ETV Bharat / state

Delimitation Notification ECI: নিৰ্বাচন আয়োগৰ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনাত ৰাষ্ট্ৰপতিৰ অনুমোদন

author img

By

Published : Aug 16, 2023, 7:12 PM IST

ৰাষ্ট্ৰপতিয়ে চূড়ান্ত অনুমোদন জনালে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ তালিকাত ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে সদৰি কৰে এই তথ্য ৷ অসমৰ ইতিহাসত তেওঁ ইয়াক এক উল্লেখযোগ্য মাইলৰ খুঁটি বুলি উল্লেখ কৰে ।

Delimitation Notification ECI
নিৰ্বাচন আয়োগৰ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনাত ৰাষ্ট্ৰপতিৰ অনুমোদন

গুৱাহাটী, ১৬ আগষ্ট: চূড়ান্ত ছীল-মোহৰ পৰিল অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ তালিকাত ৷ দেশৰ ৰাষ্ট্ৰপতিয়ে বুধবাৰে চূড়ান্ত অনুমোদন জনালে দেশৰ নিৰ্বাচন আয়োগে ১১ আগষ্টত জাৰি কৰা কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনাত । বুধবাৰে বিয়লি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে সদৰী কৰিলে এই তথ্য ৷ নিজৰ টুইটাৰত লিখিছে “আজি মাননীয় ৰাষ্ট্ৰপতিয়ে অসমৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে জাৰি কৰা সীমা নিৰ্ধাৰণ অধিসূচনাত অনুমোদন জনাইছে । অসমৰ ইতিহাসত এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰা হৈছে । জয় মা ভাৰতী জয় আই অসম ৷”

  • Today the Honorable President has approved the Delimitation Notification issued by the Election Commission of India for Assam.

    A significant milestone has been achieved in the history of Assam.
    Jai Maa Bharati
    Jai Aai Asom pic.twitter.com/TAtJShfxK0

    — Himanta Biswa Sarma (@himantabiswa) August 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আইন আৰু ন্যায় মন্ত্ৰালয়ৰ এক জাননীযোগে ৰাষ্ট্ৰপতিৰ নিৰ্দেশটো সদৰী কৰিছে ৷ জাননীখনত কোৱা হৈছে “সাধাৰণ তথ্যৰ বাবে ৰাষ্ট্ৰপতিয়ে দিয়া আদেশ প্ৰকাশ কৰা হৈছে: সংবিধানৰ ৮২ নং অনুচ্ছেদ আৰু ১৭০(৩) অনুচ্ছেদৰ বিধান অনুসৰি সংবিধান (৮৪তম সংশোধনী) আইন, ২০০১ দ্বাৰা সংশোধন কৰা অনুসৰি সংসদে সীমা নিৰ্ধাৰণ আইন, ২০০২ (২০০২ চনৰ ৩৩) প্ৰণয়ন কৰে আৰু প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভূখণ্ডীয় সমষ্টিৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ উদ্দেশ্যৰে পুনৰ নিৰ্ধাৰণ কৰিবলৈ আয়োগ গঠন কৰা হৈছিল ৷

এছ.অ.২৮৩-২৮৬, ৮ ফেব্ৰুৱাৰী ২০০৮ তাৰিখৰ সীমা নিৰ্ধাৰণ আইন, ২০০২ (২০০২ চনৰ ৩৩) ধাৰা ১০এফ অনুসৰি জাৰি কৰা ৰাষ্ট্ৰপতিৰ আদেশৰ দ্বাৰা অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ ৰাজ্যৰ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ পিছুৱাই দিয়া হৈছিল ৷”

সমষ্টি পুনৰ নিৰ্ধাৰণৰ আইনগত দিশসমূহ সন্নিবিষ্ট কৰি আন আন কথাৰ লগতে ৰাষ্ট্ৰপতিৰ আদেশটোত উল্লেখ কৰা হৈছে যে যিহেতু ৰাষ্ট্ৰপতিয়ে, ২০২০ ৰ ২৮ ফেব্ৰুৱাৰীত যি পৰিস্থিতিৰ ফলত অসমত সীমা নিৰ্ধাৰণৰ কাম স্থগিত ৰখা হৈছিল তাৰ এতিয়া আৰু অস্তিত্ব নাই । সেয়ে সংসদ আৰু বিধানসভাৰ নিৰ্বাচনৰ উদ্দেশ্যে অসম ৰাজ্যৰ ভূখণ্ডীয় সমষ্টি পুনৰ সীমা নিৰ্ধাৰণ কৰিবলৈ ২০০৮ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখৰ অধিসূচনা বাতিল কৰা হয় ।

উল্লেখ্য যে, নিৰ্বাচন আয়োগে অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিৰ সীমা নিৰ্ধাৰণ সম্পূৰ্ণ কৰি চূড়ান্ত তালিকা প্ৰকাশ কৰিছে ৷ এই বছৰৰ ২০ জুনত প্ৰকাশ কৰা হয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ ৷ অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই যোৱা ১১ আগষ্টত প্ৰকাশ কৰা হয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা ৷

তাৰ পিছতেই আজি অৰ্থাৎ বুধবাৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অনুমোদন জনায় এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত ৷ ৰাষ্ট্ৰপতি গৰাকীয়ে আদেশটোত উল্লেখ কৰে, “... এতিয়া গতিকে সংবিধানৰ ১৭০ নং অনুচ্ছেদৰ দ্বিতীয় বিধান আৰু ১৭০ নং অনুচ্ছেদৰ দফা (৩)ৰ দ্বিতীয় বিধানে প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি মই, ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অসম ৰাজ্যৰ সন্দৰ্ভত, ১৬ আগষ্ট, ২০২৩ তাৰিখে ধাৰ্য কৰিছো যে ২০ জুন ২০২৩ তাৰিখে প্ৰকাশিত নিৰ্বাচন আয়োগৰ অধিসূচনা নং S.No. ১৯ (অ) vide S.O. ১ আৰু অধিসূচনা নং এছ.নং. ৩৩ (ই), তাৰিখ ১১ আগষ্ট, ২০২৩ vide S.O. ২ কাৰ্যকৰী হ’ব ।”

লগতে পঢ়ক: Constituency delimitation final list:সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত ১৪টা লোকসভাৰ সমষ্টিৰ নতুনত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.