ETV Bharat / state

CNG buses vanish from Guwahati streets: গুৱাহাটী মহানগৰীত অন্তৰ্ধান হ’ল CNG বাছ সেৱা

author img

By

Published : Feb 10, 2023, 10:37 PM IST

শুকুৰবাৰে পুৱাৰে পৰা গুৱাহাটী মহানগৰীত চলা নাই CNG গেছ চালিত এখনো বাছ ৷ কাৰণ বাছ থৈ চালক বহিল প্ৰতিবাদত ৷ যাত্ৰীৰ টিকট জমা দিব নোৱাৰাৰ বাবে অব্যাহতি দুজন চালকক ৷ এই দুগৰাকী চালকক পুনৰ চাকৰিত নিয়োগ আৰু সকলো বাছ চালকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আজি চালকসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (CNG bus drivers and conductors protests) ৷

CNG buses strike demanding cancellation of ASTC conductor termination in Guwahati
CNG বাছ চালকৰ প্ৰতিবাদ

CNG বাছ চালকৰ প্ৰতিবাদ

গুৱাহাটী, ১০ ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীত চালকৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিল CNG গেছ চালিত বাছ সেৱা । শুকুৰবাৰে পুৱাৰে পৰা মহানগৰীৰ ৰাজপথৰ পৰা অন্তৰ্ধান হ’ল CNG গেছ চালিত বাছসমূহ (CNG buses vanish from Guwahati streets)। মহানগৰীৰ ISBT ত শাৰী শাৰীকৈ ৰখাই থৈ প্ৰতিবাদত বহিল CNG বাছৰ চালক তথা হেণ্ডিমেনসকল (CNG Drivers protest demanding regularization of jobs in Guwahati) ।

জানিব পৰা মতে বৃহস্পতিবাৰে দুগৰাকী যাত্ৰীৰ টিকট জমা দিব পৰা নাছিল কৰ্তৃপক্ষক আৰু জমা দিব নোৱাৰাৰ অজুহাততেই দুগৰাকী চালকক চাকৰিৰ পৰা অব্যাহতি দিয়া হয় (CNG bus drivers dismissed) । কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ বিৰোধীতাৰে প্ৰতিবাদত বহিল CNG বাছসেৱাৰ লগত জড়িত কৰ্মচাৰীসকল (CNG bus drivers protest in Guwahati) ৷

প্ৰতিবাদকাৰী চালকৰ অভিযোগ, দিনটোৰ অন্তত কাৰ্যালয়ত তেওঁলোকে জমা দিব লাগে অধিক পৰিমাণৰ ধন । আনহাতে তেওঁলোকৰ যি দৰমহা সেয়াও শ্ৰম অনুসৰি বহু পৰিমানে কম । লগতে দীৰ্ঘদিন ধৰি ন্যূনতম মজুৰিত নিয়মীয়াকৰণ নোহোৱাকৈ ASTC তথা CNG বাছ চলাই থাকিবলগীয়া হোৱাৰ কথা উল্লেখ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী চালকসকলৰ দাবী, তেওঁলোকৰ চাকৰি নিয়মীয়া কৰক আৰু শীঘ্ৰেই দুজন চালকক চাকৰিত নিয়োগ কৰক অন্যথা এই প্ৰতিবাদ দীঘলীয়া হ’ব বুলিও উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে (CNG bus drivers protest) ।

লগতে পঢ়ক: NPS employees protest: নতুন পেঞ্চন আচনি বাতিলৰ দাবীত যোৰহাটত NPS কৰ্মচাৰীৰ কৰ্মবিৰতি

উল্লেখ্য যে, এই চালকসকলে বিগত বাৰ তেৰ বছৰ ধৰি অসম ৰাজ্যিক পৰিবহণ সংস্থাৰ অধীনত অস্থায়ী বাছ চালক হিচাপে কৰ্ম সম্পাদন কৰি আহিছে । আৰম্ভনিত মাহে ৩ হাজাৰকৈ দৰমহা লাভ কৰা এই চালকসকলে পৰৱৰ্তী সময়ত দৰমহা হিচাপে লাভ কৰে ৮ হাজাৰ ৫০০ টকা । যাৰ বাবে তেওঁলোকে পৰিয়াল পোহপাল দিবলৈও নানান সমস্যা হোৱা বুলিও মন্তব্য কৰে চালকসকলে ।

অতি শীঘ্ৰেই তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ আৰু অব্যাহতি দিয়া চালক দুজনৰ অব্যাহতি উঠাই ল’বলৈ দাবী উত্থাপন কৰে প্ৰতিবাদী চালকসকলে । বিগত বছৰ বছৰ ধৰি কাম কৰি থকা চালক দুজনক সামান্য কথাতে অব্যাহতি দিয়াৰ কথা উল্লেখ কৰি তেওঁলোকৰ ভৱিষ্যত সম্পূৰ্ণ অনিশ্চয়তাত থকা বুলি প্ৰতিবাদী চালক পৰিচালকসকলে জনায় । তেওঁলোকৰ দাবীসমূহ চৰকাৰে অতি শীঘ্ৰে মানি নল’লে ইয়াতকৈও অধিক তীব্ৰ ৰূপত আন্দোলন আৰম্ভ কৰিব বুলিও পৰিবহণ কৰ্তৃপক্ষক সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে (CNG buses strike) ৷

লগতে পঢ়ক: Rupjyoti Kurmi slams Akhil Gogoi: মাওবাদীৰ ধনেৰে আন্দোলন কৰে অখিল গগৈয়ে; বিধায়ক ৰূপজ্যোতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.