ETV Bharat / state

Power workers protest in Kokrajhar : চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদত বহিল বিদ্যুৎ কৰ্মচাৰী

author img

By

Published : Dec 14, 2022, 5:46 PM IST

বুধবাৰে চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে কোকৰাঝাৰত প্ৰতিবাদত বহে বিদ্যুৎ কৰ্মচাৰীসকল(Power workers protest in Kokrajhar) ৷ বিদ্যুত কৰ্মচাৰীৰ বিভিন্ন দাবীৰ সমৰ্থনত আৰু বহুদিনীয়া সমস্যা সমাধানৰ দাবীত ৰূপায়ণ কৰা হয় দুঘণ্টীয়া অনশন তথা ধৰ্ণা কাৰ্যসূচী ৷ ইয়াৰ ফলত সংশ্লিষ্ট এলেকাটোত অচল হৈ পৰে বিদ্যূৎ বিভাগৰ কাম কাজ ৷

Protest by electricity workers in Kokrajhar
চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদত বহিল বিদ্যুৎ কৰ্মচাৰী

চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদত বহিল বিদ্যুৎ কৰ্মচাৰী

কোকৰাঝাৰ, ১৪ ডিচেম্বৰ: সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰতো বুধবাৰে বিদ্যুৎ কৰ্মচাৰীয়ে দুই ঘন্টীয়া অনশন তথা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে (Power workers protest in Kokrajhar) ৷ আসাম ষ্টেট পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ কোকৰাঝাৰ মণ্ডল শাখাৰ উদ্যোগত বুধবাৰে পুৱা ১০ বজাৰ পৰা কোকৰাঝাৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ত ৰূপায়িত হয় এই অনশন তথা ধৰ্ণা কাৰ্যসূচী ৷ অনশন তথা ধৰ্ণা কাৰ্যসূচীত অৱস্থান লোৱা বিদ্যুৎ কৰ্মচাৰীসকলে নিজৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল’গানেৰে কোকৰাঝাৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে ৷

আজি গ্ৰহণ কৰা অনশন তথা ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে কৰ্মচাৰীসকলে বিদ্যুৎ বিভাগৰ কৰ্মৰত সকলো শ্ৰেণীৰ কৰ্মচাৰীৰ পদোন্নতিৰ বাবে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা, কৰ্মচাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰা ,অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা (Regularisation of temporary employees), পেঞ্চনাৰৰ সমস্যা সমাধান কৰা (Pension problems and solutions), ৩৩/১১ কেভি নিয়ন্ত্ৰণ কক্ষসমূহৰ ফ্ৰেঞ্চাছিকৰণ বন্ধৰ দাবীকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় ৷

Protest by electricity workers in Kokrajhar
চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদত বহিল বিদ্যুৎ কৰ্মচাৰী

নিজৰ জীৱনকো তুচ্ছ কৰি ৰাইজক বিদুৎ যোগান ধৰা এইসকল কৰ্মচাৰীৰ সুবিধা-অসুবিধাৰ প্ৰতি চৰকাৰে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি অহা বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে বিদ্যুৎ কৰ্মচাৰীসকলে ৷ আসাম ষ্টেট পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ কেন্দ্ৰীয় সম্পাদক আমিনুল ইছলামৰ নেতৃত্বত বুধবাৰে ৰূপায়িত হোৱা অনশন তথা ধৰ্ণা কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় উপ-সভাপতি গণেশ কুমাৰ তালুকদাৰ, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শশাংক ব্ৰহ্ম, কোকৰাঝাৰ মণ্ডল শাখাৰ সভাপতি ৰমেশ নাৰ্জাৰী আৰু সম্পাদক দেবাশীষ সৰকাৰৰ লগতে ইউনিয়নৰ বহু কৰ্মচাৰী উপস্থিক থাকে ৷

বিদ্যুৎ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ শীঘ্ৰে সমাধানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে আসাম ষ্টেট পাৱাৰ ৱ’কাৰ্চ ইউনিয়নে (Assam State Power Workers Union) ৷

উল্লেখ্য যে, বিদ্যুৎ কৰ্মচাৰীৰ বিভিন্ন দাবীৰ সমৰ্থনত আৰু বহুদিনীয়া সমস্যা সমাধানৰ দাবীত বুধবাৰে ৰূপায়ণ কৰা অনশন তথা ধৰ্ণা কাৰ্যসূচীৰ ফলত অচল হৈ পৰে বিদ্যুৎ বিভাগৰ কাম কাজ ৷

লগতে পঢ়ক : Bilkis Bano rape case: বিলকিছ বানু গোচৰৰ শুনানি গ্ৰহণৰ পৰা বিৰত থাকিল মহিলা ন্যায়াধীশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.