ETV Bharat / state

Pre Budget Meeting in Guwahati: জনমুখী বাজেট প্ৰস্তুতৰ দিশত বিশেষ গুৰুত্ব বিত্তমন্ত্ৰীৰ

author img

By

Published : Feb 8, 2023, 3:11 PM IST

Budget Session of Assam Legislative Assembly
প্ৰাক বাজেট বৈঠক বিত্তমন্ত্ৰী অজন্তা নেওগৰ

আগন্তুক বাজেটত মূল তিনিটা খণ্ড ক্রমে শিক্ষা, স্বনিয়োজন আৰু দৰিদ্ৰ কল্যাণৰ ওপৰত বিশেষ গুৰুত্ব মুখ্যমন্ত্রীৰ । ১০ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ চলিব এইবাৰৰ বাজেট অধিৱেশন । আগন্তুক ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটৰ বাবে প্ৰস্তুতি বিত্তমন্ত্ৰী অজন্তা নেওগৰ (Finance Minister Ajanta Neog) ।

গুৱাহাটী,৮ ফেব্ৰুৱাৰী: কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰাজ্য চৰকাৰে এইবাৰৰ বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰাৰ সম্ভাৱনা আছে । এই সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ দিশ সদৰি কৰিছে (CM Himanta Biswa Sarma)। আগন্তুক ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটৰ প্ৰাকক্ষণত বিত্তমন্ত্ৰী অজন্তা নেওগে জনতা ভৱনত এক প্ৰাক বাজেট বৈঠক সম্বোধন কৰে (Pre Budget Meeting of finance minister)। জনসাধাৰণৰ আশা আকাংক্ষাৰ প্ৰতিফলিত হোৱাকৈ এখন জনমুখী বাজেট প্ৰস্তুতৰ বাবে বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠানৰ প্ৰতিনিধি সকলৰ সৈতে কৰ সম্পৰ্কে আলোচনা কৰে বিত্ত মন্ত্রীগৰাকীয়ে (State Budget 2023_24) ।

Budget Session of Assam Legislative Assembly
প্ৰাক বাজেট বৈঠক বিত্তমন্ত্ৰী অজন্তা নেওগৰ

এইবাৰৰ ৰাজ্য চৰকাৰৰ বাজেটত মূল তিনিটা খণ্ড ক্রমে শিক্ষা, স্বনিয়োজন আৰু দৰিদ্ৰ কল্যাণৰ ওপৰত গুৰুত্ব দিয়া হ'ব (Pre State Budget Meeting in Guwahati)। তদুপৰি বাজেটত শিক্ষা আঁচনিৰ অধীনত বিদ্যালয়সমূহক অত্যাধুনিক সুবিধাৰে সংযোজিত কৰাৰ দিশত গুৰুত্ব আৰোপ কৰা হৈছে। এইবাৰৰ বাজেটত স্বনিয়োজন আঁচনিৰ অধীনত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতী সকলক স্বাৱলম্বী কৰাৰ বাবে বৃহৎ আঁচনি গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে । দৰিদ্ৰ কল্যাণ আঁচনিৰ অধীনত বিনামূলীয়া চিকিৎসাৰ সুবিধা, অৰুণোদয় আঁচনি আৰু বিনামূলীয়া চাউল প্ৰদানৰ দিশত বাজেটত বৃহৎ ঘোষণা কৰা হ'ব ।

উল্লেখ যে অহা ১০ মাৰ্চৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন (Budget Session of Assam Legislative Assembly) । ৫ এপ্ৰিললৈ চলিব এইবাৰৰ বাজেট অধিৱেশনখন । প্ৰায় এমাহজোৰা এই বাজেট অধিৱেশনৰ কৰ্মদিন হ'ব মুঠ ২১ দিন । সাধাৰণতে বাজেটৰ প্ৰতি দৃষ্টি নিক্ষেপ হৈ থাকে ৰাজ্যৰ সাধাৰণ জনতাৰ লগতে বিৰোধীৰ । ইতিমধ্যে কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেটৰ প্ৰভাৱ পৰিব অজন্তা নেওগৰ বাজেটত (Union Finance Minister Nirmala Sitharaman)।

লক্ষণীয় বিষয় যে কেন্দ্ৰীয় বাজেটৰ দৰে ৰাজ্য চৰকাৰৰ বাজেটো আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য় কৰি কেইবাটাও বিষয়ত গুৰুত্ব প্ৰদান কৰা হ'ব বুলি ধাৰণা কৰা হৈছে । ইপিনে,বহুকেইটা দিশৰ পৰা এইবাৰৰ বাজেট অধিৱেশনত শাসকপক্ষ বিৰোধীৰ তীব্ৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে । ৰাজ্যত শেহতীয়াকৈ আৰম্ভ হোৱা বাল্য বিবাহ বিৰোধী অভিযানৰ প্ৰসংগকলৈ এইবাৰৰ বাজেট অধিৱেশন উত্তাল হোৱাৰ সম্ভাৱনা আছে । তদুপৰি আছে বহু কেইটা বিষয়।

লগতে পঢ়ক:Golaghat sp Press conference on rhinos death: গড়ৰ মৃত্যুৰ সন্দৰ্ভত গোলাঘাট আৰক্ষী অধীক্ষকৰ সংবাদ মেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.