ETV Bharat / state

বিজেপিৰ পৰা এক কোটি টকা লোৱাৰ অভিযোগ কংগ্ৰেছৰ কোন নেতাৰ বিৰুদ্ধে ?

author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 12:08 PM IST

Dulu Ahmed on Rokibul Hussain : ডিমা হাচাওৰ নিৰ্বাচনত নিজৰ দলৰ প্ৰাৰ্থীক লুকুৱাই তুর্কী ভ্ৰমণৰ সম্পূৰ্ণ খৰছ ল’লে কোনে কংগ্ৰেছী নেতাই ? সবিশেষ এই প্ৰতিবেদনত ৷

Dima hasao election
ৰকিবুল হুছেইনক কটাক্ষ দুলু আহমেদ

গুৱাহাটী, 31 ডিচেম্বৰ : কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাই ডিমা হাচাওৰ নিৰ্বাচনৰ নামত দুই কোটি টকা লৈছে বিজেপিৰ পৰা । লগতে লৈছে শেহতীয়া তুৰ্কী ভ্ৰমণৰ সম্পূৰ্ণ খৰচ ৷ তেওঁ একালৰ প্ৰতাপী মন্ত্ৰী আছিল । বৰ্তমান তেওঁ কংগ্ৰেছৰ বিধায়ক তথা ৰাজ্যিক উপসভাপতি ৷ কংগ্ৰেছ নেতা তথা বিধায়ক ৰকিবুল হুছেইনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ তুলিছে অসম জাতীয় পৰিষদৰ নেতা তথা একালৰ ৰকিবুল হুছেইনৰ দলীয় সতীৰ্থ দুলু আহমেদে ৷

শেহতীয়াকৈ ডিমা হাচাওত অনুষ্ঠিত হ’বলগীয়া পৰিষদীয় নিৰ্বাচনত বাৰুকৈয়ে শ’লঠেকত পৰিছে কংগ্ৰেছ দল ৷ সন্মুখীন হ’বলগীয়া হৈছে বিপৰ্যয়ৰ ৷ নিৰ্বাচনৰ আগতেই পৰিছে ৰণত ৷ 4 জনকৈ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ উঠাই লৈ সন্ধানহীন হৈ পৰিল ৷ যিটো কথাত তোলপাৰ লাগিছিল ৰাজ্যৰ ৰাজনীতি । তেতিয়াই এক প্ৰকাৰ নিশ্চিত হৈ পৰিছিল ডিমা হাচাওত বিজেপিৰ জয়যাত্ৰাৰ কথা ৷ এতিয়া এই ঘটনাৰ সৈতে ৰকিবুল হুছেইনৰ নাম সাঙুৰি অভিযোগ তুলিছে দুলু আহমেদে ৷

Dima hasao election
দুলু আহমেদৰ ফেচবুক পোষ্ট

দুলু আহমেদে সামাজিক মাধ্যমযোগে ৰকিবুল হুছেইনৰ বিৰুদ্ধে অভিযোগ তুলিছে, “নিজৰ দলৰ টিকট বিক্ৰী কৰি শেষ মুহূৰ্তত দলীয় প্ৰাৰ্থীৰ দ্বাৰা মনোনয়ন উঠাই লৈ বিজেপি প্ৰাৰ্থীক বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভৰ বাট মুকলি কৰি দি নিৰ্বাচনী প্ৰচাৰৰ পৰা সম্পূৰ্ণ আঁতৰি থাকি বিদেশ ভ্ৰমণ কৰা এগৰাকী কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ জঘন্য কৰ্ম ।”

দুলু আহমেদে অভিযোগ উত্থাপন কৰিছে, “ ডিমা হাচাওৰ 4 গৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, টিকট লোৱাৰ সময়ত বিজেপিৰ পৰা অহা 2 কোটিৰ প্ৰায় 1 কোটি ৰকিবুল হুছেইনে লৈছিল আৰু লগতে তুর্কী ভ্ৰমণৰ সম্পূৰ্ণ খৰচ ।”

এয়া সৰু অভিযোগ নহয় ৷ গুৰুতৰ অভিযোগ ৷ অৱশ্যে ইয়াৰ সমৰ্থনত দুলু আহমেদে কোনো প্ৰমাণ বা তথ্য দিয়া নাই ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৷ কংগ্ৰেছত থকা দিনৰে পৰা ৰকিবুল হুছেইন আৰু দুলু আহেমদৰ ৰাজনৈতিক শত্ৰুতা সৰ্বজনবিদিত আছিল ৷

আনকি ৰকিবুল হুছেইনৰে থকা শত্ৰুতাৰ বাবেই দুলু আহমেদে কংগ্ৰেছ দল এৰিবলৈ বাধ্য হৈছিল আহমেদে ৷ এতিয়া দুলু আহমেদৰ এই গুৰুতৰ অভিযোগৰ উত্তৰ কি দৰে ৰকিবুল হুছেইনে দিয়ে সেয়াও হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক : ধাৰাপুৰত শিল ভৰ্তি ডাম্পাৰৰ খুন্দাত নিহত সংবাদকৰ্মী পাৰ্থ প্ৰতীম দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.