ETV Bharat / state

Academic Calendars for Schools: বিদ্যালয়ৰ বাবে তিনিখনকৈ শৈক্ষিক দিনপঞ্জী শিক্ষা বিভাগৰ

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 9:44 PM IST

Academic Calendars for Schools
নিয়মাৱলী জাৰি বিদ্যালয় শিক্ষা বিভাগৰ

গুণগত শিক্ষাৰ লক্ষ্যৰে নিয়মাৱলী জাৰি বিদ্যালয় শিক্ষা বিভাগৰ । মানি চলিব লাগিব ৩ খন শৈক্ষিক দিনপঞ্জী । পুৱা ৯ বজাত বন্ধ হ’ব বিদ্যালয়ৰ গেট । শিক্ষক আৰু শিক্ষাৰ্থীয়ে মানি চলিব লাগিব নিয়মাৱলী । বিদ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰিব দেৰিকৈ অহা ছাত্ৰ-ছাত্ৰীয়ে । অভিভাৱকসকলক সক্রিয়ভাৱে বিদ্যালয়ৰ লগত জড়িত ৰাখিব লাগিব ।

গুৱাহাটী, ১ অক্টোবৰ: ৰাজ্যৰ সকলো চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ বাবে শিক্ষা বিভাগে জাৰি কৰিছে তিনিখনকৈ শৈক্ষিক দিনপঞ্জী ৷ বিদ্যালয়সমূহে মানি চলিব লাগিব এই শৈক্ষিক দিনপঞ্জী ৷ উল্লেখ্য যে চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ত গুণগত শিক্ষা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে 'ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০'ৰ আধাৰত বিদ্যালয়ৰ নিয়মাৱলী প্ৰকাশ কৰিছে ৷ অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে প্ৰকাশ কৰা এই বিদ্যালয় নিয়মাৱলী অনুসৰি জীৱনৰ বাবে প্ৰয়োজনীয় অনুশাসন বিদ্যালয়তে আৰম্ভ হ’ব লাগে ৷ সেয়েহে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত অনুশাসন আৰু কঠোৰ নীতি-নিয়মৰ প্ৰচলন কৰা আৰু তাক মানি চলাটো জৰুৰী হৈ পৰিছে ৷

লক্ষণীয়ভাৱে ইয়াৰ ওপৰত গুণোৎসৱ, শিক্ষক আৰু অনাশিক্ষকৰ পদোন্নতি, কৰ্ম জীৱনৰ বিকাশ আৰু ছাত্ৰ-ছাত্ৰীৰ আভ্যন্তৰীণ মূল্যায়ন নিৰ্ভৰ কৰিব ৷ বিদ্যালয় নিয়মাৱলী অনুসৰি অসমৰ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়সমূহে তিনিখন শৈক্ষিক দিনপঞ্জী মানি চলিব লাগিব ৷ ইয়াৰ ভিতৰত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে প্ৰস্তুত কৰা শৈক্ষিক দিনপঞ্জী, নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ছেবাই প্ৰস্তুত কৰা আৰু একাদশ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈকে শিক্ষা সংসদে প্ৰস্তুত কৰা শৈক্ষিক দিনপঞ্জী মানি চলিব লাগিব ৷ আনহাতে বিদ্যালয়সমূহে নামভৰ্তি আৰু উপস্থিতিৰ বাবে পঞ্জীয়ন বহী বজাই ৰখাটো বাঞ্ছনীয় হ'ব ৷

কোনো ছাত্রই যদি বিদ্যালয়ত এসপ্তাহৰ অধিক দিন উপস্থিত নাথাকে তেন্তে শ্রেণী শিক্ষকে ঊর্ধ্বতন কর্তৃপক্ষক এই বিষয়ে জনাব লাগিব ৷ লগতে এই বিষয়ে অভিভাৱকৰ লগত কথা পাতিব লাগিব ৷ আনহাতে সঠিক সময়ত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত উপস্থিত থাকিব লাগিব ৷ পুৱা ৯ বজাত বিদ্যালয়ৰ প্ৰধান দুৱাৰ বন্ধ কৰি দিব লাগিব ৷ দেৰিকৈ অহা ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ত প্ৰৱেশ কৰিবলৈ দিব নোৱাৰিব ৷ শিক্ষক, ছাত্র-ছাত্রীসকলে বিদ্যালয়ৰ নিয়ম মানি চলিব লাগিব ৷

সেইদৰে দেৰিকৈ বিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীৰ তথ্য বিদ্যালয়সমূহে মজুত ৰাখিব লাগিব ৷ সকলো শ্রেণী নিৰ্ধাৰিত সময়ত আৰম্ভ কৰিব লাগিব আৰু সমাপ্ত কৰিব লাগিব ৷ বিদ্যালয় চৌহদ পৰিষ্কাৰ ৰখাৰ উপৰিও সেউজীয়া কৰি ৰাখিব লাগিব ৷ লাইট, ফেন, পানীৰ টেপ ব্যৱহাৰ কৰাৰ পিচত বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগিব ৷ বিদ্যালয় পৰিচালনা সমিতিয়ে বিদ্যালয়ৰ বাৰ্ষিক কাৰ্য পৰিকল্পনা প্রস্তুত কৰিব ৷ সকলো চৰকাৰী বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এটা সংগঠন থাকিব লাগিব ৷ যিয়ে বিদ্যালয়ৰ সমগ্ৰ উন্নয়নৰ লগত জড়িত থাকিব ৷

অভিভাৱকসকলক সক্রিয়ভাৱে বিদ্যালয়ৰ লগত জড়িত ৰাখিব লাগিব ৷ শ্রেণী শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ যাব লাগিব ৷ শিক্ষকসকলে ছাত্র-ছাত্রীক গৃহকার্য প্ৰদান কৰিব লাগিব ৷ দ্বিতীয় শ্রেণীলৈকে ছাত্র-ছাত্ৰীক কোনোধৰণৰ গৃহকার্য দিব নোৱাৰিব ৷ ছাত্ৰ-ছাত্ৰীয়ে গৃহকাৰ্য নকৰিলে শিক্ষকে অভিভাৱকক জনাব লাগিব ৷ বিদ্যালয়ত ৰেগিং, মানসিক অত্যাচাৰ, দুৰ্ব্যৱহাৰ, বেয়া ভাষাৰ প্ৰয়োগ অথবা হিংস্ৰ ব্যৱহাৰ কঠোৰভাৱে বন্ধ কৰিব লাগিব ৷ এনেবোৰ অনুশাসনমূলক কঠোৰ নিয়মৰ মাজেৰে শিক্ষা বিভাগে জাৰি কৰিছে শৈক্ষিক দিনপঞ্জী ৷

লগতে পঢ়ক : Assam Book Fair 2023: হাফলঙত অসম গ্ৰন্থমেলাৰ উদ্বোধন কৰিলে নন্দিতা গাৰ্লোচাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.