Pottery Artists busy for Bihu: ভোগালীক আদৰিবলৈ সাজু অসমৰ মৃৎ শিল্পীসকল

By

Published : Jan 10, 2023, 2:17 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী (Bhogali bihu celebration in Assam)। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি । ভোগালীক আদৰাৰ বাবে এতিয়া ব্যস্ততাৰ অন্ত নাই অসমীয়াৰ । ব্যস্ত হৈ পৰিছে অসমৰ মৃৎ শিল্পীসকলো (Pottery Artists of Assam) । বিহুৰ পিঠা ,দৈ আদি বনাবৰ বাবে প্ৰয়োজনীয় সামগ্ৰী টেকেলী, পাট চৰু আদি বনোৱাত ব্যস্ত কুমাৰ বা হীৰা সম্প্ৰদায়ৰ লোকসকল (Pottery Artists busy for Bihu)। অনুৰূপভাবে ব্যস্ত বাইহাটা চাৰিআলিৰ হীৰা বা কুমাৰ সম্প্ৰদায়ৰ লোকসকল । বাইহাটা চাৰিআলিৰ খেহেনীপাৰা গাঁৱৰ হীৰা আৰু কুমাৰ সম্প্ৰদায়ৰ লোকসকলৰ জীয়ৰী বোৱাৰী সকলো বৰ্তমান ব্যস্ত মাটিৰ বাচন তৈয়াৰ কৰাত । বংশানুক্ৰমিকভাৱে এনেদৰে মাটিৰ বাচন তৈয়াৰ কৰি আহিছে এইসকল লোকে । তথাপিও আজিও এখন বজাৰৰ অভাৱত ভুগি আছে বুলি উল্লেখ কৰে মৃৎ শিল্পীসকলে (Pottery Artists suffering from lack of market)৷ সেয়ে চৰকাৰৰ ওচৰত মৃৎ শিল্পীসকলে আধুনিক মাটিৰ চাক যোগান ধৰাৰ লগতে এখন উপযুক্ত বজাৰ দিয়াৰ বাবে আহ্বান জনাইছে । যাৰ জৰিয়তে মৃৎ শিল্পীসকলে অধিক উপাৰ্জন কৰিব পাৰে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.