ETV Bharat / state

বিজেপিত যোগদান কংগ্ৰেছ আৰু বি পি এফৰ জ্যেষ্ঠ নেতাৰ

author img

By

Published : Sep 14, 2020, 4:10 PM IST

প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কংগ্ৰেছ আৰু বি পি এফ দলৰ 8 গৰাকী নেতা ৷ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসৰ আদৰণি ৷

Eight Congress And BPF leaders to join BJP
বিজেপিত যোগদান কংগ্ৰেছ আৰু বি পি এফৰ জ্যেষ্ঠ নেতাৰ

গুৱাহাটী, 14 ছেপ্টেম্বৰ : নিৰ্বাচনৰ দিন যিমানে চমু চাপিছে সিমানে বিভিন্ন নেতাকৰ্মীয়ে ৰাজনৈতিক দল সলনি কৰাৰ উজান উটিছে ৷ সোমবাৰে পুনৰ কংগ্ৰেছ আৰু বি পি এফ দলৰ 8 গৰাকী নেতাই বিজেপিত যোগদান কৰিছে । প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে নেতা কেইগৰাকীয়ে ৷

বিজেপিত যোগদান কংগ্ৰেছ আৰু বি পি এফৰ জ্যেষ্ঠ নেতাৰ

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাস আৰু দলৰ সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই দলটোত যোগদান কৰা সকলক আদৰণি জনায় । ইফালে, বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰা সকলৰ ভিতৰত অন্যতম হৈছে সুদীৰ্ঘ সময়জুৰি প্ৰদেশ কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বত থকা হেমন্ত নেওগ ।

আনহাতে,নৱাগত সকলক আদৰণি জনাই সভাপতি ৰঞ্জিৎ দাসে কয় যে,বৰ্তমান ৰাজ্যত 14 লক্ষাধিক বিজেপিৰ সদস্য সক্ৰিয় হৈ আছে ।

লগতে পঢ়ক : কেৱল ভোটবেংকৰ বাবেই চাহ শ্ৰমিক সকলক ব্যৱহাৰ কৰি আহিছে চৰকাৰে'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.