Poor condition of a wooden bridge: জৰাজীৰ্ণ দলঙৰ পৰা বৰলীয়া নৈত সৰি পৰিল মটৰ চাইকেলসহ আৰোহী

author img

By

Published : Jan 23, 2023, 8:48 AM IST

Man fell from a wooden bridge into river at Rangia

ৰঙিয়াত অঘটন ৷ কাঠৰ দলঙৰ পৰা সৰি পৰিল মটৰ চাইকেলসহ আৰোহী (Accident at Rangia) ৷ ফলত গুৰুত্বৰভাৱে আহত হয় আৰোহীগৰাকী (Dilapidated bridge poses safety risk) ৷

জৰাজীৰ্ণ দলঙৰ পৰা সৰকি পৰিল এজন ব্যক্তি

ৰঙিয়া, 23 জানুৱাৰী : এফালে ৰাজ্য চৰকাৰৰ উন্নয়নৰ শ্ল’গান ৷ আনফালে ৰাজ্যত সঘনে প্ৰতিফলিত হৈছে এখন বিপৰীত প্ৰতিছবিহে ৷ ঢাক ঢোল বজাই চৰকাৰে কৈ থকা উন্নত অসমৰ ফোপোলা স্বৰূপ পুনৰ এবাৰ উদঙাই দেখুৱালে ৰঙিয়াৰ এখন দলঙে (Poor condition of a wooden bridge in Rangia)।

ৰাজ্যৰ চৌদিশে উন্নয়ন হোৱা বুলি শাসনাধিস্থ চৰকাৰখন গাই-বাই ফুৰোতেই দেওবাৰে এখন জৰাজীৰ্ণ দলঙৰ পৰা সৰকি পৰিল এজন ব্যক্তি (Man fell from dilapidated bridge) । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’ল বজাৰ কৰিবলৈ অহা ব্যক্তিগৰাকী । দলংখন হৈছে ৰঙিয়াৰ অৰ্ধসাপ্তাহিক বজাৰলৈ যোৱা কাঠৰ দলংখন ।

এতিয়া যেন যমদূতলৈ ৰূপান্তৰিত হৈছে ৰঙিয়া নগৰৰ মাজমজিয়াত থকা উক্ত দলংখন । কিয়নো বছৰৰ পিচত বছৰ পাৰ হৈছে ৷ কিন্তু আজিকোপতি মেৰামতিহে নহ’ল জৰাজীৰ্ণ দলংখনৰ । যাৰ ফলত দেওবাৰেও এগৰাকী মটৰ চাইকেল আৰোহীয়ে উক্ত দলংখন পাৰ হ’বলৈ ধৰোতেই দুৰ্ঘটনাত পতিত হয় (Accident at Rangia) ।

জৰাজীৰ্ণ কাঠৰ দলঙৰ পৰা বৰলীয়া নৈত সৰকি পৰিল মটৰ চাইকেলসহ আৰোহীগৰাকী ৷ তাৰ পাচতেই অৰ্ধ সপ্তাহিক বজাৰত মূহুৰ্ততে লাগিল হুৱা-দুৱা । বজাৰলৈ অহা সচেতন কেইগৰাকীমান লোকৰ তৎপৰতাত গুৰুতৰভাৱে আহত অৱস্থাত বৰলীয়া নৈৰ পৰা উদ্ধাৰ কৰা হয় মটৰ চাইকেলসহ আৰোহীগৰাকীক ৷ নৈৰ পৰা উদ্ধাৰ হোৱা মটৰ চাইকেলখনৰ নম্বৰ হৈছে AS 25 M 1637 ৷

লগতে পঢ়ক : Human Trafficking: নলবাৰীত উৎখাত নাৰী সৰবৰাহকাৰী চক্ৰ, উদ্ধাৰ এগৰাকী যুৱতী

ইফালে বৰলীয়া নৈৰ পৰা উদ্ধাৰ হোৱা গুৰুতৰভাৱে আহত লোকজনক অতি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত । বৰ্তমানলৈকে আহত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই । অভিযোগ অনুসৰি, স্থানীয় ৰাইজে এখন পকী দলং বিচাৰি আন্দোলন, প্ৰতিবাদ কৰি অহাৰ পিচতো বছৰ বছৰ ধৰি বৰলীয়া নৈৰ ওপৰত থকা জৰাজীৰ্ণ কাঠৰ দলংখন মেৰামতি নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ।

যাৰ ফলত দীৰ্ঘদিনৰ পৰা এনেধৰণৰ দুৰ্ঘটনা প্ৰায়েই সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে । সংবাদমাধ্যমৰ যোগেদি বহুবাৰ দলংখনৰ বিষয়টো প্ৰচাৰ হোৱাৰ পিচতো ৰঙিয়াৰ স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো কোনোধৰণৰ সদিচ্ছা প্ৰকাশ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

আনকি লোক নিৰ্মাণ বিভাগৰ গাফিলতিৰ বাবেই বৰ্তমান সময়তো জৰাজীৰ্ণ কাঠৰ এই দলংখন থকাটো দুৰ্ভাগ্যজনক বুলি স্থানীয় ৰাইজে ক্ষোভ উজাৰিছে ।

লগতে পঢ়ক : Son injects father with drugs: পুত্ৰৰ হাতত প্ৰতাৰিত হৈ পিতৃয়ে বাছি ল’লে আত্মহননৰ পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.