ETV Bharat / state

Constituency Delimitation: শুনানি গ্ৰহণৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে ১৯ জুলাইত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল

author img

By

Published : Jul 13, 2023, 10:15 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ দলটোৱে কেইবাটাও পৰ্যায়ত জিলা ভিত্তিত শুনানি গ্ৰহণ কৰিব । মুখামুখি হ’ব ৰাজনৈতিক দল সমূহৰ সৈতে । নিৰ্বাচন আয়োগে প্রকাশ কৰা খচৰা সন্দৰ্ভত পৰামৰ্শ তথা ওজৰ-আপত্তি দিয়াৰ বাবে ১১ জুলাইলৈকে সময়সীমা নিৰ্ধাৰণ কৰি দিছিল । নিৰ্দ্দিষ্ট সময়সীমাৰ ভিতৰত ৫০০ পৰামৰ্শ আৰু ওজৰ-আপত্তি লাভ কৰিছে নিৰ্বাচন আয়োগে । শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত গ্ৰহণ কৰা হ’ব শুনানি ।

delimitation exercise
অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল

গুৱাহাটী, ১৩ জুলাই : অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে । ইয়াৰ মাজতে নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ বাবে শুনানি গ্ৰহণৰ উদ্দেশ্যে ১৯ জুলাইত অসমলৈ আহিব । তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিবলগীয়া নিৰ্বাচন আয়োগৰ দলটোৱে কেইবাটাও পৰ্যায়ত জিলা ভিত্তিত শুনানি গ্ৰহণ কৰিব ।

delimitation exercise
অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল

উল্লেখ্য যে, নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা ২০ জুনত প্ৰকাশ কৰিছিল । আনহাতে নিৰ্বাচন আয়োগে প্রকাশ কৰা খচৰা সন্দৰ্ভত পৰামৰ্শ তথা ওজৰ-আপত্তি দিয়াৰ বাবে ১১ জুলাইৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল । ইতিমধ্যে সেই সময়সীমা উকলি গৈছে । নিৰ্বাচন আয়োগে জনোৱা মতে তেওঁলোকে ইতিমধ্যে নিৰ্দ্দিষ্ট সময়সীমাৰ ভিতৰত ৫০০ পৰামৰ্শ আৰু ওজৰ-আপত্তি লাভ কৰিছে । সেই পৰামৰ্শ আৰু ওজৰ-আপত্তি সমূহৰ ভিত্তিত নিৰ্বাচন আয়োগৰ দলে ১৯ জুলাইৰ পৰা ২১ জুলাইলৈ সংশ্লিষ্ট পক্ষৰ শুনানি গ্ৰহণ কৰিব ।

গুৱাহাটীৰ কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই শুনানি গ্ৰহণ কৰা হ’ব । ১৯ জুলাইৰ বিয়লি ৩ বজাত কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ শুনানি গ্ৰহণ কৰা হ’ব । আনহাতে ২০ জুলাইৰ পুৱা ৯.৩০ বজাৰ পৰা ১২ বজালৈ ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ জিলাৰ শুনানি গ্ৰহণ কৰা হ’ব । দুপৰীয়া ১২ বজাৰ পৰা দিনৰ ২ বজালৈ কামৰূপ, কামৰূপ মহানগৰ, নগাঁও, শোণিতপুৰ, মৰিগাঁও আৰু দৰং জিলাৰ শুনানি গ্ৰহণ কৰিব নিৰ্বাচন আয়োগৰ দলে । সেইদিনাই বিয়লি ৩.৩০ বজাৰ পৰা ৰাজনৈতিক দল সমূহৰে সৈতে মুখামুখি হৈ তেওঁলোকৰ অভাৱ-অভিযোগ তথা পৰামৰ্শসমূহ শুনিব নিৰ্বাচন আয়োগৰ দলে ।

২১ জুলাইৰ পুৱা ৯.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজী, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, চৰাইদেউ, গোৱালপাৰা আৰু মাজুলী জিলাৰ শুনানি গ্ৰহণ কৰা হ’ব । নিৰ্বাচন আয়োগে সংশ্লিষ্ট পক্ষক শুনানি দিনা নিৰ্দ্দিষ্ট সময়ত উপস্থিত থকাৰ বাবে আহ্বান জনাইছে । তিনিদিনত নিৰ্বাচন আয়োগৰ দলটোৱে খচৰাখনৰ সন্দৰ্ভত সকলোৰে পৰামৰ্শ তথা ওজৰ-আপত্তিসমূহ গ্ৰহণ কৰিব ।

বিভিন্ন দল-সংগঠন তথা ৰাইজৰ শুনানি গ্ৰহণৰ পাচতেই নিৰ্বাচন আয়োগে অতি ক্ষীপ্ৰতাৰে চূড়ান্ত কৰিব পুনৰ নিৰ্ধাৰিত সমষ্টিৰ তালিকা । লক্ষণীয় বিষয় যে সমগ্ৰ দেশত ২০২৬ চনত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ’ব যদিও অসমত সেই সময়ত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা নহয় । জানিব পৰা মতে সম্প্রতি যি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ’ব উক্ত সমষ্টিৰেই অনাগত দুটা দশকলৈ ৰাজ্যত নির্বাচন অনুষ্ঠিত হৈ থকাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : Constituency Delimitation 2023: ভৱিষ্যতে সমষ্টি পুনৰ নিৰ্ধাৰণ 1991 চনৰ লোকপিয়লৰ ভিত্তিত কৰাৰ পোষকতা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.