এইবাৰ মৰাণত প্লাষ্টিক মুক্তভাৱে হ'ব দুৰ্গা পূজা

author img

By

Published : Sep 10, 2022, 10:46 PM IST

No plastic at Durga Puja pandals this year at Moran

সমাগত দুৰ্গা পূজা ৷ দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ উদযাপন সমিতিসমূহ সাজু হোৱাৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলা প্ৰশাসনো সাজু হৈছে শান্তিপূৰ্ণভাৱে পূজা অনুষ্ঠিত কৰাৰ বাবে ৷ এইবাৰ ব্যতিক্ৰমীধৰণে মৰাণৰ দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ প্ৰয়াস (No plastic at Durga Puja pandals this year) ৷

মৰাণ, 10 ছেপ্তেম্বৰ: সমাগত দুৰ্গা পূজা ৷ ইতিমধ্যে পূজাকলৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি ৷ দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ উদযাপন সমিতিসমূহ সাজু হোৱাৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলা প্ৰশাসনো সাজু হৈছে শান্তিপূৰ্ণভাৱে পূজাভাগ অনুষ্ঠিত কৰাৰ বাবে ৷

এইবাৰ ব্যতিক্ৰমীধৰণে মৰাণৰ দুৰ্গা পূজা অনুষ্ঠিত হ’ব ৷ প্লাষ্টিক মুক্ত হ'ব মৰাণৰ দুৰ্গা পূজা (No plastic at Durga Puja pandals this year) ৷ লগতে দেৱী বিসৰ্জনৰ সময়ত কোনেও উচ্চস্তৰীয় সংগী বজাব নোৱাৰিব । সমগ্ৰ ডিব্ৰুগড় জিলাখনতে দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ কিছু নীতি নিয়ম সলনি হ'ব এইবাৰ ।

এইবাৰ মৰাণত প্লাষ্টিক মুক্ত হ'ব দুৰ্গা পূজা

সেই সম্পৰ্কে ডিব্ৰুগড় জিলা প্ৰশাসনে প্ৰতিটো চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ নিদেৰ্শনা প্ৰেৰণ কৰিছে । ইয়াৰ পাছতে শনিবাৰে মৰাণৰ গাঁও প্ৰধান ভৱনত মৰাণৰ চক্ৰ বিষয়া শ্ৰাৱনা সোণোৱালে মৰাণৰ সকলো পূজা সমিতিৰ সৈতে এক আলোচনাত মিলিত হয় ৷

মৰাণৰ চক্ৰ বিষয়াগৰাকীৰ উদ্যোগত অনুষ্ঠিত সভাত মৰাণৰ ন-পুৰণি সকলো পূজা সমিতিৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰাৰ লগতে মৰাণ আৰক্ষী থানাৰ (Moran Police Station) আৰক্ষী বিষয়া বিজয় দৈমাৰীয়েও অংশগ্ৰহণ কৰে । এই সভাতে মৰাণ ৰাজহ চক্ৰ বিষয়াগৰাকী উপস্থিত থাকি দূৰ্গা পূজা সমিতিসমূহক জিলা প্ৰশাসনৰ নিৰ্দেশসমূহ অৱগত কৰে (New rule announced for Durga Puja by Moran Administration) ।

এই নিৰ্দেশসমূহ অমান্য কৰিলে প্ৰশাসন কঠোৰ হ'ব বুলি জানিবলৈ দিছে মৰাণৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে মৰাণৰ আৰক্ষী বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক: গণেশ মূৰ্তি বিসৰ্জনৰ সময়ত মহাৰাষ্ট্ৰত ১৯ জন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.