎসাধীন বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ মাল্টি অৰ্গেন ফেইলাৰ হোৱা বুলি উল্লেখ কৰাৰ লগতে তেখেতক সুস্থ কৰি তুলিবৰ বাবে চিকিৎসা চলি থকাৰ কথা উল্লেখ কৰিলে চিকিৎসাৰ দায়িত্বত থকা চিকিৎসকগৰাকীয়ে । লিভাৰ, কিডনীৰ লগতে হৃদযন্ত্ৰ সংক্ৰান্তীয় ৰোগতো আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰখ্যাত বাঁহীবাদক গৰাকী আক্ৰান্ত বুলি জানিবলৈ পৰা গৈছে (Flutist Dipak Sharma hospitalized)।

তদুপৰি জণ্ডিছৰো কিছু লক্ষণে দীপক শৰ্মাৰ দেহত দেখা দিছে বুলি জানিবলৈ দিয়ে চিকিৎসকে । চিকিৎসক ভৱদেৱ গোস্বামী আৰু চন্দন মোদকৰ তত্বাৱধানত চলিছে বিশিষ্ট বাঁহীবাদক গৰাকীৰ চিকিৎসা ৷ শিল্পীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া অনুসৰি এমাহ আগতে বিশিষ্ট বাঁহীবাদক গৰাকী ডেংগু ৰোগত আক্ৰান্ত হৈছিল (Flutist Dipak Sharma hospitalized in Dispur Hospital) ।

Flutist Dipak Sharma hospitalized in Dispur Hospital
আন্তঃৰাষ্টীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা অসুস্থ

ডেংগু ৰোগৰ পৰা আৰোগ্য হ’ল যদিও যোৱা কিছুদিনৰ পৰা খোৱা লোৱাত অসুবিধা পাই আহিছিল বুলি উল্লেখ কৰে দীপক শৰ্মাই । সেয়েহে শিল্পী গৰাকীয়ে চিকিৎসকৰ ওচৰ চাপে । চিকিৎসকে পৰীক্ষা নিৰীক্ষাৰ অন্তত শিল্পীগৰাকী জটিল ৰোগত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়ে ।

বৰ্তমান দিছপুৰ হাস্পতালত বিশিষ্ট বাঁহীবাদক গৰাকীৰ চিকিৎসা চলি আছে যদিও উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নিবলৈ পৰামৰ্শ আগবঢ়াইছে চিকিৎসকে । অৱশ্যে আৰ্থিকভাৱে বিশেষ টনকিয়াল নোহোৱা শিল্পীগৰাকীয়ে ব্যয়বহুল উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাবলৈ অপাৰগ ৷ সেয়েহে আৰ্থিকভাৱে দুৰ্বল শিল্পীগৰাকীয়ে বিচাৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM Himanta Biswa Sarma) লগতে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ সহায় ।

উল্লেখ্য যে, বাঁহীবাদক গৰাকীয়ে ২০১৩ চনলৈ ৩ খন অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰাৰ লগতে জি টিভিত সম্প্ৰচাৰিত হোৱা কৰ্ম এণ্ড ৱাজিৰৰ সংগীত পৰিচালনা কৰিছিল । বাঁহীবাদক গৰাকীয়ে সংগীত পৰিচালনা কৰা ৩ খন অসমীয়া চলচ্চিত্ৰ হ’ল জংকি পানৈ, জাতিঙ্গা ইত্যাদি (২০০৭), লুইতক ভেটিব কোনে (২০১৩) ৷ ইয়াৰোপৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা সন্মান-স্বীকৃতি পাবলৈ সক্ষম হৈছে বাঁহীবাদকগৰাকী ৷

লগতে পঢ়ক : Operation against drugs: গুৱাহাটী ৰেল ষ্টেচনত জব্দ বৃহৎ পৰিমানৰ গাঞ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.