ETV Bharat / state

শান্তি সম্প্ৰীতিৰে পূজা অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনৰ নীতি-নিৰ্দেশনা

author img

By

Published : Sep 19, 2022, 10:37 PM IST

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি (Durga Puja is coming) ৷ এই সকলোবোৰৰ মাজতে মহানগৰীত যাতে শান্তি সম্প্ৰীতিৰে দুৰ্গা পূজা অনুষ্ঠিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে কিছু নীতি-নিৰ্দেশনা ৷

District administration issued guidelines of upcoming Durga Puja in Guwahati
মহানগৰীত শান্তি সম্প্ৰীতিৰে দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে জাৰি কৰিছে নীতি-নিৰ্দেশনা

গুৱাহাটী, ১৯ ছেপ্টেম্বৰ: সমাগত দুৰ্গোৎসৱ (Durga Puja is coming) ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি ৷ দুৰ্গা দেৱীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ লগতে দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে উদযাপন সমিতিসমূহো ৷ এই সকলোবোৰৰ মাজতে মহানগৰীত যাতে শান্তি সম্প্ৰীতিৰে দুৰ্গা পূজা অনুষ্ঠিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে কিছু নীতি-নিৰ্দেশনা ৷

কামৰূপ মহানগৰ জিলা প্ৰশাসনে আজি জিলাৰ পূজাসমিতিৰ বিষয়-ববীয়াসকলৰ লগত গুৱাহাটী জিলা পুথিভঁড়ালত এখন সভা অনুষ্ঠিত কৰে । এই সভাত পূজা অনুষ্ঠিত কৰিবলৈ অনুমতি লোৱাৰ পৰা বিসৰ্জনলৈকে বিভিন্ন বিষয়ে সবিস্তাৰে আলোচনা কৰা হয় (Guidelines for Durga Puja celebration in Guwahati)।

মহানগৰীত শান্তি সম্প্ৰীতিৰে দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে জাৰি কৰিছে নীতি-নিৰ্দেশনা

অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাসে সভাপতিত্ব কৰা এই সভাত অতিৰিক্ত উপায়ুক্ত ড৹ ধ্ৰুৱজ্যোতি হাজৰিকাই জিলা প্ৰশাসনৰ হৈ জনায় যে, প্ৰত্যেকখন পূজা সমিতিয়ে স্থানীয় আৰক্ষী থানাৰ পৰা অনুমতি লৈহে পূজা অনুষ্ঠিত কৰিব পাৰিব । পথ বন্ধ কৰি জনসাধাৰণৰ অসুবিধাৰ সৃষ্টি কৰি কোনো ঠাইতে পূজা অনুষ্ঠিত কৰিব নোৱাৰিব । পূজা পেণ্ডেলত পেট্ৰল, ডিজেল, কেৰাচিন আদি কোনো দাহ্য সামগ্ৰী ৰাখিব নোৱাৰিব । পূজাত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা থাকিব লাগিব । শব্দ প্ৰদূষণ নকৰাকৈ মাইক ব্যৱহাৰ কৰিবলৈ পূজা সমিতিক আহ্বান জনাই প্ৰশাসনে (District administration issued guidelines of Durga Puja) ।

তেওঁ লগতে জনায় যে, জাৱৰ-জোথৰ নিষ্কাশনৰ ক্ষেত্ৰত পূজা সমিতিয়ে নিজাববীয়াকৈ ল’ব লাগিব ব্যৱস্থা । তাৰ বাবে বেচৰকাৰী প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় অতিৰিক্ত উপায়ুক্তগৰাকীয়ে । আনহাতে খোৱা পানীৰ ক্ষেত্ৰতো উপযুক্ত ব্যৱস্থা ল’বলৈ পূজা সমিতিসমূহক আহ্বান জনায় । জনসাধাৰণৰ সুবিধাৰ্থে অগ্নি নিৰ্বাপন, আৰক্ষী থানা আদিৰ ফোন নম্বৰ লগতে পূজাসমিতিৰ বিষয়-ববীয়াসকলৰ ফোন নম্বৰ জনসাধাৰণে দেখা পোৱাকৈ পেণ্ডেলত আৰি থোৱাৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা পূজা সমিতিক আহ্বান জনোৱা হয় ।

আনহাতে, পূজাত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত স্থান, কাল, মান ৰাখিহে অনুষ্ঠান পৰিবেশন কৰাৰ ব্যৱস্থা ল'বলৈ জিলা প্ৰশাসনৰ হৈ পূজা সমিতিক আহ্বান জনায় অতিৰিক্ত উপায়ুক্তগৰাকীয়ে । লগতে ধৰ্মীয় অনুভূতিক সন্মান জনায়হে পূজা অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় ৷

ইফালে বিসৰ্জনৰ ক্ষেত্ৰত জিলাখনৰ আন আন স্থানৰ লগতে আগৰ দৰেই এইবাৰো পাণ্ডু ঘাটত ব্যৱস্থা লোৱা হ’ব বুলি জনায় অতিৰিক্ত উপায়ুক্তগৰাকীয়ে । প্ৰত্যেকখন পূজা সমিতিক জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ‘ফাষ্ট এইড’ৰ ব্যৱস্থা ৰাখিবলৈ জিলা স্বাস্থ্য বিভাগৰ ফালৰ পৰা আহ্বান জনোৱা হয় ।

এই সভাত উপস্থিত থাকে সহকাৰী পৰিবহণ আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা পৰিবহণ বিষয়া গৌতম দাস ৷ তেওঁ পথ সুৰক্ষা নীতি মানি পূজা উদযাপন কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: এইবাৰ মৰাণত প্লাষ্টিক মুক্তভাৱে হ'ব দুৰ্গা পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.