ETV Bharat / state

বিভ্ৰান্তিত মুখ্যমন্ত্ৰী ! ৰাইজক সৈমান কৰাবলৈ ৰণকৌশল প্ৰস্তুতিত ব্যস্ত

author img

By

Published : Dec 14, 2019, 3:14 PM IST

Updated : Dec 14, 2019, 6:55 PM IST

CM meeting at Gauhati
বিভ্ৰান্তিত মুখ্যমন্ত্ৰী !

ৰাইজৰ ৰোষৰ পৰা ৰক্ষা পৰিবৰ বাবে শনিবাৰে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত বিজেপি মন্ত্ৰী আৰু বিধায়কসকলৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱালৰ বৈঠক ৷

গুৱাহাটী,14 ডিচেম্বৰঃ সমগ্ৰ অসমীয়া জাতিয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধাচৰণ কৰাৰ পিছত এতিয়া কি ৰণকৌশল হ'ব ৰাজ্য চৰকাৰৰ? কিদৰে ৰাইজৰ ৰোষৰ পৰা ৰক্ষা পৰিব বিজেপিৰ জনপ্ৰতিনিধি সকল ? এই বিষয়ক লৈ এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে ৷

শনিবাৰে পুৱা মুখ্যমন্ত্ৰীৰ বাসগৃহৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত বিজেপিৰ মন্ত্ৰী আৰু বিধায়ক সকলৰ সৈতে এক জৰুৰী আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী সোণোৱাল । সূত্ৰৰ পৰা জানিব পৰা অনুসৰি বৈঠকত জনৰোষৰ পৰা হাত সাৰিবলৈ আৰু নাগৰিকত্ব সংশোধনী আইনৰ ইতিবাচক দিশসমূহ ৰাইজৰ মাজলৈ লৈ যাবলৈ মন্ত্ৰী-বিধায়ক সকলক নিৰ্দেশ দিয়া হয়। উল্লেখ্য যে, এই বৈঠকত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসো উপস্থিত থাকে।

ছ'ছিয়েল মিডিয়াত মুখ্য মন্ত্ৰীৰ প'ষ্ট :

অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ লক্ষ্যৰে গঠিত কমিটিৰ সৈতে এই বৈঠক অনুষ্ঠিত হোৱা বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে ৷ মুখ্য মন্ত্ৰীয়ে ছ'ছিয়েল মিডিয়াত দিয়া প'ষ্টত লগতে উল্লেখ কৰে যে অধ্যক্ষ বিপ্লৱ কুমাৰ শৰ্মাই এমাহৰ ভিতৰত অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ প্ৰতিবেদন দাখিল কৰিব ৷

লগতে পঢ়ক - ভাৰতৰ 5 ৰাজ্যই মানি নলয় নাগৰিকত্ব সংশোধনী আইন

Intro:গুৱাহাটী, ১৪ ডিচেম্বৰঃ সমগ্ৰ অসমীয়া জাতিয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধাচৰণ কৰাৰ পিছত এতিয়া কি ৰণকৌশল হব ৰাজ্য চৰকাৰৰ ? ৰাইজৰ ৰোষৰ পৰা কিদৰে ৰক্ষা পৰিব বিজেপিৰ জনপ্ৰতিনিধি ? এই বিষয় লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।Body:শণিবাৰে পুৱা মুখ্যমন্ত্ৰীৰ বাসগৃহ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত বিজেপি মন্ত্ৰী আৰু বিধায়ক সকলৰ সৈতে এক জৰুৰী আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী সোণোৱাল । বৈঠকত জনৰোষৰ পৰা হাত সাৰিবলৈ নাগৰিকত্ব সংশোধনী আইনৰ ইতিবাচক দিশসমূহ ৰাইজৰ মাজলৈ লৈ যাবলৈ মন্ত্ৰী-বিধায়ক সকলক নিৰ্দেশ দিয়া হয় ।Conclusion:বৈঠকত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসো উপস্থিত থাকে ।
Last Updated :Dec 14, 2019, 6:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.