ETV Bharat / state

Guwahati Smart City Project: পাণবজাৰৰ সৌন্দৰ্যবৰ্ধনৰ কাম পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jan 13, 2023, 5:24 PM IST

Guwahati
Guwahati

গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ নিৰ্মাণস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ । শুকুৰবাৰে পাণবজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন হিমন্ত বিশ্ব শৰ্মাৰ । ব্ৰহ্মপুত্ৰৰ পাৰক পৰ্যটনস্থলীলৈ ৰূপান্তৰৰ বাবে চলি আছে সৌন্দৰ্যবৰ্ধনৰ কাম । প্ৰায় ৩২৭.৩১ কোটি টকা বাজেটৰ এই প্ৰকল্পৰ কাম ২০২৫ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য (CM visited Guwahati Smart City Project site) ।

গুৱাহাটী, ১৩ জানুৱাৰী : গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ (Guwahati Smart City Project) অংশ হিচাপে ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্যবৰ্ধনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে । এই কামৰ অগ্ৰগতিৰ পৰ্যবেক্ষণ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে পাণবজাৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে (CM visited Guwahati Smart City Project site) ।

পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী অশোক সিংহল, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভনকে ধৰি অন্যান্যসকল উপস্থিত থাকে । পৰিদৰ্শনকালত সংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, "গুৱাহাটীক স্মাৰ্ট চিটী হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আমি ব্ৰহ্মপুত্ৰ নদীমুখ প্ৰকল্প ৰূপায়ণ অব্যাহত ৰাখিছোঁ । আজি ইয়াৰ অংশস্বৰূপে পাণবজাৰৰ নিৰ্মাণ ক্ষেত্ৰ পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লৈ গুণগত মানসম্পন্ন নিৰ্মাণেৰে প্ৰকল্পটি সময়মতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছোঁ (CM visited Panbazar development site) ।

গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ পাৰৰ সৌন্দৰ্যবৰ্ধনৰ কাম পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ পাৰৰ সৌন্দৰ্যবৰ্ধনৰ কাম পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

তদুপৰি, কাৰ্যকৰী সংস্থাৰ সৈতে আলোচনা কৰি নিৰ্মাণ ক্ষেত্ৰৰ গোটেই দৃশ্যপটৰ এক সংহত সমতা বজাই ৰাখি আকৰ্ষণীয় ৰূপত গঢ় দিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ ।" গুৱাহাটী মহানগৰীক নতুন ৰূপ দিয়া হ'ব বুলিও তেওঁ কয় । যাৰ ফলত ভৱিষ্যতে গুৱাহাটীৰ মানুহে এক বিশেষ পৰিৱেশত ব্ৰহ্মপুত্ৰ নৈৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব (Beautification of Guwahati City) ।

উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ পাৰক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক অভিলাষী আঁচনি ঘোষণা কৰিছিল । ইফালে মহানগৰীৰ ৰাজভৱনৰ পৰা কামাখ্যা পাহাৰলৈ প্ৰায় ৬ কিলোমিটাৰ স্থানত ব্ৰহ্মপুত্ৰৰ পাৰৰ উন্নয়নৰ লগতে সৌন্দৰ্যবৰ্ধনৰ কথা স্মাৰ্ট চিটী ৱেবছাইটতো উল্লেখ কৰা হৈছে । এই অভিলাষী আঁচনিৰ অধীনতে ইতিমধ্যে কাম আৰম্ভ হৈছে (Brahmaputra river bank development work start) ।

পাণবজাৰৰ স্মাৰ্ট চিটী প্ৰকল্পস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
পাণবজাৰৰ স্মাৰ্ট চিটী প্ৰকল্পস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

প্ৰায় ৩২৭.৩১ কোটি টকা বাজেটেৰে ২০২৫ চনৰ মাৰ্চ মাহৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য আগত ৰখা হৈছে । উজানবজাৰৰ নতুন উপায়ুক্তৰ বাসভৱনৰ পৰা কাছাৰীঘাটলৈ ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়নৰ কাম আৰম্ভ কৰা বুলি স্মাৰ্ট চিটী গুৱাহাটীৰ এক সূত্ৰই প্ৰকাশ কৰিছে । স্মাৰ্ট চিটী গুৱাহাটীৰ সূত্ৰটোৱে প্ৰকাশ কৰা মতে, MS ITD cementation India Ltd নামৰ কোম্পানীটোক এই প্ৰকল্পৰ কাম দিয়া হৈছে । তেওঁলোকে ইতিমধ্যে ভূমিৰ জৰীপ সম্পূৰ্ণ কৰিছে । কামো আৰম্ভ কৰা হৈছে । এই আঁচনিৰ অধীনত উজানবজাৰৰ সতী ৰাধিকা উদ্যান, উজানবজাৰ মাছৰ বজাৰ, উজান বজাৰঘাট আদি পুনৰ মেৰামতি কৰা হ'ব ।

গুৱাহাটীৰ বিভিন্ন উন্নয়নমূলক কাম পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
গুৱাহাটীৰ বিভিন্ন উন্নয়নমূলক কাম পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

উজানবজাৰৰ মাছৰ বজাৰত দুমহলীয়া বজাৰগৃহৰ লগতে গাড়ী পাৰ্কিং আৰু শৌচালয় আৰু প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা থাকিব । আনহাতে, উজানবজাৰ ঘাটত উৎসৱ পালন কৰিব পৰাকৈ বিশেষ ব্যৱস্থা কৰা হ'ব । উজানবজাৰৰ নতুন উপায়ুক্তৰ বাসভৱনৰ পৰা কাছাৰীঘাটলৈ সৰু সৰু ৪ টা ঘৰ থাকিব । য'ত প্ৰাথমিক চিকিৎসাৰ সুবিধা, খোৱাপানীৰ সুবিধা, শৌচালয়-প্ৰস্ৰাৱগাৰ থকাৰ লগতে চাহ -ফিৰ বিপণিও থাকিব । ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে খোজকাঢ়িব পৰাকৈ সুকীয়া পথৰ ব্যৱস্থা থাকিব ৷

লগতে ব্ৰহ্মপুত্ৰৰ পাৰ বিভিন্ন আলোক সজ্জাৰে সজোৱা হ'ব । তদুপৰি, ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ নামত কোনো গছকটা নহ'ব আৰু পানী পৰিশোধন প্ৰকল্পও স্থাপন কৰা হ'ব । ইতিমধ্যে এই প্ৰকল্পৰ বাবে উপায়ুক্তৰ কাৰ্যালয়টো নদীৰ পাৰৰ‌ পৰা স্থানান্তৰ কৰা হৈছে । পুৰণি উপায়ুক্তৰ কাৰ্যালয়টো ভাঙি পেলোৱা হৈছে ।

লগতে পঢ়ক :MV Ganga Bilas Inaugurated : বাৰাণসী-ডিব্ৰুগড় বিশ্বৰ দীৰ্ঘতম নদী ক্ৰুজ মুকলি প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.