ETV Bharat / state

AJP filed court case against Ajmal : আজমলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ আদালতৰ নিৰ্দেশ

author img

By

Published : Dec 14, 2022, 8:50 PM IST

AJP filed court case against Ajmal
আজমলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ আদালতৰ নিৰ্দেশ

এ আই ইউ ডি এফ দলৰ সভাপতি বদৰুদ্দিন আজমলে কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অশ্লীল বক্তব্যৰ বাবে অসম জাতীয় পৰিষদ দ্বাৰস্থ হৈছিল আদালতৰ (Ajmal controversial comment on Hindu)৷ বুধবাৰে গোচৰটোৰ শুনানি লৈ গোচৰটো বিচাৰৰ বাবে গ্ৰহণ কৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে আৰু আজমলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিৰ্দেশ দিয়ে (Court orders registration of case against Ajmal) ৷

গুৱাহাটী, 14 ডিচেম্বৰ: চূড়ান্ত অৰুচিশীল, সাম্প্ৰদায়িক মন্তব্য কৰা সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া চলাবলৈ আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে (Chief Judicial Magistrate Court of Kamrup) ৷ বুধবাৰে বিশেষ ন্যায়িক দণ্ডাধীশ প্ৰাণজিত হাজৰিকাৰ আদালতে অসম জাতীয় পৰিষদৰ এখন আৱেদনৰ শুনানি গ্ৰহণ কৰি আজমলৰ বিৰুদ্ধে ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰিবলৈ গুৱাহাটীৰ হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিৰ্দেশনা প্ৰদান কৰে (Ajmal controversial comment on Hindu) ৷ অসম জাতীয় পৰিষদৰ হৈ আদালতৰ দ্বাৰস্থ হৈছিল দলৰ উপ সভাপতি দুলু আহমেদ (AJP Vice president Dulu Ahmed) ৷

AJP filed court case against Ajmal
আজমলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ আদালতৰ নিৰ্দেশ

উল্লেখযোগ্য যে চলিত মাহৰ ২ ডিচেম্বৰৰ দিনা কৰিমগঞ্জত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ সমুখত চূড়ান্ত সাম্প্ৰদায়িক তথা ধৰ্মীয় বিবাদ সৃষ্টিকাৰী বক্তব্য প্ৰদান কৰি দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছিল এ আই ইউ ডি এফ দলৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে (AIUDF President Badaruddin Ajmal) ৷ ৰাজ্যৰ লগতে সমগ্ৰ দেশতে উক্ত বিতৰ্কিত বক্তব্যৰ বাবে তীব্ৰ নিন্দাৰ সন্মুখীন হৈছিল ধুবুৰীৰ সাংসদজন (Dhubri MP Badaruddin Ajmal) ৷

AJP filed court case against Ajmal
আজমলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ আদালতৰ নিৰ্দেশ

অসম জাতীয় পৰিষদে আজমলক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰি ৰাজ্যৰ বিভিন্ন থানাত মুঠ ১৪ খন এজাহাৰ দাখিল কৰিছিল( AJP demand ajmal arrest) ৷ অন্যান্য দল-সংগঠনেও আজমলৰ গ্ৰেপ্তাৰৰ দাবী তুলিছিল ৷ কিন্তু অসম আৰক্ষীয়ে ৰহস্যজনকভাৱে আজমলৰ বিৰুদ্ধে একো আইনগত ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ অসম আৰক্ষীৰ উক্ত ৰহস্যজনক ভূমিকাত ক্ষুব্ধ হৈ আদালতৰ কাষ চাপে অসম জাতীয় পৰিষদে ৷

দলৰ হৈ উপ সভাপতি দুলু আহমেদে যোৱা ৯ ডিচেম্বৰৰ দিনা ভাৰতীয় দণ্ড সংহিতা (চি আৰ পি চি)ৰ ১৫৬(৩) ধাৰাৰ অধীনত কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীৰে গোচৰ ৰুজু কৰে (AJP filed court case against Ajmal)৷ আজি আদালতে গোচৰটোৰ শুনানি লৈ গোচৰটো বিচাৰৰ বাবে গ্ৰহণ কৰে আৰু আজমলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক : Power workers protest in Kokrajhar : চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদত বহিল বিদ্যুৎ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.