ETV Bharat / state

চাকৰিৰ গেৰাণ্টি লৈ নিবনুৱাৰ কাষলৈ কংগ্ৰেছ !

author img

By

Published : Mar 27, 2021, 8:26 PM IST

চাকৰি সৃষ্টিৰ বিষয়ত যুৱক-যুৱতীসকলৰ সৈতে কংগ্ৰেছে আৰম্ভ কৰিছে বাৰ্তালাপ । কংগ্ৰেছে নেতৃত্ব দিয়া মহাঁজোটে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া ৩৯টা সমষ্টিত দেওবাৰে অনুষ্ঠিত কৰিব 'পাঁচ লাখ চৰকাৰী চাকৰিৰ পৰিকল্পনাঃ এটি কথোপকথন' শীৰ্ষক মত-বিনিময় অনুষ্ঠান ।

চাকৰিৰ গেৰাণ্টি লৈ নিবনুৱাৰ কাষলৈ কংগ্ৰেছ !
চাকৰিৰ গেৰাণ্টি লৈ নিবনুৱাৰ কাষলৈ কংগ্ৰেছ !

গুৱাহাটী, ২৭ মাৰ্চ: কংগ্ৰেছে 'পাঁচ লাখ চৰকাৰী চাকৰিৰ পৰিকল্পনাঃ এটি কথোপকথন' শীৰ্ষক মত-বিনিময় অনুষ্ঠানৰ যোগেদি নিবনুৱা যুৱক-যুৱতীসকলৰ কাষলৈ যোৱাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । অসমৰ নিবনুৱা যুৱক-যুৱতীসকলৰ সৈতে আৰম্ভ কৰা এই অনুষ্ঠান ২৮ মাৰ্চত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া ৩৯টা সমষ্টিত অনুষ্ঠিত কৰা হ'ব ।

ইতিমধ্যে এই অনুষ্ঠান ৪৭টা সমষ্টিত সম্পন্ন হৈ গৈছে । দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া ৩৯টা সমষ্টিৰ বাবে কংগ্ৰেছে পাঁচ লাখ চৰকাৰী চাকৰি গেৰাণ্টিৰ বাবে পঞ্জীয়ন কৰা নিবনুৱাসকলক লৈ এই অনুষ্ঠানৰ আয়োজন কৰিছে । এই অনুষ্ঠানৰ নেতৃত্ব বহন কৰিব সমষ্টিবোৰৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলে । এই কাৰ্যসূচীৰ প্ৰশ্নোত্তৰ শিতানত দলৰ প্ৰাৰ্থীসকলে অনুষ্ঠানত ভাগ লোৱাসকলৰ সৈতে এজন এজনকৈ পোনপটীয়া আলোচনাত মিলিত হ'ব ।

প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই জনোৱা মতে, সমগ্ৰ ৰাজ্যৰ ১ লাখ ৬০ হাজাৰৰো অধিক লোকে কংগ্ৰেছৰ ৱেবছাইট www.congressor5guarantee.inত নিজৰ নাম পঞ্জীয়ন কৰিছে । এই কাৰ্যসূচীৰ যোগেদি প্ৰাৰ্থীসকলে দলৰ অনলাইন চাকৰি গেৰাণ্টি কাৰ্যসূচীৰ বিষয়ে ৰাইজে সোধা প্ৰশ্নসমূহৰো উত্তৰ দিব আৰু ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলক দলৰ ৱেবছাইটত তেওঁলোকৰ আবেদন দাখিল কৰিবলৈ অনুপ্ৰাণিত কৰিব ।

তদুপৰি ৱেবছাইটত নিজৰ নাম এতিয়ালৈকে পঞ্জীয়ন নকৰা সকলকো অনুষ্ঠানত ভাগ লোৱাৰ সুবিধা দিব আৰু দলৰ নেতাসকলে তেওঁলোকৰ প্ৰশ্নসমূহৰো উত্তৰ দিব । ৰাজস্থানৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলট, নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছৰ জনসংযোগ কমিটীৰ অধ্যক্ষা সুস্মিতা দেৱে শিলচৰ আৰু কৰিমগঞ্জত “চাকৰি গেৰাণ্টি পৰিকল্পনা” বিষয়ক এই মত-বিনিময়ভিত্তিক কাৰ্যক্ৰমৰ নেতৃত্ব দিব ।

এই কাৰ্যসূচীৰ যোগেদি কংগ্ৰেছ ক্ষমতালৈ আহিলে ৫ লাখ চৰকাৰী চাকৰিৰ গেৰাণ্টি কি দৰে পূৰণ কৰিব সেই সম্পৰ্কে অৱগত কৰিব । তদুপৰি ৰাইজে উত্থাপন কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিব । উল্লেখ্য যে, কংগ্ৰেছে চাকৰিকে ধৰি পাঁচটা গেৰাণ্টিক লৈ ব্যাপক প্ৰচাৰ অভিযান চলাইছে ।

লগতে পঢ়ক:কলিয়াবৰত ভোটগ্ৰহণ কেন্দ্ৰত উলংঘা ক’ভিড প্ৰ’টকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.