ETV Bharat / state

পুনৰ সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী পাঁচটা ৰাজনৈতিক দলৰ

author img

By

Published : Sep 29, 2021, 7:37 PM IST

five political parties demand to stop eviction without rehabilitation
পুনৰ সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী পাঁচটা ৰাজনৈতিক দলৰ

ছিপাঝাৰৰ ধলপুৰত আৰক্ষীয়ে কৰা নৃশংস অত্যাচাৰ আৰু গুলীচালনাৰ ঘটনাৰ উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰাৰ ব্যৱস্থা কৰক । চৰকাৰৰ প্ৰতি এই দাবী পাঁচটাকৈ বাওঁ-গণতান্ত্ৰিক দলৰ ।

গুৱাহাটী, ২৯ ছেপ্টেম্বৰ : পুনৰ সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ লগতে ছিপাঝাৰৰ ধলপুৰত আৰক্ষীয়ে কৰা নৃশংস অত্যাচাৰ আৰু গুলীচালনাৰ ঘটনাৰ উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰাৰ ব্যৱস্থা কৰক । চৰকাৰৰ প্ৰতি এই দাবী পাঁচটাকৈ বাওঁ-গণতান্ত্ৰিক দলৰ । বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত আঞ্চলিক গণ মৰ্চা, চি পি আই, চি পি আই(এম), চি পি ‍আই(এম এল) আৰু ৰাষ্ট্ৰীয় জনতা দলৰ নেতৃত্বই যৌথভাৱে এখন সংবাদমেল সম্বোধন কৰি এই দাবী উত্থাপন কৰে ।

পুনৰ সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী পাঁচটা ৰাজনৈতিক দলৰ

উল্লেখ যে, ২৬ ছেপ্টেম্বৰত এই পাঁচটা দলৰ এটা প্ৰতিনিধি দলে ২০ আৰু ২৩ ছেপ্টেম্বৰত দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰৰ উচ্ছেদিত অঞ্চল ভ্ৰমণ কৰি ঘটনাৰ বুজ লয় । সেই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয়, আমাৰ প্ৰতিনিধি দলটো ছিপাঝাৰৰ ম'হবন্ধাৰ পৰা পাৰঘাট হৈ ভৰদুপৰীয়া ধলপুৰ পোৱা সময়ত পুৰুষ, মহিলা, শিশু, বৃদ্ধ-বৃদ্ধাসহ সহস্ৰাধিক লোক উৎকট গৰমৰ পৰা ৰক্ষা পোৱাৰ বাবে বাঁহতলৰ ছাঁত আশ্ৰয় লৈ আছিল ।

লগতে পঢ়ক:কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ পেকেজ

উচ্ছেদিত ৰাইজে বাসস্থান আৰু মাটি-বাৰী সৰ্বস্ব হেৰুৱাই নিৰাপত্তাহীনতা আৰু গভীৰ আশংকাত ভুগিছিল । ২৩ ছেপ্তেম্বৰৰ উচ্ছেদৰ দিনা পৰিস্থিতি ভয়াৱহ হৈ পৰিছিল আৰু মইনুল হক আৰু শ্বেখ ফৰীদক বৰ্বৰভাবে হত্যা কৰা হৈছিল । ঘটনাত দুজনৰ মৃত্যুৰ লগতে গুৰুত্বভাৱে আহত হৈ ৯ জন লোক চিকিৎসাধীন হৈ আছে । তেওঁ লগতে কয়, ২ আৰু ৩ নং ধলপুৰত সম্পূর্ণ উচ্ছেদ আৰু ১ নং ধলপুৰত আংশিক উচ্ছেদ চলোৱা হৈছিল ।

অঞ্চলটো দুখন গাঁও পঞ্চায়তৰ সমষ্টি বাজনা পথাৰ আৰু খানোৱা । তাৰে আধা বাম অঞ্চল আৰু আধা অংশ চাপৰি । ভোটাৰ প্ৰায় ১৭,০০০ আৰু তেওঁলোক স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় নাগৰিক। উচ্ছেদ চলোৱা অঞ্চলত দুখন অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় আছে । অঞ্চলটোৰ থলুৱা মুছলমান সকলৰ প্ৰায় ৩০০ বিঘা খেতি মাটিত উচ্ছেদ চলোৱা হৈছিল ।

লগতে পঢ়ক: শীৰ্ষ মাওবাদী নেতা টিংৰাজ ওৰাঙৰ গুৱাহাটীত আত্মসমৰ্পণ

বিজেপি চৰকাৰে তেওঁলোকক সদায় অবৈধ বেদখলকাৰী আখ্যা দি আহিছে । সোণোৱাল চৰকাৰৰ দিনত অঞ্চলটোত তিনিবাৰ উচ্ছেদ কৰা হৈছিল । ৰাইজে মাটিৰ খাজানা দি আহিছিল যদিও ২০১৪ চনৰ পৰা খাজানা লোৱা বন্ধ কৰি দিয়া হৈছিল । ২০ ছেপ্টেম্বৰৰ উচ্ছেদ সম্পৰ্কে স্থানীয় ৰাইজে জনোৱা মতে ৰাইজে হাতযোৰ কবি মছজিদ নাভাঙিবলৈ অনুৰোধ কৰিছিল যদিও নামানিলে ।

উচ্ছেদকাৰীসকলে কোৰাণ দলিয়াই দিয়ে । উচ্ছেদৰ পিচত চৰকাৰে নির্দয় ভূমিকা লৈ আহিছে । উচ্ছেদিত লোকক থকা-খোৱা, চিকিৎসাৰ কোনো ব্যৱস্থা লোৱা নাই । আনকি চৰকাৰ বা প্ৰশাসনৰ পক্ষৰ পৰা কোনো খবৰো লোৱা নাই । ধলপুৰৰ ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘‘আমি চৰকাৰক দাবী জনাও যে, পুনৰ সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰক । লগতে ঘটনাৰ উচ্চ ন্যায়ালয়ৰ কর্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰক আৰু নিহতৰ পৰিয়ালক আৰু আহতসকলক উপযুক্ত ক্ষতিপূৰণ দিয়ক’’ ।

লগতে পঢ়ক: বিশ্বৰ বজাৰত স্থান লাভ কৰিলে মাজুলীৰ ঐতিহ্য ‘ৰঙা বাওধানে’

তদুপৰি ততালিকে উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক । দৰং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ততালিকে নিলম্বন কৰাৰ দাবী জনাই পাঁচ বাওঁ সংগঠনে ৷ এই পৰিস্থিতিত আশংকা প্ৰকাশ কৰি ভূঞাই কয়, বিজেপি চৰকাৰে সাম্প্ৰদায়িক বিভাজনৰ নীতিৰে অসমক ভাগভাগ কৰিবলৈ চেষ্টা চলাই গৈছে আৰু ই আমাৰ সাতামপুৰুষীয়া ভাতৃত্ব, ঐক্য, সম্প্ৰীতি আৰু আমাৰ ঐতিহ্য নিঃশেষ কৰাৰ দিশত আগবাঢ়িছে ।

এই বিভাজনবাদী নীতিৰ বিৰুদ্ধে সকলো গণতান্ত্ৰিক, ধর্মনিৰপেক্ষ দল-সংগঠন আৰু ৰাইজ ঐক্যবদ্ধ হ'ব লাগিব । 'সংবাদমেলত চিপিআই (এম)ৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচার্য, চিপিআইৰ ৰাজ্যিক সম্পাদক মুনিন মহন্ত, চিপিআই (এম-এল)ৰ নেতা নৰেন বৰা আৰু ৰাষ্ট্ৰীয় জনতা দলৰ অসম ৰাজ্যিক সভাপতি সোণাৰুল শ্বাহ মুস্তাফা উপস্থিত আছিল ।

লগতে পঢ়ক: চাৰ্জিকেল ষ্ট্ৰাইকৰ 5 বছৰ অতিক্ৰম...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.