বিশ্বৰ বজাৰত স্থান লাভ কৰিলে মাজুলীৰ ঐতিহ্য ‘ৰঙা বাওধানে’

author img

By

Published : Sep 29, 2021, 8:46 AM IST

majulis red bao rice in world market

বিশ্বৰ বজাৰত চাহিদা লাভ কৰিছে মাজুলীৰ ৰঙা বাওধান(Red Bao Rice)য়ে ৷ হায়দৰাবাদৰ এটি কোম্পানীয়ে মাজুলীৰ পৰা এই ৰঙা বাওধানৰ চাউল নি আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, বেলজিয়াম আৰু জাপানত বিক্ৰীৰ বাবে সিদ্ধান্ত লৈছে ৷ অধিক জানিবলৈ সবিশেষ পঢ়ক...

নিউজ ডেস্ক, 29 ছেপ্তেম্বৰ : নদীদ্বীপ মাজুলীত কোনোধৰণৰ ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ উৎপাদন কৰা ৰঙা বাওধান(Red Bao Rice)য়ে স্থান পাইছে বিশ্বৰ বজাৰত ৷ মাজুলীৰ ঐশ্বৰ্যৰূপে বিবেচিত হোৱা এই ৰঙা বাওধানৰ চাউল শেহতীয়াকৈ হায়দৰাবাদৰ এটি কোম্পানীয়ে মাজুলীৰ পৰা নি আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, বেলজিয়াম আৰু জাপানত বিক্ৰীৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে ৷

ইয়াৰ পাচতে মাজুলী জিলা প্ৰশাসন(Majuli District Administration), মাজুলী জিলা কৃষি বিভাগ(Majuli District Agriculture Department), এপাৰ্ট আৰু মাজুলী ৰিভাৰ বেংক ফাৰমাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড(Majuli River Bank Farmer Producer Company Ltd)ৰ উদ্যোগত আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত আয়োজিত এক অনুষ্ঠানত মুঠ 20 কুইন্টল ৰঙা বাও চাউল পৰিবহণ কৰা বাহনৰ ফ্লেগ অফ কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত বিপুল দাস ।

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষি পৰামৰ্শদাতা ড৹ ইমৰান হুছেইনে কয় যে, উৎপাদন আৰু বাণিজ্য দুয়োটা দিশত কৃষকসকলে গুৰুত্ব প্ৰদান কৰিব লাগিব । কৃষকসকলেই মাজুলীক কৃষিৰ ক্ষেত্ৰত দেশৰ ভিতৰত শীৰ্ষস্থানলৈ লৈ যাব পাৰিব । এইক্ষেত্ৰত কৃষকসকলক সহায় কৰাৰ বাবে কৃষি বিষয়াসকল সদায় প্ৰস্তুত ৷

এই সময়খিনিয়েই হৈছে উৎপাদনৰ ক্ষেত্ৰখনত মাজুলীৰ কাৰণে উৎকৃষ্ট সময় । মাজুলী জিলা কৃষি বিষয়া বেণী মাধৱ বৰুৱাই ৰঙা বাওধান মাজুলীৰ ঐতিহ্য বুলি উল্লেখ কৰি কয় যে, কেৱল বিদেশতেই নহয়; দেশৰ ভিতৰতো ৰঙা বাওধানৰ যথেষ্ট চাহিদা আছে । বিদেশৰ বৃহৎ কোম্পানীবোৰে বিদেশলৈ পঠোৱা এই ৰঙা বাও চাউলৰ পৰীক্ষা-নিৰীক্ষা কৰিহে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ।

লগতে তেওঁ কয় যে, প্ৰচুৰ পৰিমাণে জিংক আৰু আয়ৰন থকা, প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আৰু কোনো ৰাসায়নিক কীটনাশক দ্ৰব্যপ্ৰয়োগ নকৰা ৰঙা বাও চাউলৰ গুণাগুণ কেতিয়াও হ্ৰাস নাপায় । বিদেশত এই ৰঙা বাও চাউল অধিক মূল্যত বিক্ৰী কৰাৰ লগতে এই সম্পদবিধে অসম আৰু ভাৰতৰ নাম উজলাবলৈ সক্ষম হ’ব ৷

উল্লেখ্য যে, মাজুলী ৰিভাৰ বেংক ফাৰমাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডত মুঠ 27 টা কৃষক গোট আছে ৷ প্ৰতিটো গোটত 20 জনকৈ কৃষকৰ সৈতে মুঠ 540 জন কৃষক কোম্পানীটোত জড়িত হৈ আছে ৷ ৰঙা বাও চাউলৰ সমান্তৰালকৈ গুৰ, সৰিয়হৰ তেল, নহৰু, নেমু আদি উৎপাদন কৰি বিদেশলৈ ৰপ্তানি কৰি কৃষকসকলক আগবঢ়াই নিবৰ বাবে প্ৰচেষ্টা চলি থাকিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : 19 অক্টোবৰৰ পৰা পুনৰ খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.