ETV Bharat / state

Death anniversary of Bhupen hazarika: মুখ্যমন্ত্ৰীৰ হৃদয়ত বিদ্যুতৰ বাল্বৰ দৰে ছুইচ আছে; ভূপেন বৰা

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 7:18 PM IST

Pradesh Congress President Bhupen Bora
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

অসম মানৱতাৰ বধ্যভূমিলৈ ৰূপান্তৰিত হৈছে বুলি মন্তব্য় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । ভূপেন হাজৰিকা থকা হ'লে শিলসাঁকোক লৈ আৰু এটা গান হ'লহেতেন বুলি তেওঁ মন্তব্য় কৰে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

গুৱাহাটী, ৫ নবেম্বৰঃ "বৰ্তমান সময়ত অসম চৰকাৰ দীনদয়াল উপাধ্যায় আৰু শ্যামা প্ৰসাদ মুখাৰ্জীক লৈ ব্যস্ত ।" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । দেওবাৰে দ্বাদশ মৃত্যু বাৰ্ষিকীত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক সমাধিক্ষেত্রত শ্ৰদ্ধাঞ্জলি জনাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই এইদৰে মন্তব্য় কৰে । সমাধিক্ষেত্রৰ পৰিৱেশ-পৰিস্থিতি আৰু চৰকাৰৰ অবহেলাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে চৰকাৰে অসমৰ জাতীয় নায়কসকলৰ কথা পাহৰিলে ।

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক লৈ চৰকাৰৰ কিমান ব্যস্ত সেয়া চৰকাৰী উদ্যোগত চলি থকা সভাখন দেখিলেই গম পোৱা যায় বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । জাতিক প্ৰাণৱন্ত কৰা জাতীয় নায়কসকলক চৰকাৰে উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে মানৱতাৰ কথা কোৱা ভূপেন হাজৰিকাৰ জন্মভূমি শিলসাঁকো বিলত কি হৈছে । ভূপেন হাজৰিকা থকা হ'লে আৰু এটা গান হ'লহেতেন বুলি উল্লেখ কৰি তেওঁ কয় যে অসম কিদৰে মানৱতা বধ্যভূমিলৈ ৰূপান্তৰিত হৈছে সেয়া সকলোৱে দেখিছে ।

ভূপেন হাজৰিকাৰ প্ৰতি কাৰো শ্ৰদ্ধা-ভক্তি কমা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰখনৰ কোনো আন্তৰিকতা নাই আৰু চৰকাৰখনে মাথো আনুষ্ঠানিকতাহে কৰিছে । ইফালে, অসম লোক সেৱা আয়োগৰ কেলেংকাৰীৰ ক্ষেত্রত মুখ্যমন্ত্রীয়ে কোৱা হৃদয়ৰ কথাৰ প্ৰসংগত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে মুখ্যমন্ত্ৰীৰ হৃদয়ত হয়টো বিদ্যুতৰ বাল্বৰ দৰে ছুইচ আছে । শিলসাঁকো উচ্ছেদৰ সময়ত ছুইচটো বন্ধ হৈ থাকে। এ পি এছ চিত বঞ্চিত হোৱা প্ৰতিভাবান প্ৰাৰ্থীৰ কথা ক'লে ছুইচটো বন্ধ হৈ থাকে । কিন্তু এ পি এছ চিৰ কেলেংকাৰীৰ প্ৰসংগ আহিলেই মুখ্যমন্ত্রীৰ হৃদয়ৰ ছুইচটো খোল খাই যায় বুলি তেওঁ কটাক্ষ কৰে ।

লগতে পঢ়ক:Inspirational Cycle ride story: পৰিৱেশ সুৰক্ষাৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে টিংখাঙৰ পৰা লাডাখলৈ চাইকেল যাত্ৰা দুই অসমীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.