ETV Bharat / state

Protest at Chachal : বণিয়া-পুঁজিপতিক শ শ বিঘা মাটি দিয়া চৰকাৰখনে শিলসাঁকোৰ উচ্ছেদিতক কিয় দিব নোৱাৰে একঠা মাটি ? প্ৰশ্ন উচ্ছেদিতৰ

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 5:21 PM IST

Evicted people of Silsako staged protest
ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবী

শিলসাঁকোৰ উচ্ছেদিত লোকসকলক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত শতাধিক উচ্ছেদিতৰ প্ৰতিবাদী কাৰ্যসূচী ৷ বুধবাৰে চচলত সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

শিলসাঁকোৰ উচ্ছেদিতৰ প্ৰতিবাদ

গুৱাহাটী, 1 নৱেম্বৰ : শিলসাঁকোৰ উচ্ছেদিত লোকসকলক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত শিলসাঁকোৰ উচ্ছেদিতই অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী ৷ বুধবাৰেও মহানগৰীৰ চচলত চৰকাৰৰ নিৰ্ধাৰিত ধৰ্ণা স্থলীত ক্ষতিপূৰণসহ পুনৰ সংস্থাপনৰ দাবীত শতাধিক উচ্ছেদিতই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা উচ্ছেদিত লোকসকলে বিভিন্ন শ্ল’গান সম্বলিত বেনাৰ-পোষ্টাৰ প্ৰদৰ্শন কৰাৰ লগতে থলুৱাৰ ক্ষেত্ৰত চৰকাৰ কিয় গৰম আৰু পুঁজিপতিৰ ক্ষেত্ৰত কিয় নৰম বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ লগতে "মুখ্যমন্ত্ৰীৰ পত্নীলৈ শ শ বিঘা মাটি আৰু থলুৱালৈ এক কঠাও নাই কিয়", "আমাক পুনৰ সংস্থাপন দিব নোৱাৰিলে আমাৰ ঘৰ ভেঁটি ঘূৰাই দিয়ক", "পুঁজিপতিক শ শ বিঘা মাটি দিয়া চৰকাৰে কিয় আমাক একঠা মাটি দিব নোৱাৰে" আদি বিভিন্ন শ্ল’গানৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে উচ্ছেদিত লোকসকলে ৷

বুধবাৰে চচলত সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ শিলসাঁকোৰ পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেত্ৰী গায়ত্ৰী বৰি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক আকাশ দলেই কয় যে, জাতি-মাটি-ভেঁটিৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত গুৱাহাটীৰ শিলসাঁকোৰ পাৰত বসবাস কৰা থলুৱা লোকসকল উচ্ছেদ হ’বলগীয়া হ’ল ৷ কিন্তু বান মুক্ত গুৱাহাটীৰ শ্ল’গান দিয়া চৰকাৰখনৰ দিনত আজি শিলসাঁকোত পানী যোৱাত বাধা দি থকা পুঁজিপতিসকলৰ গগনচুম্বী অট্টালিকাত চৰকাৰী উচ্ছেদ অভিযানে ঢুকি পোৱা নাই কিয় বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

উল্লেখ্য যে, বানমুক্ত গুৱাহাটী গঢ়াৰ লক্ষ্যৰে চৰকাৰ তথা প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল শিলসাঁকোৰ পাৰত ৷ এই উচ্ছেদ প্ৰতিৰোধ কৰিবলৈ লগতে উচ্ছেদিতসকলক ক্ষতিপূৰণ দিয়াৰ দাবীত দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে উচ্ছেদিত ৰাইজে ৷ কিছুদিন পূৰ্বে শিলসাঁকোৰ উচ্ছেদৰ বিৰুদ্ধে অৰ্ধ উলংগ প্ৰতিবাদো সাব্যস্ত কৰিছিল উচ্ছেদিত একাংশ মহিলাই ৷ কিন্তু এতিয়াও উচ্ছেদিত ৰাইজৰ দাবীৰ প্ৰতি চৰকাৰে মনোযোগ দিয়া পৰিলক্ষিত হোৱা নাই ৷

লগতে পঢ়ক : Protest in Morigaon : মধ্যাহ্ন ভোজন ৰন্ধনকৰ্মীৰ প্ৰতিবাদত উত্তাল মৰিগাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.