ETV Bharat / state

গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

author img

By

Published : Jun 11, 2021, 9:12 PM IST

drugs recover
গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

বৃহস্পতিবাৰে চানমাৰি থানা এলেকাৰ পূব শৰণীয়াত অপৰাধ শাখা আৰু স্থানীয় আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত ড্রাগছবিৰােধী অভিযান চলায় । আৰক্ষীয়ে অভিযানকালত প্রায় ১৫ গ্রাম ব্রাউন ছুগাৰ জব্দ কৰাৰ লগতে ড্ৰাগছ মাফিয়া নৱজ্যোতিৰ আন পাঁচজন সহযােগীক বিচাৰি আৰক্ষীয়ে ইতিমধ্যে জোৰদাৰ অভিযান আৰম্ভ কৰিছে । আনহাতে, বশিষ্ঠ আৰক্ষীৰ জালত পৰে আনােৱাৰ ওৰফে আনাৰ আলী আৰু ৰাহুল দাস নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰী ।

গুৱাহাটী, ১১ জুন : ড্ৰাগছকে আদি কৰি অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা গুৱাহাটী আৰক্ষীয়ে দৈনিক বহু পৰিমাণে ড্ৰাগছ(Drugs) জব্দ কৰিবলৈ সক্ষম হৈছে। বৃহস্পতিবাৰে চানমাৰি থানা এলেকাৰ পূব শৰণীয়াত অপৰাধ শাখা আৰু স্থানীয় আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত ড্রাগছবিৰােধী অভিযান চলায় ।

পূব শৰণীয়া, গান্ধীবস্তিৰ ওচৰে পাজৰে থকা উপ-পথ, ৰেলপথৰ দাঁতিত নিয়মীয়াকৈ ড্রাগছ সেৱনকাৰীৰ গেজিং হিচাপে পৰিগণিত অঞ্চলত আৰক্ষীয়ে ড্ৰাগছ মাফিয়া নৱজ্যোতি দাসৰ ভাড়াঘৰত তালাচী চলায় । আৰক্ষীয়ে অভিযানকালত প্রায় ১৫ গ্রাম ব্রাউন ছুগাৰ জব্দ কৰাৰ লগতে ড্ৰাগছ মাফিয়া নৱজ্যোতিৰ আন পাঁচজন সহযােগীক বিচাৰি আৰক্ষীয়ে ইতিমধ্যে জোৰদাৰ অভিযান আৰম্ভ কৰিছে ।

drugs recover
গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

আনহাতে, বৃহস্পতিবাৰে মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত পৰে আনােৱাৰ ওৰফে আনাৰ আলী আৰু ৰাহুল দাস নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰী । খবৰ অনুসৰি দীর্ঘদিনৰ পৰা বশিষ্ঠ, পাতৰকুছি, গড়চুক, লখৰা আদিকে ধৰি বহু অঞ্চলত ধৃত দুই সৰবৰাহকাৰীয়ে চলাই আহিছিল ড্রাগছৰ বেহা ।

গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত পুৱতি নিশা বশিষ্ঠৰ হেলিপেডৰ সমীপত ড্ৰাগছৰ বেহাত জড়িত থকাৰ অভিযােগত দুয়োকে বশিষ্ঠ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে । আৰক্ষীৰ তৰফৰ পৰা জানিব পৰা মতে উক্ত অঞ্চলত ভাড়াতীয়া হিচাপে থকা সৰবাৰহকাৰী দুটাৰ জিম্মাৰ পৰা আৰক্ষীয়ে ৫০ টা ড্রাগছভর্তি কন্টেইনাৰ জব্দ কৰিছে ।

লগতে পঢ়ক:বৰহোলা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.