ETV Bharat / state

যোৰাবাটত জব্দ কয়লা ভৰ্তি ট্ৰাক

author img

By

Published : Dec 25, 2019, 4:05 PM IST

মঙলবাৰে মেঘালয়ৰ লাটুমবাইৰ পৰা গুৱাহাটীৰ বেলতলা দিশে গৈ থকা অৱস্থাত এখন চোৰাং কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে যোৰাবাট আৰক্ষীয়ে ।

coal loaded truck seized at jorabat
মহানগৰীত জব্দ কয়লা ভৰ্তি ট্ৰাক

গুৱাহাটী, 25 ডিচেম্বৰঃ ৰাজ্যত ভয়াৱহ ৰূপ লৈছে কয়লা চোৰাং ব্যৱসায়ে ৷ মহানগৰীত বহুদিন ধৰি চোৰাং কয়লা সৰবৰাহৰ ঘটনা সংঘটিত হৈ আহিছে ৷ যোৰাবাট আৰক্ষীয়ে মঙলবাৰে আৰক্ষী চকীৰ সন্মুখত চলোৱা এক বিশেষ অভিযানত জব্দ কৰে এখন কয়লা ভৰ্তি ট্ৰাক ।

যোৰাবাটত জব্দ কয়লা ভৰ্তি ট্ৰাক

মেঘালয়ৰ লাটুমবাইৰ পৰা গুৱাহাটীৰ বেলতলা দিশে লৈ গৈ থকা অৱস্থাত AS 01 LC 8260 নম্বৰৰ এখন চোৰাং কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে যোৰাবাট আৰক্ষীয়ে । নথিপত্ৰ অবিহনে যান-বাহন নিয়ম উলংঘা কৰি 35 টন কয়লা মেঘালয়ৰ পৰা গুৱাহাটীলৈ আনিছিল । ট্ৰাক চালক বিপ্লৱ নাথক (25) যোৰাবাট আৰক্ষীয়ে সোধ-পোচৰ বোবে গ্ৰেপ্তাৰ কৰে ।

আৰু পঢ়কঃ গুৱাহাটীত বৰদিনৰ ব্যাপক প্ৰস্ততি

Intro:কয়লা ভৰ্তি ট্ৰাক জব্দ, চালক গ্ৰেপ্তাৰ


Body:বিগত কেইদিনে ৰাজ্যত ভয়াৱহ ৰূপ লৈছে চোৰাং অবৈধ কয়লা সৰবৰাহ। দৈনিক ইটোৰ পাছত সিটোকৈ অবৈধ কয়লা সৰবৰাহৰ ঘটনা সংঘটিত হৈ আহিছে যদিও ইয়াৰ বিৰুদ্ধে সঠিক পদক্ষেপ লোৱাত ব্যৰ্থ আৰক্ষী প্ৰশাসন। যোৰাবাট আৰক্ষীয়ে আৰক্ষী চকীৰ সন্মুখত চলোৱা এক বিশেষ অভিযানত এখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে। মেঘালয়ৰ লট্ৰামবাইৰ পৰা গুৱাহাটীৰ বেলতলা পিনে লৈ গৈ থকা সময়ত AS01 LC 8260 নম্বৰৰ এখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে। উক্ত ট্ৰাকখনত কোনো নথিপত্ৰ অবিহনে যান বাহন নিয়ম উলংঘা কৰি 35 টন কয়লা অবৈধ মেঘালয়ৰ পৰা গুৱাহাটীলৈ লৈ অনা হৈছিল। অবৈধ কয়লা ভৰ্তি ট্ৰাক চালক বিপ্লৱ নাথক (25 গুৱাহাটী) যোৰাবাট আৰক্ষীয়ে সোধ পোচৰ বাবে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ দ্বাৰাই প্ৰমাণিত হৈছে যে ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং অবৈধ কয়লা সৰবৰাহ। Bite ট্ৰাক চালক


Conclusion:উল্লেখযোগ্য যে ৰাজ্যত অবৈধ কয়লা সৰবৰাহ সন্দৰ্ভত অপৰাধ অনুসন্ধান শাখাই যোৱা 29 অক্টোবৰত গোপন সূত্ৰৰ ভিত্তিত খবৰ পাইছিল যে শ শ অবৈধ কয়লা ভৰ্তি ট্ৰাক অসম মেঘালয় সীমান্তৱৰ্তীত থকা 6 নং ৰাষ্ট্ৰীয় ঘাই পথেৰে মহানগৰীত প্ৰৱেশ কৰাৰ বাবে ৰৈ আছে। চি আই ডিৰ এটা দলে 29 অক্টোবৰৰ নিশা খানাপাৰাত এক অভিযান চলাই AS 01 GC 9077 অবৈধ কয়লা ভৰ্তি ট্ৰাকসহ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। অবৈধ কয়লা সৰবৰাহ সন্দৰ্ভত চি এই ডিয়ে গোচৰ নং 8/2018 ভিত্তিত মুঠ 19 লোকক গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং অবৈধ কয়লা সৰবৰাহ। ইতিমধ্যে যোৰাবাট আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। Asrar Ansari Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.