ETV Bharat / state

Rahul Gandhi Modi Surname Row : ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰোধিতা, ৰাজ্যজুৰি কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Mar 25, 2023, 1:39 PM IST

Updated : Mar 25, 2023, 3:24 PM IST

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক কেন্দ্ৰ কৰি কংগ্ৰেছৰ দেশজুৰি প্ৰতিবাদ । অসমতো অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় । গুৱাহাটীত এই প্ৰতিবাদৰ নেতৃত্ব দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন শিকদাৰ আদিয়ে (congress protest against Rahul Gandhi disqualification) ।

congress protest
congress protest

গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাহাটী, ২৫ মাৰ্চ : কংগ্ৰেছ নেতা তথা কেৰালাৰ ৱায়নাড় সমষ্টিৰ লোকসভাৰ সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ প্ৰতিবাদত কংগ্ৰেছ দলে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে (congress protest against Rahul Gandhi disqualification) । অসমতো কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ তীব্ৰ প্ৰতিবাদ জনাইছে অসম প্ৰদেশ কংগ্ৰেছে (APCC protest against Rahul Gandhi disqualification) ।

তাৰে অংশ হিচাপে শনিবাৰে অসমৰ বিভিন্ন ঠাইৰ লগতে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতো তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰদেশ কংগ্ৰেছে । অসম কংগ্ৰেছ বিধায়িনী দলৰ সদস্যসকলৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছে দিছপুৰ বিধানসভা চৌহদৰ পৰা ৰাজভৱন অভিমুখে এক প্ৰতিবাদী যাত্ৰা কৰে (congress protest rally from Janata Bhaban) । কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰকিবুল হুছেইন, জাকিৰ হুছেইন শিকদাৰ আদি নেতাৰ নেতৃত্বত কংগ্ৰেছৰ শ শ প্ৰতিবাদকাৰী গুৱাহাটীৰ ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Rahul Gandhi Modi surname issue) ।

কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা আৰু লোকসভা সচিবালয়ক এই নিৰ্দেশনা উঠাই ল'বলৈ দাবী জনাই বিজেপিবিৰোধী বিভিন্ন ধ্বনি দি ৰাজপথ উত্তাল‌ কৰি তোলে । ইফালে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰাৰ ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত হতাহতিৰ সৃষ্টি হয় । প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, জাকিৰ হুছেইন শিকদাৰে কয় যে দেশৰ সাংবিধানিক গণতন্ত্ৰ আজি বিপদাপন্ন ।

ৰাহুল গান্ধীৰ সাংসদ‌ পদ খাৰিছ কৰি‌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ‌ বিজেপি চৰকাৰে স্বৈৰাচাৰী শাসনৰ‌ পৰিচয় দাঙি ধৰিছে । ৰাহুল গান্ধীয়ে গৌতম আদানিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰিত্ৰ উদঙাই দিয়াৰ‌ বাবে ৰাহুল গান্ধীক নৰেন্দ্ৰ মোডীয়ে লক্ষ্য হিচাপে লৈছে । তেওঁলোকে কয়- বিজেপিয়ে ভাবিছে যে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰি ৰাহুল গান্ধীক দুৰ্বল কৰা হ'ব । কিন্তু ৰাহুল গান্ধী ইয়াৰ ফলত ভীতিগ্ৰস্ত ন'হৈ বৰং বেছি শক্তিশালীহে হ'ব ।

উল্লেখ্য, মোডী উপাধি সম্পৰ্কীয় এক মন্তব্যৰ বাবে তৰা মানহানি গোচৰত বৃহস্পতিবাৰে ৰাহুল গান্ধীক চুৰাটৰ এখন আদালতে দোষী সাব্যস্ত কৰাৰ লগতে দুবছৰৰ কাৰাদণ্ড বিহে । ইয়াৰ পিছত শুকুৰবাৰে লোকসভাৰ অধ্যক্ষ ওম বিড়লাই ৰাহুল গান্ধীক সংসদত অযোগ্য ঘোষণা কৰে । তাৰ পিছৰ পৰায়ে কংগ্ৰেছকে ধৰি দেশৰ বিৰোধী দলবোৰ সোচ্চাৰ হৈ আহিছে ।

লগতে পঢ়ক :Modi Surname Issue : ১২ এপ্ৰিলত পাটনা আদালতত হাজিৰ হ’ব লাগিব ৰাহুল গান্ধী

Last Updated :Mar 25, 2023, 3:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.