ETV Bharat / state

Constitution delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

author img

By

Published : Aug 16, 2023, 9:28 PM IST

Constitution delimitation
Constitution delimitation

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ অগপৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ অগপৰ মুখ্য কাৰ্যালটো বিবাহ ভৱন কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিচৰা বুলি মন্তব্য শইকীয়াৰ ৷

মষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১৬ আগষ্ট: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছতে অগপত ব্যাপক অসন্তুষ্টিয়ে দেখা দিছে । ইতিমধ্যে দলটোৰ জ্যেষ্ঠ নেতা তথা বিধায়ক প্ৰদীপ হাজৰিকাই পদত্যাগ কৰিছে । বিজেপিৰ মিত্ৰদল অগপত দেখা দিয়া ক্ষোভ আৰু অসন্তুষ্টি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাছতে অগপ দলৰ তৃণমূল কৰ্মীসকলে ক্ষোভ ব্যক্ত কৰিছে ৷ এটা সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অগপ দলৰ মুখ্য কাৰ্যালয়টো বিবাহ ভৱন বনোৱাই ভাল বুলি কৈছিল । বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে অগপ দলৰ কাৰ্যালয়টো তেনেকুৱাই কৰিবলৈ গৈ আছে বুলি দলটোৰ কৰ্মীসকলে অনুভৱ কৰিছে ।

অগপ দলৰ কৰ্মীসকলৰ ক্ষোভ সন্দৰ্ভত তেওঁ কয় যে অগপৰ দখলত থকা বহুকেইটা সমষ্টিৰ ব্যাপক পৰিৱৰ্তন সাধন কৰা হ'ল । বিজেপিয়ে অসমীয়া জাতীয়তাবাদ ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অগপৰ কৰ্মীসকলে সন্দেহ প্ৰকাশ কৰিছে । তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰীয়ে কিয় প্ৰায়ে সাম্প্ৰদায়িক মন্তব্য দিয়ে সেয়া তেওঁৰ বোধগম্য নহয় ।

সাংবিধানিক পদবীত থকা ব্যক্তিয়ে সকলোকে সমদৃষ্টিৰে চাব লাগে বুলি তেওঁ কয় । আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে যদিও সমষ্টিৰ মেপখন এতিয়ালৈকে দিয়া নাই বুলি উল্লেখ কৰি তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ পৰা আমি ন্যায় আশা কৰিছো ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত তেওঁৰ সমষ্টিৰ পৰা এটা পঞ্চায়ত আঁতৰ কৰি শিৱসাগৰত সংলগ্ন কৰাক লৈ তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । ইফালে বিৰোধী শক্তিৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় সংকলন উত্তৰ পূৰ্বাঞ্চলৰ পৰা আৰম্ভ কৰাৰ বাবে আমি দলীয় নেতৃত্বৰ প্ৰতি আহ্বান জনাইছো ।

লগতে পঢ়ক: Delimitation Notification ECI: নিৰ্বাচন আয়োগৰ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনাত ৰাষ্ট্ৰপতিৰ অনুমোদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.