ETV Bharat / state

ক'ভিড কালত অৰ্থনৈতিক কাৰণত বৃদ্ধি পাইছে পৰিয়াল কেন্দ্ৰিক বিবাদ

author img

By

Published : Sep 4, 2021, 6:57 PM IST

family-disputes-escalate-due-to-economic-reasons-during-covid-period
ক'ভিড কালত অৰ্থনৈতিক কাৰণত বৃদ্ধি পাইছে পৰিয়াল কেন্দ্ৰিক বিবাদ

ঘৰুৱা হিংসা, অবৈধ সম্পৰ্ক, পৰস্পৰে পৰস্পৰ মাজত বুজা বুজি নথকা, নিচাজাতীয় দ্ৰব্য সেৱন ইত্যাদি বিভিন্ন কাৰণত অসমত পৰিয়াল কেন্দ্ৰিক বিবাদ হোৱাৰ খবৰ সৰ্বজনবিদিত ৷ কিন্তু শেহতীয়াকৈ অৰ্থনৈতিক কাৰণত ৰাজ্যখনত বৃদ্ধি পাইছে পৰিয়াল কেন্দ্ৰিক বিবাদ ৷ অসম প্ৰাদেশিক মহিলা সমিতিৰ পৰিয়াল পৰামৰ্শ কেন্দ্ৰেই প্ৰকাশ কৰিছে এই তথ্য ৷

গুৱাহাটী,4 ছেপ্টেম্বৰ: গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত বিগত বৰ্ষৰ লকডাউনৰ পৰা আৰ্থিক সমস্যাৰ বাবে উদ্বেকজনক ভাৱে বৃদ্ধি পাইছে পৰিয়াল কেন্দ্ৰিক বিবাদৰ সংখ্যা ৷ অৰ্থনৈতিক সমস্যা, ঘৰুৱা হিংসা, অবৈধ সম্পৰ্ক, পৰস্পৰে পৰস্পৰ মাজত বুজা বুজি নথকা, নিচাজাতীয় দ্ৰব্য সেৱন, যৌতুকৰ দাবী আদিক কেন্দ্ৰ কৰিয়েই এই পৰিয়ালকেন্দ্ৰীক বিবাদৰ ঘটনা সমূহ সংঘটিত হৈ আহিছে ৷ কিন্তু আশ্চৰ্যজনক ভাৱে শেহতীয়াকৈ অৰ্থনৈতিক কাৰণত বৃদ্ধি পাইছে পৰিয়াল কেন্দ্ৰিক বিবাদ ৷

অসম প্ৰাদেশিক মহিলা সমিতিৰ পৰিয়াল পৰামৰ্শ কেন্দ্ৰৰ পৰা পোৱা তথ্য অনুসৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা আগষ্টলৈ 94 টা পৰিয়ালকেন্দ্ৰিক ঘটনা সংঘটিত হৈছে ৷ অৰ্থনৈতিক সমস্যা, অবৈধ সম্পৰ্ক, পৰস্পৰে পৰস্পৰৰ মাজত বুজাবুজি নথকাৰ বাবে অধিক সংখ্যক পৰিয়ালকেন্দ্ৰিক ঘটনা সংঘটিত হৈছে ৷ পৰিয়াল পৰামৰ্শ কেন্দ্ৰটোৰ পৰা পোৱা তথ্য অনুসৰি, 2020 চনত 125 টা আৰু 2021 ৰ আগষ্টলৈ 94 টা পৰিয়াল কেন্দ্ৰিক বিবাদৰ ঘটনা সংঘটিত হৈছে ৷

ক'ভিড কালত অৰ্থনৈতিক কাৰণত বৃদ্ধি পাইছে পৰিয়াল কেন্দ্ৰিক বিবাদ

কেন্দ্ৰটোৰ কাউঞ্চিলাৰ ৰুণতি গগৈ আৰু মন্দাকিনী বৰগোহাঁই জনোৱা মতে, কেন্দ্ৰটোলৈ বিভিন্ন সমস্যাৰ বাবে সংঘটিত হোৱা পৰিয়ালকেন্দ্ৰক বিবাদৰ ঘটনা লৈ বহু লোক আহে ৷ কিন্তু যোৱা বৰ্ষ লকডাউনৰ পৰা ক'ভিড কালত আৰ্থিক সমস্যাৰ বাবে পৰিয়াল কেন্দ্ৰিক বিবাদৰ সংখ্যা বৃদ্ধি পাইছে ৷

তেঁওলোকে জনোৱা মতে,বহু লোকে আৰ্থিক সমস্যাৰ বাবে সংঘটিত হোৱা পৰিয়াল কেন্দ্ৰিক বিবাদৰ সমাধান বিচাৰি কেন্দ্ৰটোলৈ আহিছে ৷ তদুপৰি অবৈধ সম্পৰ্কৰ লগতে পৰস্পৰে পৰস্পৰ লগত বুজাবুজি নোহোৱাৰ বাবে সংঘটিত হোৱা পৰিয়ালকেন্দ্ৰিক বিবাদৰ ঘটনা কেইবাটাও কেন্দ্ৰটোলৈ আহিছে ৷ আনহাতে যৌতুকৰ বাবে সংঘটিত হোৱা পৰিয়াল কেন্দ্ৰীক বিবাদৰ সংখ্যা কম ৷ মহানগৰীৰ বিভিন্ন স্থানৰ পৰা লোক আহে যদিও বামুনিমৈদান, নাৰেংগী আদি অঞ্চলৰ পৰা বহু লোক কেন্দ্ৰটোলৈ আহে ৷

লগতে পঢ়কঃ নাৰীৰ দালালৰ পৰা দুগৰাকী কিশোৰী উদ্ধাৰ কৰিলে সাহসী মহিলা আৰক্ষী বিষয়াই

ইয়াৰোপৰি বৰপেটা, নলবাৰী, হাজো, শুৱালকুছি, নগাঁও আদি অঞ্চলৰ পৰাও বহু লোক এই কেন্দ্ৰটোলৈ আহে৷ কেন্দ্ৰটোৰ তথ্য অনুসৰি 2013-14 চনত পৰিয়ালকেন্দ্ৰিক বিবাদৰ সংখ্যা আছিল 53 টা, 2014-25 চনত 27 টা, 2015-16 চনত 66 টা, 2016-17 চনত 160 টা, 2017-18 চনত 180 টা,2018-19 ৰ জানুৱাৰীলৈ 145 টা আৰু 2019 ৰ ফেব্ৰুবাৰীৰ পৰা ডিচেম্বৰলৈ 132 টা পৰিয়াল কেন্দ্ৰিক বিবাদৰ ঘটনা কেন্দ্ৰটোলৈ আহিছে ৷

লগতে পঢ়কঃ ৰাজ্য চৰকাৰৰ চাৰিমহীয়া কাৰ্যকালত স্বাস্থ্য খণ্ডত ১,৯৪১ টা পদত নিযুক্তি : কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.