ETV Bharat / state

DIG ৰৌণক আলি হাজৰিকাক গ্ৰেপ্তাৰ

author img

By

Published : Oct 5, 2021, 12:56 PM IST

Updated : Oct 5, 2021, 1:46 PM IST

DIG ROUNAK ALI HAZARIKA ARRESTED BY CM VIGILENCE
DIG ৰৌণক আলি হাজৰিকাক গ্ৰেপ্তাৰ

12:53 October 05

মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ আভিযানত গ্ৰেপ্তাৰ ৰৌণক আলি হাজৰিকা

নিউজ ডেস্ক, 5 অক্টোবৰ : অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ৰৌণক আলি হাজৰিকাক গ্ৰেপ্তাৰ ৷ মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ আভিযানত গ্ৰেপ্তাৰ হৈছে আইপিএচ বিষয়াগৰাকী ৷ হেঙেৰাবাৰীস্থিত নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ হোৱা হাজৰিকাৰ বিৰুদ্ধে আছিল আয়তকৈ অধিক ধন থকাৰ গুৰুতৰ অভিযোগ ৷

উল্লেখ্য যে, অসম চৰকাৰৰ পশ্চিম সংমণ্ডলৰ আৰক্ষীৰ উপ মহাপৰিদৰ্শক পদত অধিষ্ঠিত আছিল আই পি এছ ৰৌণক আলী হাজৰিকা । চলিত বৰ্ষৰ 20 জুলাইত ৰাজ্যপাল জগদীশ মুখীয়ে এক আদেশযোগে DIGP ৰৌণক আলী হাজৰিকাক কৰিছিল নিলম্বন  । অসম আৰক্ষীৰ এক বিবৃতি অনুসৰি, ২০১১ চনৰ পৰা গৃহ বিভাগৰ অনুমতি অবিহনে বহুবাৰ বিদেশ ভ্ৰমণ কৰিছিল এইগৰাকী আই পি এছ বিষয়াই ।

এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া ৰূপে বিদেশ ভ্ৰমণৰ বাবে অনুমতিৰ প্ৰয়োজন হয় যদিও হাজৰিকাই এয়া অমান্য কৰি আহিছিল ৷ তাৰোপৰি আয়তকৈ অধিক সম্পত্তি থকাৰো গুৰুতৰ অভিযোগ আছিল অসম আৰক্ষীৰ এইগৰাকী শীৰ্ষ বিষয়াৰ বিৰুদ্ধে ৷

লগতে পঢ়ক: অমৃত মহোৎসৱত অংশগ্ৰহণৰ বাবে লক্ষ্ণৌত মোডী

Last Updated :Oct 5, 2021, 1:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.