ETV Bharat / state

Neel Pawan Baruah: ৰাজ্যিক কলা বীথিকাত নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিৰ চিত্ৰ প্রদর্শনী

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 6:20 PM IST

বিশিষ্ট চিত্রশিল্পী প্রয়াত নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিৰ চিত্ৰ প্রদর্শনী । ২৩ আগষ্টৰ পৰা ৩০ আগষ্টলৈ অনুষ্ঠিত হ’ব এই প্ৰদৰ্শনী । ৰবীন্দ্ৰ ভৱনত ৰাজ্যিক কলা বীথিকাত অনুষ্ঠিত হ’ব এই প্ৰদৰ্শনী ।

Exhibition of paintings by Neel Pawan Baruah at State Art Gallery in Guwahati
বিশিষ্ট চিত্রশিল্পী প্রয়াত নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিৰ চিত্ৰ প্রদর্শনী

বিশিষ্ট চিত্রশিল্পী প্রয়াত নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিৰ চিত্ৰ প্রদর্শনী

গুৱাহাটী, 24 আগষ্ট: বিশিষ্ট চিত্রশিল্পী তথা অসম চাৰু কাৰু কলা পৰিষদৰ প্ৰতিষ্ঠাপক প্রয়াত নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিৰ চিত্ৰ প্রদর্শনী অনুষ্ঠান । বুধবাৰৰ পৰা 30 আগষ্টলৈ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত ৰাজ্যিক কলা বীথিকাত অনুষ্ঠিত হ’ব এই প্ৰদৰ্শনী । বুধবাৰে এই প্ৰদৰ্শনীখনৰ অনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট চিত্ৰশিল্পী ননী বৰপুজাৰী আৰু বিশিষ্ট চিত্ৰশিল্পী সমীৰণ বৰুৱাই ।

এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক মিনাক্ষী দাস, শিল্পী নীলপৱন বৰুৱাৰ ভাতৃ তথা প্ৰবন্ধকাৰ সুনীল পৱন বৰুৱা, চিত্ৰশিল্পী সমীৰণ বৰুৱা, বিশিষ্ট শিল্পী, লেখক লোকনাথ গোস্বামী, বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ।

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক মিনাক্ষী দাসে মন্তব্য কৰি কয়-নীলপৱন বৰুৱাৰ সৃষ্টি ৰাজি বিজ্ঞান সন্মতভাৱে কেনেকৈ সংৰক্ষণ কৰিব পাৰো তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব । এই সংৰক্ষণ যাতে আমি সুন্দৰকৈ ৰাখিব পাৰো । তেতিয়াহে সঁচা অৰ্থত শিল্পীগৰাকীক প্ৰকৃত সন্মান কৰা হ’ব । তেওঁৰ চিত্ৰসমূহ যাতে আমি মানুহৰ মাজলৈ লৈ যাব পাৰো তাৰে প্ৰয়াস কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে ।

শিল্পী নীলপৱন বৰুৱাৰ ভাতৃ, প্ৰবন্ধকাৰ সুনীল পৱন বৰুৱাই মন্তব্য কৰি কয়- চাৰু কাৰু কলা অন্যতম প্ৰতিষ্ঠাপক প্ৰয়াত নীল পৱন বৰুৱালৈ এই ধৰণৰ সন্মান দিয়া অত্যন্ত আদৰণীয় কথা । মই শিল্প কলাৰ ৰসিক । এখন ভাল ছবি চাবলৈ অধ্যয়ন, অনুশীলন, মানসিকতা লাগিব । তেওঁ অসমত আধুনিক চিত্ৰৰ বাটকটীয়া আছিল । পৰিষদে যাতে প্ৰয়াত শিল্পী তথা চাৰু কাৰু কলা পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি হিচাবে নীলপৱন বৰুৱাৰ নামত এটা স্থায়ী বীথিকা,আৱক্ষ মূৰ্ত্তি যাতে কৰে তাৰে আশা কৰিলোঁ ।

উল্লেখ‍্য যে,নীলপৱন বৰুৱাৰ অনবদ্য কৰ্মৰাজিকলৈ আয়োজন কৰা এই প্ৰদৰ্শনীখন 30 আগষ্টলৈ প্ৰতিদিনে পুৱা 11 বজাৰ পৰা সন্ধিয়া 6 বজালৈ দৰ্শকৰ বাবে মুকলি থাকিব ।

লগতে পঢ়ক: Pathsala Kahinur theater: পাঠশালাত কহিনুৰ থিয়েটাৰৰ 48 তম নাট্যবৰ্ষৰ শুভ উদ্বোধনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.