ETV Bharat / state

বানপানী : ৰেল বিভাগৰ বিশেষ পদক্ষেপ

author img

By

Published : Jul 16, 2019, 11:01 PM IST

ৰেল বিভাগৰ বিশেষ পদক্ষেপ

প্ৰতিদিনে ক্ৰমাৎ জটিল হৈ পৰা বান পৰিস্থিতিৰ বাবে ব্যাহত হৈ পৰা যাতায়ত ব্যৱস্থাক লৈ ৰেল বিভাগৰ বিশেষ পদক্ষেপ ৷ যাত্ৰীৰ সুবিধাৰ্থে বহুকেইখন ৰেলত অতিৰিক্ত ডবা সংযোজনৰ ব্যৱস্থা ৷

গুৱাহাটী, 16 জুলাই : বানৰ কৱলত ৰাজ্যৰ 32 খনকৈ জিলা । প্ৰতিদিনে ক্ৰমাৎ জটিল হৈ পৰা বান পৰিস্থিতিক লৈ ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা । উজনি-নামনিৰ বহু ঘাইপথ এতিয়া পানীৰ তলত । যাৰ বাবে ৰেল বিভাগে হাতত লৈছে এক বিশেষ পদক্ষেপ । যাত্ৰীৰ সুবিধাৰ্থে বহুকেইখন ৰেলত সংযোজন কৰা হ'ব অতিৰিক্ত ডবাৰ ।

etv bharat assam
ৰেল বিভাগৰ বিশেষ পদক্ষেপ

জনশতাব্দী এক্সপ্ৰেছ, নিউ জলপাইগুৰি-আলিপুৰদুৱাৰ যাত্ৰীবাহী ৰেল, আলিপুৰদুৱাৰ-গুৱাহাটী যাত্ৰীবাহী ৰেল, গুৱাহাটী-মৰিয়নী, গুৱাহাটী-মেহন্দীপথাৰ যাত্ৰীবাহী ৰেলত এটাকৈ দ্বিতীয় শ্ৰেণীৰ ডবা সংযোজন কৰা হ'ব । তাৰোপৰি নিউ তিনিচুকীয়া-ৰঙিয়া এক্সপ্ৰেছ, ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰেছ, নিউ তিনিচুকীয়াৰ পৰা ৰঙিয়ালৈ চলাচল কৰা ৰেলত দুটাকৈ দ্বিতীয় শ্ৰেণীৰ ডবা সংযোজন কৰাৰ ব্যৱস্থা কৰিছে ৰেল বিভাগে । কাইলৈৰ পৰা অহা ২৪ জুলাইলৈ চলিব এই অতিৰিক্ত ডবা সংযোজিত ৰেলসমূহ । ইতিমধ্যেই টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীয়ুষ গোৱেলে ।

etv bharat assam
ৰেল বিভাগৰ বিশেষ পদক্ষেপ
Intro:ৰাজ্যৰ ৩১খনকৈ জিলা এতিয়া বানৰ কৱলত। বানপানীৰ ফলত বহুস্থানত ব্যাহত হৈ আছে যাতায়ত ব্যৱস্থা। এতিয়া উজনি-নামনিৰ বহু ঘাইপথ পানীৰ তলত। যাৰ বাবে ৰেল বিভাগে হাতত লৈছে এক বিশেষ পদক্ষেপ। যাত্ৰীৰ সুবিধাৰ্থে বহুকেইখন ৰেলত অতিৰিক্ত ডবাৰ সংযোজন কৰা হ'ব। জনশতাব্দী এক্সপ্ৰেছ, নিউ জলপাইগুৰি-আলিপুৰদুৱাৰ যাত্ৰীবাহী ৰেল, আলিপুৰদুৱাৰ-গুৱাহাটী যাত্ৰীবাহী ৰেল, গুৱাহাটী-মৰিয়নী, গুৱাহাটী-মেহন্দীপথাৰ যাত্ৰীবাহী ৰেলত এটাকৈ দ্বিতীয় শ্ৰেণীৰ ডবা সংযোজন কৰা হ'ব। তাৰোপৰি নিউ তিনিচুকীয়া-ৰঙিয়া এক্সপ্ৰেছ, ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰেছ, নিউ তিনিচুকীয়াৰ পৰা ৰঙিয়ালৈ চলাচল কৰা ৰেলত দুটাকৈ দ্বিতীয় শ্ৰেণীৰ ডবা সংযোজন কৰাৰ ব্যৱস্থা কৰিছে ৰেল বিভাগে। কাইলৈৰ পৰা অহা ২৪ জুলাইলৈ চলিব এই অতিৰিক্ত ডবা সংযোজিত ৰেলসমূহ। ইতিমধ্যেই কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীয়ুষ গোৱেলে টুইটযোগে প্ৰকাশ কৰিছে এই কথা। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.