ETV Bharat / state

৬ নং দফাৰ প্ৰতিবেদনৰ নামত ৰাজনীতিহে কৰিছে ৰাজ্য চৰকাৰেঃ দেৱব্ৰত শইকীয়া

author img

By

Published : Sep 17, 2020, 9:27 PM IST

অসমীয়া গামোচা খন ল'লেই যে অসমক ভাল পোৱা নুবুজাই তাকে প্ৰমাণ কৰি তেওঁলোকৰ আচল ৰূপটো অসম আৰু অসমীয়াৰ আগত উদঙাই দিলে । ইয়াৰ পৰা আৰু এটা কথা পোহৰলৈ আহিল যে,অসম চৰকাৰে এতিয়াও এই প্ৰতিবেদন খন দিল্লী লৈ পঠিয়াই দিয়া নাই ৷

debabrat  saikiya comment  on clause six  at guwahati
৬ নং দফাৰ প্ৰতিবেদনৰ নামত ৰাজনীতিহে কৰিছে ৰাজ্য চৰকাৰেঃ দেৱব্ৰত শইকীয়া

গুৱাহাটী, ১৭ ছেপ্টেম্বৰঃ "অসম চুক্তিৰ ৬নং দফা ৰূপায়নৰ বাবে গঠিত কমিটীৰ প্ৰতিবেদন খনৰ নামত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসম আৰু অসমীয়াক অন্ধকাৰত ৰাখি মাত্ৰ ইয়াৰ ওপৰত ৰাজনীতি কৰি আছে । এই অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । বিৰোধী দলপতি গৰাকীয়ে আৰু কয় যে,বুধাবাৰে ৰাজ্যসভাত এই সন্দৰ্ভত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰে এক দায়সৰা মন্তব্য দিয়ে যে, এই প্ৰতিবেদনখন ৰাজ্য চৰকাৰে অধ্যয়ন কৰি আছে । যিটো অতিকৈ হাস্যকৰ কিয়নো এই সম্বন্ধে দেশৰ প্ৰধানমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অসমলৈ আহি অসমবাসীৰ আগত প্ৰতিশ্ৰুতি দি কৈছিল যে অসম চুক্তি ৰূপায়নৰ বাবে গঠিত কমিটীৰ প্ৰতিবেদন পোৱাৰ লগে লগে ইয়াক আমি ডাৰি, ক'মা সালসলনি নকৰাকৈ কাৰ্যকৰী কৰিম ।

৬ নং দফাৰ প্ৰতিবেদনৰ নামত ৰাজনীতিহে কৰিছে ৰাজ্য চৰকাৰেঃ দেৱব্ৰত শইকীয়া

ইপিনে ডিঙিত অসমীয়া গামোচা খন ল'লেই যে অসমক ভাল পোৱা নুবুজাই তাকে প্ৰমাণ কৰি তেওঁলোকৰ আচল ৰূপটো অসম আৰু অসমীয়াৰ আগত উদঙাই দিলে । ইয়াৰ পৰা আৰু এটা কথা পোহৰলৈ আহিল যে, অসম চৰকাৰে এতিয়াও এই প্ৰতিবেদন খন দিল্লী লৈ পঠিয়াই দিয়া নাই, সেয়েহে মোৰ অনুৰোধ- অতি সোনকালে যেন ৰাজ্য চৰকাৰে এই প্ৰতিবেদন খন দিল্লীলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰে। কিয়নো এইখন এনেদৰে ৰাখি থোৱাৰ কোনো কাৰণ নাই আৰু যিহেতু এই প্ৰতিবেদন খন গোপনীয় আছিল আৰু কিছুদিন আগত ৰাজ্যৰ বিত্ত, স্বাস্থ্য মন্ত্ৰীয়ে এই প্ৰতিবেদন খন আছুৱে ৰাজহুৱা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল, কিন্তু এতিয়া খোদ কেন্দ্ৰীয় চৰকাৰে কলে যে, অসম চৰকাৰে এতিয়াও ইয়াৰ ওপৰত অধ্যয়নহে কৰি আছে। গতিকে এওঁলোকৰ কথা আৰু কামত পাৰ্থক্য আছে আৰু অসম আৰু অসমীয়াৰ প্ৰতি কোনোধৰণৰ সহানুভূতি নাই, মাত্ৰ শাসনৰ বাবে ৰাজনৈতিক মনোভাৱ আৰু ভাষণৰ জৰিয়তে শাসন চলোৱাৰ এক প্ৰক্ৰিয়া চলাই আছে ।

লগতে পঢ়কঃ পিছুৱাই দিয়া হ'ল ভাৰত-চীন সীমান্তৰ ওলমা দলং উদঘাটনৰ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.