ETV Bharat / state

Rowta Police Encounter update: আৰক্ষীয়ে গুলীয়ালে কাক, মৰিল কোন ? চাতুৰী কৰিলে কোনে ?

author img

By

Published : Feb 27, 2023, 11:00 PM IST

Rowta Police Encounter update
ওদালগুৰিৰ দৈফাঙত সংঘটিত এনকাউন্টাৰ

অধিক ৰহস্যৰ মাজত সোমাই পৰিছে ওদালগুৰি জিলাৰ দৈফাঙত সংঘটিত এনকাউন্টাৰৰ ঘটনা ৷ কেনাৰামৰ পৰিৱৰ্তে ওলাল ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহ ৷ আৰক্ষীৰ চকুত ধূলি দি ক’ত অন্তৰ্ধান হ’ল দুৰ্ধৰ্ষ ডকাইত কেনাৰাম (Police encounter in Udalguri) ৷

ওদালগুৰি, 27 ফেব্ৰুৱাৰী: ওদালগুৰি জিলাৰ দৈফাঙত সংঘটিত হোৱা এনকাউন্টাৰৰ ঘটনাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া (Police encounter in Udalguri) ৷ যোৱা 24 ফেব্ৰুৱাৰীত সংঘটিত হোৱা এই এনকাউন্টাৰৰ ঘটনাত কেনাৰাম নামৰ এটা দুৰ্ধৰ্ষ ডকাইত নিহত হোৱা বুলি আৰক্ষীয়ে দাবী কৰিছিল (Assam police encounter)৷ এই ঘটনাত আৰক্ষী উপ-পৰিদৰ্শক হীৰাজ্যোতি পেগু আৰু কনিষ্টবল সুকুমাৰ বৰ্মনো ডকাইতৰ গুলীত আঘাতপ্ৰাপ্ত হয় ৷ কিন্তু দিনে দিনে এই ঘটনাই অন্য মোৰ লোৱা পৰিলক্ষিত হয় ৷

এনকাউন্টাৰত নিহত হোৱা লোকজন সঁচাকৈয়ে ডকাইত কেনাৰাম আছিল নে ? নে তেওঁ আছিল কোনো অন্য ব্যক্তি ? ইয়াকে লৈ এতিয়া দোধোৰ-মোধোৰত পৰিছে আৰক্ষীও ৷ কিয়নো ডিম্বেশ্বৰ মুছাহাৰী নামৰ এজন ব্যক্তিৰ পৰিয়ালে দাবী কৰা মতে, আৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা লোকজন নাছিল কেনাৰাম বড়ো ৷ তেওঁ আছিল ডিম্বেশ্বৰ মুছাহাৰী ৷

পাঁচ নৈৰ পাৰত পুতি থোৱা মৃতদেহটো খান্দি উলিয়াই পুনৰ পৰীক্ষা কৰাৰ দাবী তোলে ডিম্বেশ্বৰ বড়োৰ পৰিয়ালে (Confusion in Rowta Police Encounter case) ৷ কেনাৰাম বড়োৰ পৰিয়ালেও দাবী কৰিছে যে, সেই মৃতদেহটো কেনাৰামৰে আছিল ৷ অৱশ্যে যদি চিনাক্তকৰণত ভুল হৈছে, তেন্তে মৃতদেহ চমজাই দিয়াত আপত্তি নাই বুলিও কেনাৰামৰ পৰিয়ালে সদৰী কৰে ৷

শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য ৷ সোমবাৰে আৰক্ষী, প্ৰশাসনিক বিষয়া আৰু দণ্ডাধীশৰ উপস্থিতিত খান্দি উলিওৱা হয় পাঁচ নৈৰ পাৰত পুতি থোৱা মৃতদেহটো ৷ সেই সময়ত কেনাৰাম আৰু ডিম্বেশ্বৰ দুয়োৰে পৰিয়ালৰ লোকো সেই স্থানত উপস্থিত আছিল ৷ ডিম্বেশ্বৰ মুছাহাৰীৰ ককায়েকে সেই মৃতদেহটো ডিম্বেশ্বৰৰ বুলি চিনাক্ত কৰা ঘটনাটো অধিক ৰহস্যঘন হৈ পৰিছে ৷

এইখিনিতে উল্লেখ কৰিব লাগিব যে, যিদিনা এই এনকাউন্টাৰ সংঘটিত হৈছিল, সেইদিনা মৃতদেহ চিনাক্তকৰণৰ বাবে আৰক্ষীয়ে কেনাৰামৰ পৰিয়ালক মাতি আনিছিল ৷ আৰক্ষীৰ আগত পৰিয়ালে সেয়া কেনাৰামৰ মৃতদেহ বুলি সদৰী কৰে ৷ তাৰ পাচতেই আৰক্ষীয়ে ডকাইত কেনাৰাম বড়ো আৰক্ষীৰ গুলীত নিহত হোৱা বুলি নিশ্চিত কৰে ৷

কিন্তু ইয়াৰ মাজতে এক প্ৰশ্ন উত্থাপন হয় যে, কেনাৰামৰ পৰিয়ালে আৰক্ষীৰ আগত মিছা মাতিছিল নেকি ? ডকাইত কেনাৰামক বচাবলৈ ডিম্বেশ্বৰকে কেনাৰাম সজাইছিল নেকি পৰিয়ালে ? যদি সেই মৃতদেহটো ডিম্বেশ্বৰৰেই আছিল তেন্তে আৰক্ষীয়ে কিয় দাবী কৰিছিল কেনাৰামৰ বুলি ? ডিম্বেশ্বৰক ভুলকৈ গুলীয়াই হত্যা কৰা হ’ল নেকি ?

আৰক্ষীৰ চকুত ধূলি দি কেনাৰাম বাচি গ’ল নেকি ? ক’লৈ গ’ল কেনাৰাম ? এই হত্যাৰ দায়িত্ব এতিয়া কোনে ল’ব ? ইত্যাদি অলেখ প্ৰশ্ন উত্থাপন হৈছে এই ঘটনাক লৈ ৷ কিন্তু আৰক্ষী আৰু প্ৰশাসনৰ তৰফৰ পৰা বৰ্তমানেও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ ইয়াৰ মাজতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনা সন্দৰ্ভত উপযুক্ত তদন্তৰ নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক ৷ চি আই ডি আৰু দণ্ডাধীশক দুটা পৰ্যায়ত এই সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ লগতে দুসপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ৷

লগতে পঢ়ক: Rowta Police Encounter : আৰক্ষীয়ে গুলীয়ালে কাক; ডিম্বেশ্বৰ নে কেনাৰামক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.