ETV Bharat / state

তথ্যচিত্ৰ নিৰ্মাণেৰে আজমলক দুই নম্বৰীৰ পৰা এক নম্বৰী কৰিব

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 7:01 PM IST

Congress MLA Jakir Hussain Sikdar reacts
তথ্যচিত্ৰ নিৰ্মাণেৰে আজমলক দুই নম্বৰীৰ পৰা এক নম্বৰী কৰিব

‘24ত কেন্দ্ৰত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি দাবী কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷ তথ্যচিত্ৰ নিৰ্মাণেৰে আজমলৰ ক’লা অধ্যায় লুকাব বিচাৰিছে বুলি কলে বিধায়কগৰাকীয়ে ৷

তথ্যচিত্ৰ নিৰ্মাণেৰে আজমলক দুই নম্বৰীৰ পৰা এক নম্বৰী কৰিব

গুৱাহাটী, 6 ডিচেম্বৰ : নাও বুৰিলেও টিঙৰ পৰা নানামে অসমৰ কংগ্ৰেছৰ নেতাসকল ৷ বৰঞ্চ ‘24ত কেন্দ্ৰত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলিহে দাবী কৰিছে কংগ্ৰেছৰ বিধায়ক তথা কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৷ বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত দলীয় সভাত অংশগ্ৰহণ কৰাৰ পাচত এই মন্তব্য কৰিলে কংগ্ৰেছৰ বিধায়গৰাকীয়ে ৷

শেহতীয়াকৈ পাঁচ ৰাজ্যৰ নিৰ্বাচনত চাৰি ৰাজ্যত কংগ্ৰেছৰ পৰাজয়ৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক শিকদাৰে কয়, ‘‘ বিজেপিয়ে পাঁচ ৰাজ্যৰ ভিতৰত তিনিখনতহে জয়লাভ কৰিছে, পঁচখনত নহয় ৷ তিনি ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলে অসমত কোনো প্ৰভাৱ নপেলায় ৷ ভাৰতত এনে বহু উদাহৰণ আছে য’ত বিধানসভা নিৰ্বাচনত জয়ী হৈ লোকসভাত পৰাজয় হয় ৷ ‘24ত কেন্দ্ৰত কংগ্ৰেছৰে চৰকাৰ হ’ব ৷’’

আনহাতে, এ আই ইউ ডি এফৰ নেতাই সাংসদ বদৰুদ্দিন আজমলক লৈ তথ্যচিত্ৰ নিৰ্মাণৰ পৰিকল্পনাৰ প্ৰংসগত বিধায়ক শিকদাৰে কয়, ‘‘আজমলক লৈ তথ্যচিত্ৰ নিৰ্মাণ কৰি আজমলৰ ক’লা অধ্যায় লুকাব বিচাৰিছে ৷ আজমলৰ ক’লা অধ্যায় লুকাব বিচাৰিলেও লাভ নহ'ব ৷ আজমলক দেখুওৱাবলগীয়া কিবা আছে নেকি ! তেওঁৰ মনত এটা বাহিৰত এটা ৰূপ ৷ তেওঁৰ লক্ষ্য উদ্দেশ্য ৰাইজৰ চকুত ধৰা পৰিছে ৷ সংখ্যালঘু মুছলমানৰ আগত তেওঁৰ দুই নম্বৰী কাম ধৰা পৰিছে ৷ সেয়েহে তেওঁক এক নম্বৰী বনাবলৈ তথ্যচিত্ৰ বনাব ৷’’

তেওঁ কয় যে, সংখ্যালঘু মুছলমান ৰাইজৰ আগত জবাবদিহি হৈছে সাংসদ আজমল ৷ এই কথাবোৰ তল পেলাবলৈ আজমলৰ বিষয়ে তথ্যচিত্ৰ বনাব ৷ সংখ্যালঘু মুছলমান ৰাইজে আহি থকা দিনত বদৰুদ্দিন আজমলক ৰাজনৈতিকভাৱে বিদায় দিয়াৰ সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰে বিধায়ক শিকদাৰে ৷

লগতে পঢ়ক : ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংকট মোচন বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.