আলু খেতিৰে চমক সৃষ্টি কৰাৰ প্ৰয়াস সত্ৰ নগৰীৰ কৃষকৰ

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 10:32 AM IST

thumbnail

মাজুলী, 8 ডিচেম্বৰ : উজনি মাজুলী ফুলনি চাৰিআলিৰ সমীপত কৃষি বিপ্লৱ ৷ কৃষি বিপ্লৱৰ পথ বাছি লৈছে জেংৰাইমুখ সমবায় সমিতিয়ে ৷ বহু বিঘা মাটিত আলু খেতি ৰোপন কৰি চমক সৃষ্টি কৰিছে বহু কৃষকে ৷

যি সময়ত ৰাজ্যৰ সমবায় সমিতিসমূহক এচামে বিভিন্ন দুৰ্নীতিৰ অভিযোগত সমালোচনা কৰি আহিছে তেনে সময়তে সত্ৰ নগৰী মাজুলীৰ এখন সমবায় সমিতিয়ে দেখুৱাইছে অন্য এক নিদৰ্শন । উজনি মাজুলীৰ জেংৰাই সমবায় সমিতিৰ লগত জড়িত প্ৰায় 500 গৰাকী কৰ্মীয়ে ফুলনি চাৰিআলিৰ সমীপত আলু খেতিৰে গঢ়িব বিচাৰিছে কৃষি বিপ্লৱ ।

এইসকল সমবায় সমিতিৰ লোক সমবায় সমিতিৰ লগতে জড়িত নাথাকি বা সুলভ মূল্যৰ চাউল বিতৰণতে লাগি নাথাকি সমবায় পুঁজি টনকিয়াল কৰিবৰ বাবে কৰিছে আলু খেতি । এই ক্ষেত্ৰত এই সমবায় সমিতিৰ লোকসকলক সম্পূৰ্ণ ৰূপে সহায় কৰিছে মাজুলী জিলা কৃষি বিভাগে ।

আলুৰ বীজ ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উজনি মাজুলী জেংৰাই মুখৰ কৃষি বিষয়া ৰাজা ফুকনে । সমবায় সমিতিৰ কামতে লাগি নাথাকি এইসকল সমবায় সমিতিৰ লোকে এনেদৰে কৃষিৰ জৰিয়তে আগবাঢ়ি যাব বিচৰাটো সঁচাই আজিৰ তাৰিখত আদর্শজনক ।

লগতে পঢ়ক : অগ্নি ১ বেলিষ্টিক মিছাইলৰ সফল প্ৰশিক্ষণমূলক উৎক্ষেপণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.