ETV Bharat / state

Guwahati city De siltation scam: বোকাৰ নামত 20 কোটি টকা লুণ্ঠনৰ বাবে চলিছিল ষড়যন্ত্ৰ

author img

By

Published : Nov 9, 2022, 8:24 PM IST

Updated : Nov 9, 2022, 8:39 PM IST

Guwahati city De siltation scam
Guwahati city De siltation scam

গুৱাহাটী পৌৰ নিগমৰ বোকা কেলেংকাৰীৰ নতুন নতুন তথ্য পোহৰলৈ (GMC mud scam) ৷ বোকা কেলংকাৰীৰ মিঠু আগৰৱালা নামৰ মূল অভিযুক্ত লুণ্ঠনকাৰী ঠিকাদাৰজনে জি এম চিত দাখিল কৰিছিল ভালে সংখ্যক বিসংগতিপূৰ্ণ তথ্য (Scandal in Guwahati city De siltation) ৷ 2022 চনৰ 2 এপ্ৰিলৰ পৰা 2022 চনৰ 26 মে’ পৰ্যন্ত ডাম্পাৰেৰে 4318 গাড়ী বোকা তেওঁ ৱে’ ব্ৰীজলৈ কঢ়িয়াই নিছিল ৷

গুৱাহাটী, 9 নৱেম্বৰ: গুৱাহাটী মহানগৰীৰ বোকা নিষ্কাষণৰ নামত গুৱাহাটী পৌৰ নিগমত সংঘটিত কোটি কোটি টকাৰ বোকা কেলেংকাৰীৰ বহু নতুন নতুন তথ্য পোহৰলৈ আহিছে ৷ এইবাৰ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ তদন্তত যিবোৰ তথ্য পোহৰলৈ আহিছে, সেয়া শুনিলে আপোনাৰো চকু কপালত উঠিব (Scandal in Guwahati city De siltation) ৷

বাৰিষা কালত নলা-নৰ্দমাৰ বোকা পৰিষ্কাৰ কৰাৰ নামত সামান্য বোকা উলিয়াই ৰাজপথত থৈ দিয়া হয় ৷ সেই বোকা বৰষুণত উটি পুনৰ নৰ্দমাতে বিলীন হৈ যায় ৷ এইদৰে ঠিকাদাৰে বিশাল ধন উলিয়াই লৈ যোৱাটো দীৰ্ঘদিনীয়া অভিযোগ ৷ গুৱাহাটীৰ মহানগৰীৰ নলা-নৰ্দমাৰ বোকা নিষ্কাষণক লৈ দীৰ্ঘদিন ধৰি ব্যাপক অনিয়ম চলি অহাৰ কথা সৰ্বজন বিদিত যদিও উপযুক্ত প্ৰমাণৰ অভাৱত আৰক্ষীৰ জালত পৰা নাছিল কোনো লোক (GMC mud scam) ৷

কিন্তু এই বোকাক লৈ এইবাৰ কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ বাবে ৰঙাঘৰৰ আলহী হৈছেগৈ বিতৰ্কিত প্ৰাক্তন এচিএছ বিষয়াকে ধৰি মুঠ 9 জন বিষয়া-কৰ্মচাৰী আৰু ব্যৱসায়ী (GMC Boka scam) ৷ মহানগৰীৰ নলাৰ বোকা সময়মতে সঠিক পৰিমাণে নিষ্কাষণ কৰিবলৈ যি অভিনৱ কৌশলেৰে ধন উলিয়াই নিলে, সেয়া জানি আপুনিও হতচকিত হৈ পৰিব ৷

Guwahati city De siltation scamGuwahati city De siltation scam
গুৱাহাটী পৌৰ নিগমৰ বোকা কেলেংকাৰীৰ নতুন নতুন তথ্য
লুণ্ঠনৰ মূল কৌশল কি আছিল ?

লুণ্ঠনৰ কৌশল সলনি হ’ল গুৱাহাটী পৌৰ নিগমত ৷ গুৱাহাটীৰ নলা-নৰ্দমাৰ পৰা বোকা নিষ্কাষণ কৰিবলৈ গুৱাহাটী পৌৰ নিগমে দায়িত্ব দিয়া ঠিকাদাৰে নিৰ্ধাৰিত বোকা নিষ্কাষণ কৰিছেনে নাই, সেয়া পৰীক্ষা কৰিবলৈ গছত গৰু উঠা অদ্ভূত কৌশল হাতত ল’লে গুৱাহাটী পৌৰ নিগমে ৷ বিশাল পৰিমাণৰ ধন লুণ্ঠনৰ বাবে লোৱা এই কৌশলটো হ’ল নলাৰ পৰা উঠোৱা বোকাসমূহ আকৌ ট্ৰাক, ডাম্পাৰত তুলি নি ৱে ব্ৰীজত জোখাৰ ব্যৱস্থা ৷ এই কৌশলেৰে ৰাজকোষৰ পৰা সংঘবদ্ধ আৰু পৰিকল্পিতভাৱে লুণ্ঠন চলালে কোটি কোটি টকা ৷ ইটিভি ভাৰত অসমৰ হাতত পৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই 4/2022 নম্বৰ গোচৰৰ বিপৰীতে ন্যায়ালয়ত দাখিল কৰা সবিশেষ তথ্য ৷

কি আছে তদাৰকী শাখাৰ এজাহাৰত ?

চি এম ভিজিলেন্সৰ তদন্তত এতিয়ালৈ ধৰা পৰা লুণ্ঠনৰ হাতোৰাৰ মূল অভিযুক্ত আছিল 12 জন ৷

এই ১২ জনীয়া দলৰ নেতৃত্বত কিদৰে চলিল লুণ্ঠন ?

পৰিকল্পনা মতেই নলা-নৰ্দমাৰ পৰা নিষ্কাষণ কৰা বোকা ৱে’ ব্ৰীজলৈ নি জোখাৰ ঠিকা দিয়া হৈছিল মিঠু আগৰৱালা নামৰ এজন ঠিকাদাৰক ৷ ঠিকাদাৰ মিঠু আগৰৱালাৰ প্ৰতিষ্ঠান মেচাৰ্ছ দিনছান গ্ল’বেল ভেন্সাৰ প্ৰাইভেট লিমিটেডক আৱণ্টন দিয়া হ’ল বোকা কঢ়িয়াই নি জোখাৰ ঠিকা ৷ দিনছান গ্ল’বেল প্ৰাইভেট লিমিটেডে বিভিন্ন বাহনেৰে নিষ্কাষণ কৰা বোকা ৱে’ ব্ৰীজত জুখিবলৈ নিয়াৰ নামত তিনিখন বৃহৎ ধনৰাশিৰ বিল দাখিল কৰে ৷

Guwahati city De siltation scam
বোকাৰ নামত 20 কোটি টকা লুণ্ঠনৰ বাবে চলিছিল ষড়যন্ত্ৰ

তাৰে এখন বিলৰ ধনৰ পৰিমাণ আছিল 77,71, 850.00 টকা ৷ দ্বিতীয় বিলৰ ধনৰ পৰিমাণ আছিল 1,09,30,500.00 টকা ৷ তৃতীয়খন বিলৰ ধনৰ পৰিমাণ আছিল 2,21,64,700 টকা ৷

জেচিবি-ডাম্পাৰ ব্যৱহাৰৰ নামত কোটি টকা লুণ্ঠন:

2021 চনৰ 1 জানুৱাৰীৰ পৰা 28 ডিচেম্বৰলৈ জে চি বি আৰু 2021 চনৰ 28 ডিচেম্বৰৰ পৰা 2022 চনৰ 26 জানুৱাৰীলৈ ডাম্পাৰ যোগান ধৰাৰ নামত বিল দাখিল ৷ মিঠু আগৰৱালাৰ দিনছান ভেন্সাৰ প্ৰাইভেট লিমিটেডে 1 কোটি 9 লাখ 30 হাজাৰ 500 টকাৰ প্ৰথমখন বিল দাখিল কৰিছিল ৷ সেই অনুসৰি, শীঘ্ৰেই তৎপৰতাৰে বিলখনৰ 1 কোটি 4 লাখ 93 হাজাৰ 280 টকাৰ মোকলাই দিছিল জি এম চিয়ে ৷ আন এখন 74 লাখ 60 হাজাৰ 975 টকাৰ বিলৰ ধনো ইতিমধ্যে মোকলাই নিছে দিনছান ভেন্সাৰ প্ৰাইভেট লিমিটেডে ৷

তাৰ পাছত জে চি বি আৰু ডাম্পাৰৰ ব্যৱহাৰৰ নামত 2022 চনৰ 27 জুনত দিনছান ভেন্সাৰে আকৌ এখন বিল দাখিল কৰে ৷ এই বিলৰ পৰিমাণ আছিল 2 কোটি 21 লাখ 64 হাজাৰ 700 টকা ৷ কিন্তু এই বিলখনৰ ধন মোকলাই দিয়া হোৱা নাই ৷ এই ধন মোকলাবলৈ তৎপৰতা চলাওতেই কেঁচু খান্দোতে সাপ ওলালে ৷ পোহৰলৈ আহিল গুৱাহাটীৰ নৰ্দমাৰ বোকাক লৈয়ে একাংশই লুণ্ঠন চলালে কোটি কোটি টকা ৷

এই বিলখনৰ পিছতে জি এম চিৰ এগৰাকী জ্যেষ্ঠ শীৰ্ষ বিষয়াৰ বোকা নিষ্কাষণৰ সমগ্ৰ বিষয়টোৰ ওপৰত সন্দেহ ওপজে ৷ তাৰ পাছতে তেওঁ দাখিল কৰা 2 কোটি 21 লাখ টকাৰ বিলখন সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰে ৷ বৰ্তমান এইগৰাকী বিষয়া এখন জিলাৰ প্ৰশাসনীয় দায়িত্বত আছে ৷

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ তদন্তত ধৰা পৰিছে যে, মিঠু আগৰৱালা নামৰ অভিযুক্ত লুণ্ঠনকাৰী ঠিকাদাৰজনে জি এম চিত দাখিল কৰিছিল ভালে সংখ্যক বিসংগতিপূৰ্ণ তথ্য৷ 2022 চনৰ 2 এপ্ৰিলৰ পৰা 2022 চনৰ 26 মে’ পৰ্যন্ত ডাম্পাৰেৰে 4318 গাড়ী বোকা তেওঁ ৱে’ ব্ৰীজলৈ কঢ়িয়াই নিছিল ৷ মেচাৰ্ছ ষ্টীল নামৰ ৱে’ ব্ৰীজত তেওঁ এই নিষ্কাষিত বোকা ওজন কৰা দেখুৱাইছিল ৷ কিন্তু অনুসন্ধানত ওলাই পৰে যে ডাম্পাৰত এই ঠিকাদাৰজনে 4318 ট্ৰিপ নহয় , 1671 ট্ৰিপ বোকাহে কঢ়িয়াইছিল ৷ অৰ্থাৎ 2647 ট্ৰিপ বোকা অধিক কঢ়িওৱা দেখুৱাই এই ঠিকাদাৰজনে বিল দাখিল কৰিছিল ৷

মেছাৰ্ছ ষ্টীল ৱে’ ব্ৰিজৰ বিৰুদ্ধে অনুসন্ধান চলাই জি এম চিৰ শীৰ্ষ বিষয়াই এই ফাঁকি ধৰা পেলায় ৷ তদুপৰি এটা ট্ৰীপত ওজন কৰাৰ নামত মেচাৰ্ছ ষ্টীল উদ্যোগে 100 টকাকৈ ধন লোৱাৰ বিপৰীতে ঠিকাদাৰে বিল দাখিল কৰিছিল 150 টকাকৈ ৷ আনকি ছুইফট ডিজায়াৰ, তিনিচকীয়া গাড়ী, ট্ৰাক আদি গাড়ীৰ নম্বৰতো বোকা কঢ়িওৱা দেখুৱাই বিল দাখিল কৰিছিল ঠিকাদাৰজনে ৷ আনকি যিকেইটা উপঠিকাদাৰী প্ৰতিষ্ঠানে বোকা নিষ্কাষণৰ কাম কৰিছিল তেওঁলোকেও নিষ্কাষিত বোকা কঢ়িওৱা মূল ঠিকাদাৰজনক চিনাক্ত কৰি উলিয়াব নোৱাৰিলে ৷ ওলাল তদাৰকী শাখাৰ তদন্তত ৷

কেৱল বোকা কঢ়িওৱা ঠিকাদাৰ মিঠু আগৰৱালাই এই জালিয়াতি সংঘটিত কৰা নছিল ৷ বোকাৰ নামত ধন লুণ্ঠনৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোত জড়িত আছিল জি এম চিৰ অ’ এছ ডি বাবুলাল শৰ্মা, জি এম চিৰ স্বচ্ছতা বিষয়া আছিফ আহমেদসহ কেবাজনো কাৰ্যবাহী অভিযন্তা ৷ ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে দাখিল কৰা এজাহাৰৰ ভিত্তিত কেইবাজনো বিষয়া আৰু ঠিকাদাৰক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ৷

প্ৰাৰম্ভিক তথ্যৰাজিত পতিয়ন গৈছে ন্যায়ালয় :

ইয়াৰ ভিতৰত বুধবাৰে মুঠ 7 জন মূল অভিযুক্তই বিশেষ ন্যায়াধীশৰ আদালতত জামিনৰ বাবে আবেদন দাখিল কৰিছিল যদিও 5 জনৰ জামিন ন্যায়ালয়ে খাৰিজ কৰে ৷ জি এম চিৰ দুজন অভিযন্তাৰহে জামিন মঞ্জুৰ কৰে ন্যায়ালয়ে ৷ এয়া মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্তৰ এজাহাৰৰ প্ৰাৰম্ভিক তথ্য ৷ আশা কৰা হৈছে সঠিক দিশত তদন্ত আগবাঢ়িলে আৰু অধিক ৰৌ-বৰালী জালত পৰিব ৷

তথ্যমতে অভিযুক্ত সকলে প্ৰায় 20 কোটি টকা বোকা কঢ়িওৱা আৰু জোখাৰ নামত লুণ্ঠনৰ ফন্দি পাতিছিল ৷ কিন্তু তাৰ পূৰ্বেই জি এম চিৰ তদানীন্তন এগৰাকী বিষয়াৰ তৎপৰতাত এই ফন্দি ধৰা পৰিল ৷ প্ৰায় 3 কোটি টকাৰ কেলেংকাৰী ধৰা পৰিল ৷ এতিয়া পৰৱৰ্তী তদন্তত আৰু কি কি ধৰা পৰে সেয়া লক্ষ্যনীয় হ’ব ৷

লগতে পঢ়ক: GMC Mud scandal: আৰক্ষীৰ জালত বোকা কেলেংকাৰীৰ মূল অভিযুক্ত তছদিকুৰ ৰহমান

Last Updated :Nov 9, 2022, 8:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.