ETV Bharat / state

Financial Aids to Dipak Sarma : দীপক শৰ্মাৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীৰ ১ লাখ অনুদান

author img

By

Published : Jan 10, 2023, 4:52 PM IST

Dipak Sarma
Dipak Sarma

গুৰুতৰভাৱে অসুস্থ প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আৰ্থিক অনুদান । এক লাখ টকাৰ এককালীন অনুদান দীপক শৰ্মালৈ । মন্ত্ৰী পীযুষ হাজৰীকাই হাস্পতালত অসুস্থ দীপক শৰ্মাৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে প্ৰদান কৰে আৰ্থিক অনুদান (Dipak Sarma given aids from CM relief fund) ।

গুৱাহাটী, ১০ জানুৱাৰী : গুৰুতৰভাৱে অসুস্থ হৈ থকা বিশিষ্ট বাঁহীবাদক দীপক শৰ্মালৈ মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা এক লাখ টকাৰ এককালীন অনুদান আগবঢ়োৱা হৈছে (flute artist Dipak Sarma hospitalised) । মঙলবাৰে চিকিৎসালয়লৈ গৈ অসুস্থ দীপক শৰ্মাক সাক্ষাৎ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই (Pijush Hazarika meet Dipak Sarma) ।

মন্ত্রী হাজৰীকাই তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১ লাখ টকাৰ এককালীন অনুদান আগবঢ়ায় । উল্লেখ্য যে যকৃত আৰু জণ্ডিচকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ বিগত কেইবাদিনো ধৰি গুৱাহাটীৰ দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা (international flute artist Dipak Sarma) ।

ৰোগৰ ব্যয়বহুল চিকিৎসাৰ বাবে তেওঁ চৰকাৰৰ সাহায্য বিচাৰি আবেদনো জনাইছিল । বৰ্তমান গুৱাহাটীত চিকিৎসাধীন হৈ থকা দীপক শৰ্মাক উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ নিয়া হ'ব । উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মন্ত্ৰী পীযুষ হাজৰীকাই আজি বিশিষ্ট বাঁহীবাদকগৰাকীক সাক্ষাৎ কৰি আৰ্থিক সাহায্য প্ৰদান কৰে (Dipak Sarma given aids from CM relief fund) ।

উল্লেখ্য, অসুস্থতাৰ বাবে দিছপুৰ হাস্পতাললৈ চিকিৎসাৰ বাবে যোৱাৰ সময়তে বিশিষ্ট বাঁহীবাদকগৰাকীৰ জটিল অসুস্থতা ধৰা পৰে । তাৰ পাচতেই চিকিৎসকৰ পৰামৰ্শ মতে, তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । উল্লেখ্য যে ক'ভিডত আক্ৰান্ত হোৱাৰ উপৰি ডেংগুতো আক্ৰান্ত হৈছিল বাঁহীবাদকগৰাকী ।

শেহতীয়াকৈ জণ্ডিছত আক্ৰান্ত দীপক শৰ্মা যকৃতকে ধৰি দেহৰ আন কিছু অংগতো বিসংগতি ধৰা পৰিছে । সেয়েহে চিকিৎসকে বাঁহীবাদকগৰাকীৰ উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ নিয়াৰ পৰামৰ্শ দিছে । বিগত কেইবাদিনো ধৰি চিকিৎসাধীন হৈ থকা দীপক শৰ্মাক উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ নিয়া হ'ব । জানিব পৰা মতে, বৃহস্পতিবাৰে বাঁহী বাদকগৰাকী চিকিৎসাৰ বাবে ৰাওনা হ'ব হায়দৰাবাদলৈ । উল্লেখ্য যে বাঁহীবাদক দীপক শৰ্মাই ২০১৩ চনলৈ ৩ খন অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰাৰ লগতে জি টিভিত সম্প্ৰচাৰিত হোৱা 'কৰ্ম এণ্ড ৱাজিৰ'ৰ সংগীত পৰিচালনা কৰিছিল ।

বাঁহীবাদকগৰাকীয়ে সংগীত পৰিচালনা কৰা ৩ খন অসমীয়া চলচ্চিত্ৰ হৈছ জংকি পানৈ, জাতিঙ্গা ইত্যাদি (২০০৭), লুইতক ভেটিব কোনে (২০১৩) ৷ ইয়াৰে উপৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা সন্মান-স্বীকৃতি পাবলৈ সক্ষম হৈছে বাঁহীবাদকগৰাকীয়ে । সকলোৱে শিল্পীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ।

লগতে পঢ়ক :Pottery Artists busy for Bihu: ভোগালীক আদৰিবলৈ সাজু অসমৰ মৃৎ শিল্পীসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.