ETV Bharat / state

গীতাৰ বাণী প্ৰচাৰ: মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্টকলৈ খৰ্গহস্ত চিপিআইএম

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 9:54 PM IST

Himanta Biswa Sarma controversy: ফেচবুকত হিমন্ত বিশ্ব শৰ্মাই কৰা এটা পোষ্টক লৈ সৰব হৈ পৰিছে বাওঁপন্থী দল চিপিআই(এম) ৷ দলীয় ফেচবুক পোষ্টযোগে মুখ্যমন্ত্ৰীক ধিক্কাৰ জনালে বাওঁ দলটোৱে ৷

CM Gita Bochon controversy
CPIM slams CM Himanta Biswa Sarma

গুৱাহাটী, ২৬ ডিচেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত দিয়া এটা পোষ্টক লৈ তেওঁ বৰ্ণবাদৰ ঘৃণনীয় ৰাজনীতি কৰাৰ অভিযোগ তুলিছে বাঁওপন্থী দল চিপিআইএমে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমদ্ভগৱতগীতাৰ শ্লোকক লৈ সামাজিক মাধ্যমত দিয়া পোষ্টকলৈ সৃষ্টি হৈছে বিতৰ্কৰ । প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিপিআইএমে ৷

Himanta Biswa Sarma controversy
হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্ট

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে সামাজিক মাধ্যম ফেচবুকত পু্ৱাবেলা একোটাকৈ শ্ৰীমদ্ভগৱতগীতা বাণী আগবঢ়াই আহিছে । মঙলবাৰেও মুখ্যমন্ত্ৰীগৰাকীয়ে অন্যতম হিন্দু ধৰ্মগ্ৰন্থ শ্ৰীমদ্ভগৱতগীতাৰ এটা বাণী দিছিল ৷ বাণীটোত কোৱা হৈছে, “কৃষিকর্ম, গো-পালন, বাণিজ্য- এইসমূহ হৈছে বৈশ্যৰ স্বভাৱজাত তথা স্বাভাৱিক কর্ম ৷ ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য এই তিনি বর্ণক শুশ্ৰূষা কৰাটো হৈছে শূদ্ৰৰ স্বাভাৱিক কর্ম ৷” মুখ্যমন্ত্ৰীৰ এই পোষ্টটোক লৈয়ে এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

চিপিআইএমে নিজৰ অফিচিয়েল পেজত এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধুনিক সভ্যতা, গণতান্ত্ৰিক আৰু মানৱীয় প্ৰমূল্য সকলো বিসৰ্জন দি সমাজক ভাগ ভাগ কৰাত ব্যস্ত হৈ পৰিছে । তেওঁ কেৱল সাম্প্ৰদায়িকতাবাদৰ বিষবাষ্প বিয়পাই সমাজত ঘৃণা-বিদ্বেষ আৰু সংঘাতৰ বীজ সিঁচা নাই, এতিয়া ব্ৰাহ্মণ্যবাদৰো প্ৰবক্তা হৈ আধুনিক ভাৰতবৰ্ষত চতুৰ্বৰ্ণ ব্যৱস্থা প্ৰৱৰ্তনৰ হকে উন্মাদপ্ৰায় হৈ পৰিছে । 'হিন্দুত্ববাদ'ৰ নামত ক্ষমতাৰ খকত বলীয়া মুখ্যমন্ত্ৰী শৰ্মাই উদ্ধৃত কৰিছে গীতাৰ শ্লোক আৰু শূদ্ৰসকলক পৰামৰ্শ দিছে ব্ৰাহ্মণৰ সেৱাত নিযুক্ত হ'বলৈ ।”

Himanta Biswa Sarma controversy
চি পি আই এমৰ পেচবুক পোষ্ট

লগতে, বাঁওপন্থী দলটোৱে লিখিছে, “বৰ্ণবাদী ব্যৱস্থাৰ প্ৰতি মুখ্যমন্ত্ৰী শৰ্মাৰ আনুগত্যক ধিক্কাৰ দিয়াৰ ভাষা নাই । এয়া বিজেপিৰ শাসনত সমাজক অতীতৰ পিনে টানি নিয়াৰ ঘৃণ্য অপচেষ্টা মাথোন ! অসমৰ দৰে ৰাজ্যত তথাকথিত 'শূদ্ৰ'সকলক বৈদিক যুগৰ ৰীতিমতে 'ব্ৰাহ্মণ' আৰু 'ক্ষত্ৰিয়'ৰ সেৱাত নিযুক্ত হ'বলৈ পৰামৰ্শ দিয়াৰ সহজ অৰ্থ হ'ল, অনুসূচিত জাতি-জনজাতিসহ ৰাজ্যৰ বিপুল সংখ্যক জনগণক তুচ্ছজ্ঞান কৰা আৰু আধুনিক সভ্যতা আৰু সমাজত তেওঁলোকৰ অধিকাৰবোৰ হৰণ কৰা । এয়াই বিজেপি-আৰএছএছৰ ৰাজনৈতিক দৰ্শন । ইয়াক প্ৰতিহত কৰা প্ৰয়োজন । কাইলৈ এইজন মুখ্যমন্ত্ৰীয়ে সতীদাহ প্ৰথাৰো পোষকতা কৰিব পাৰে !”

লগতে পঢ়ক: ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত নাথাকে চিপিএম; ধৰ্মীয় অনুষ্ঠানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.