Human Trafficking: নলবাৰীত উৎখাত নাৰী সৰবৰাহকাৰী চক্ৰ, উদ্ধাৰ এগৰাকী যুৱতী

By

Published : Jan 22, 2023, 10:40 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

নলবাৰীত উৎখাত নাৰী সৰবৰাহকাৰী চক্ৰ(Human Trafficker arrested in Nalbari) ৷ চাকৰি দিয়াৰ প্ৰলোভনেৰে এগৰাকী যুৱতীক দিল্লীলৈ নিয়াৰ চেষ্টা চলাওঁতেই ৰে’ল আৰক্ষীয়ে আটক কৰে নাৰী সৰবৰাহকাৰী কেইটাক ৷ যুৱতীগৰাকীক উদ্ধাৰৰ লগতে তিনি সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে ৷  

উল্লেখ্য যে, নগাঁৱৰ এগৰাকী যুৱতীক কৰ্মসংস্থান দিম বুলি দিল্লীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল তিনি সৰবৰাহকাৰী ক্ৰমে আইনুল আলী, সোমনাথ বাৰেক আৰু মঙ্গল দাসে(Human trafficking) ৷ ৰঙিয়া ৰে’ল ষ্টেচনৰ টিকট লৈ নগাঁও ৰে’ল ষ্টেচনত বহি থকাৰ সময়তে স্থানীয় লোকে তিনি সৰবৰাহকাৰীক আবদ্ধ কৰি গতাই দিয়ে ৰে’ল আৰক্ষীক ৷ সম্প্ৰতি সৰবৰাহকাৰী কেইটাক নিজৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷  

যুৱতীগৰাকীয়ে জনোৱা অনুসৰি, এজন ব্যক্তিয়ে ৰে’লৰ টিকট কাটি দি যুৱতীগৰাকীক নলবাৰীলৈ মাতি পঠায় ৷ আটকাধীন তিনি যুৱকে যুৱতীগৰাকীক দিল্লীলৈ লৈ যোৱাৰ পৰিকল্পনা কৰাৰ কথাও সদৰী কৰে ৷ লগতে, যুৱতীগৰাকীয়ে তিনি যুৱকক চিনি নাপাও বুলিও উল্লেখ কৰে ৷ কিন্তু এগৰাকী ব্যক্তিয়ে প্ৰথমে গুৱাহাটীৰ এটা কোম্পানীত কাম দিয়াৰ প্ৰলোভন দি যোগাযোগ কৰা বুলি উল্লেখ কৰিছে সংবাদমাধ্যমৰ আগত ৷ এতিয়া আৰক্ষীৰ অনুসন্ধানৰ পিচতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ৷ 

উল্লেখ্য যে, ৰাজ্যত অতি সক্ৰিয় হৈ পৰিছে নাৰী সৰবৰাহকাৰী চক্ৰ ৷ ধন আৰু কৰ্মসংস্থাপন দিয়াৰ প্ৰলুভনেৰে বহিঃৰাজ্যলৈ সৰবৰাহ কৰি আহিছে অসমৰ মহিলা ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.