ETV Bharat / state

Electricity contract workers protest: চাকৰি নিয়মীয়াকৰণৰ দাবীত চচলত বিদ্যুৎ কৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Feb 28, 2023, 7:37 AM IST

সোমবাৰে চচলত বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলে গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ চাকৰি নিয়মীয়াকৰণকে ধৰি কেইবাটাও দাবীৰে কৰ্মচাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৫ শতাধিক প্ৰতিবাদী কৰ্মচাৰীৰ অংশগ্ৰহণ (Electricity contract workers protest in Chachal)৷

Eletricity workers protest in Guwahati
গুৱাহাটীৰ চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

গুৱাহাটীৰ চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

গুৱাহাটী, 28 ফেব্ৰুৱাৰী : ন্যায্য প্ৰাপ্তিৰ দাবীত সোমবাৰে বিদ্যুৎ বিভাগৰ ৫ শতাধিক অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল হ’ল চচলৰ ধৰ্ণাস্থলী । Assam state outsource power workers union ৰ উদ্যোগত চচলত ৰূপায়ণ কৰা দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰ জৰিয়তে বিদ্যুৎ বিভাগত অস্থায়ীভাৱে নিয়োজিত হৈ থকা কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ, অসম চৰকাৰে ঘোষণা কৰা ৫০০০ পদত অস্থায়ী কৰ্মচাৰীসকলক অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা, কোনো বাছনি পৰীক্ষা নোলোৱাকৈ তথ্য-পাতিৰ সত্যাসত্য নিৰ্ণয়ৰ মাধ্যমেৰে অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা কৰা, নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত সমান কামৰ বাবে সম-মজুৰি প্ৰদানৰ ব্যৱস্থা কৰা, স্মার্ট মিটাৰ সংস্থাপন কৰাৰ লগতে সেই ঠাইত পূর্বে নিয়োজিত অস্থায়ী মিটাৰ ৰিডাৰসকলক সংস্থাপনৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী তোলে (Electricity workers protest in Guwahati)।

সোমবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ইউনিয়নৰ সন্থাৰ সাধাৰণ সম্পাদক ধনজিত কুমাৰ ৰায়ে কয় যে, অসমৰ শক্তি খণ্ডৰ উত্তৰ সুৰী তিনিওটা কোম্পানী ক্রমে APDCL, APGCL আৰু AEGCLৰ অস্থায়ী কৰ্মচাৰীৰ বৃহৎ যৌথ মঞ্চ হ’ল Assam state outsource power workers union ৷ এই ইউনিয়নে শক্তি খণ্ডত নিয়োজিত মিটাৰ ৰিডাৰ, বিল ক্লার্ক, সহায়ক, পিয়ন, চকীদাৰ, নৈশ চকীদাৰ, মালী, আই.বি. এটেণ্ডাৰ, কম্পিউটাৰ অপাৰেটৰ, গাড়ী চালক আৰু চাফাই কৰ্মী আদিকে ধৰি অস্থায়ী বিদ্যুৎ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীৰ সৈতে সন্থাৰ তৰফৰ পৰা দুবাৰকৈ আলোচনাত মিলিত হৈছিল বুলি জানিবলৈ দিয়ে (Assam state outsource power workers union protest) । এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে আশ্বাস প্ৰদান কৰিছিল ; কিন্তু আজি ছমাহ উকলি যোৱাৰ পিছতো চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত আক্ষেপ প্ৰকাশ কৰে নিজৰ প্ৰাপ্য বঞ্চিত কৰ্মচাৰীসকলে (Electricity contract workers protest in Guwahati) ।

সন্থাৰ নেতৃবৃন্দই লগতে জানিবলৈ দিয়ে যে, ৰাজ্যৰ শক্তি মন্ত্ৰী বিমল বৰাই বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মীৰ সমস্যাসমূহক লৈ অতি শীঘ্ৰে ত্ৰিপাক্ষিক বৈঠকৰ ব্যৱস্থা কৰা হব বুলি আশ্বাস প্ৰদান কৰিছিল যদিও সেয়াও আজিলৈ হৈ নুঠিল (Power minister Bimal Bora) । তেনে পৰিপ্ৰেক্ষিতত শক্তি খণ্ডৰ অসহায় আৰু শোষণৰ বলি হোৱা ৫০০০ অস্থায়ী কৰ্মচাৰীৰ মৰ্ম বেদনা তথা অন্ধকাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি Assam state outsource power workers union ৰ উদ্যোগত সমগ্ৰ অসমৰ ১৯ টাকৈ বৈদ্যুতিক উদ্যোগ চক্ৰৰ অস্থায়ী কৰ্মচাৰীয়ে গুৱাহাটীৰ চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হয় ।

সময় থাকোতে যদি চৰকাৰে বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে এইসকল ন্যায় বঞ্চিত কৰ্মচাৰীয়ে অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব বুলি চৰকাৰক সকিয়াই দিয়ে ।

লগতে পঢ়ক : Rowta Police Encounter update: আৰক্ষীয়ে গুলীয়ালে কাক, মৰিল কোন ? চাতুৰী কৰিলে কোনে ?

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.