ETV Bharat / state

বাজপেয়ী ভৱন ভৰিব প্ৰাক্তন আছু নেতা-কৰ্মীৰে

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 12:00 PM IST

গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে প্ৰাক্তন আছু নেতা দিব্যজ্যোতি মেধি ৷ অৱশেষত 13 ডিচেম্বৰত 300 সতীৰ্থসহ বিজেপিত যোগ দিব প্ৰাক্তন আছু নেতাগৰাকীয়ে (EX AASU Leader Dibyajyoti Medhi to Join BJP) ৷

EX AASU Leader Dibyajyoti Medhi to Join BJP
গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে প্ৰাক্তন আছু নেতা দিব্যজ্যোতি মেধি

নিউজ ডেস্ক, ৮ ডিচেম্বৰ : অৱশেষত ইটিভি ভাৰতৰ পূৰ্বানুমান সত্য প্ৰমাণিত কৰি গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে প্ৰাক্তন আছু নেতা দিব্যজ্যোতি মেধি ৷ তিনিশ সতীৰ্থক লগত লৈ ১৩ ডিচেম্বৰত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিব প্ৰাক্তন আছু নেতাজনে ৷ এই যোগদান অনুষ্ঠানত উপস্থিত থাকিব দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিজেপিৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, মন্ত্ৰী পীযুষ হাজৰীকাকে ধৰি আন কেইবাগৰাকীও দলীয় শীৰ্ষ নেতা ৷

মন কৰিবলগীয়া যে, তিনিশ প্ৰাক্তন আছু নেতা-কৰ্মীক লগত লৈ গেৰুৱা বসন পিন্ধিবলৈ সাজু হোৱা দিব্যজ্যোতি মেধিয়ে যোৱা সময়চোৱাত সদৌ অসম ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্বত অছাত্ৰৰ পয়োভৰ ঘটা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ সংগঠনটোৰ নেতৃত্বৰ ৰোষত পৰিছিল ৷ আনকি বিষয়টো ন্যায়ালয়ৰ মজিয়াও পাইছিলগৈ ৷ পৰৱৰ্তী সময়ত অৱশ্যে ন্যায়ালয়ে দিব্যজ্যোতি মেধিৰ সপক্ষেই ৰায়দান কৰিছিল ৷

আনহাতে, প্ৰাপ্ত খবৰ অনুসৰি সদ্যহতে প্ৰায় তিনিশ প্ৰাক্তন আছু নেতা-কৰ্মীক লগত লৈ বিজেপিত যোগ দিবলৈ ওলোৱা দিব্যজ্যোতি মেধিয়ে তেওঁৰ যোগদানৰ পিছতেই মৰিগাঁও, কামৰূপ (ম) আৰু কামৰূপ জিলাৰ প্ৰায় এহেজাৰ প্ৰাক্তন আৰু বৰ্তমান আছু নেতা-কৰ্মীক বিজেপিত যোগ দিয়াবৰ বাবে প্ৰস্তুত হৈ আছে ৷ যদি তেনে হয় তেন্তে সেয়া হ'ব আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ গৃহ জিলা কামৰূপ (ম) ৰ আছুৰ বাবে এক বৃহৎ ক্ষতি ৷

একেদৰে সংগঠনটোৰ আন এগৰাকী উপদেষ্টা প্ৰকাশ দাসৰ গৃহ জিলা কামৰূপ আৰু আছুৰ সভাপতি উৎপল শৰ্মাৰ গৃহ জিলা মৰিগাঁৱৰ বাবেও ই এক ডাঙৰ ক্ষতিৰূপে বিবেচিত হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : আলু খেতিৰে চমক সৃষ্টি কৰাৰ প্ৰয়াস সত্ৰ নগৰীৰ কৃষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.