ETV Bharat / state

Dhula Minor Girl Murder Case : ধূলা কাণ্ডৰ বৰ্ণনা কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

author img

By

Published : Nov 11, 2022, 8:36 PM IST

ধূলাৰ নাৰকীয় ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ উক্ত ঘটনাৰ প্ৰতিজন অভিযুক্ত অসমীয়া হোৱাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে মুখ্যমন্ত্ৰীগাৰীকয়ে ৷ বিগত সময়ত সংঘটিত হোৱা এনে ঘটনাৰ পুনৰীক্ষণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে (Dhula Minor Girl Murder Case)৷

Dhula Minor Girl Murder Case
tধূলা কাণ্ডৰ বৰ্ণনা কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

গুৱাহাটী, ১১ নৱেম্বৰ : মঙলদৈৰ ধূলাৰ নাৰকীয় ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য (Dhula Minor Girl Murder Case)। চি আই ডিৰ তদন্তই এই জঘন্য ঘটনাৰ প্ৰকৃত স্বৰূপটো উদঙাই দিয়াৰ পাছত শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘটনা সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে । জনতা ভৱনত আয়োজন কৰা সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ধূলা কাণ্ডৰ সন্দৰ্ভত চি আই ডিয়ে অভিযোগনামা দাখিলৰ সমগ্ৰ পৰিক্ৰমা বৰ্ণনা কৰে ।

কিদৰে এগৰাকী বনকৰা কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক পৰিকল্পিতভাৱে আত্মহত্যাৰ ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছিল সেই কথা বৰ্ণনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে, ধূলাৰ গোচৰৰ ক্ষেত্ৰত আৰক্ষীৰ তদন্ত ভাল হোৱা নাই বুলি তেওঁলৈ খবৰ আহিছিল । তাৰ পিছতেই তেওঁ আৰক্ষী সঞ্চালক প্ৰধানকলৈ সেই কিশোৰীগৰাকীৰ ঘৰলৈ গৈছিল ।

আনহাতে ঘটনা সন্দৰ্ভত দৰঙৰ আৰক্ষী অধীক্ষকে মুখ্যমন্ত্ৰীৰ প্ৰশ্নৰ সঠিক উত্তৰ দিব পৰা নাছিল । ঘটনা সন্দৰ্ভত সন্দেহ হোৱাত মুখ্যমন্ত্ৰীয়ে গোচৰটোৰ তদন্ত চি আই ডিক প্ৰদান কৰে । চি আই ডিৰ তদন্তৰ পাছতেই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে (Dhula rape and murder case)। ধনৰ লেনদেন কৰি ধৰ্ষণ আৰু হত্যাৰ ঘটনাটো গাপ দিব বিচৰা দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন, ধূলা থানাৰ অ'চি উৎপল বৰা, কাৰ্যবাহী দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা আৰু তিনিগৰাকী চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে ।

ধূলা কাণ্ডৰ বৰ্ণনা কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে, এই ঘটনাটো তদন্ত কৰি সমগ্ৰ বিষয়টো পোহৰলৈ অনাটো সহজ নাছিল । কিশোৰীগৰাকীৰ মৃত্যুৰ এমাহ পাছত তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছিল । সমাধিস্থ কৰা মৃতদেহ উদ্ধাৰ কৰি ফৰেনচিক আৰু বিজ্ঞানসন্মত তথ্য সংগ্ৰহৰ যোগেদি সমগ্ৰ তদন্ত প্ৰক্ৰিয়া আগুৱাই নিয়া হৈছিল ।

অসম আৰক্ষীৰ তদন্তৰ ক্ষেত্ৰত এই গোচৰটোৱে নতুন দিশ উন্মোচন কৰিছিল । সংবাদমেলত চি আই ডিৰ তদন্ত সন্দৰ্ভত চি আই ডিৰ এডিজিপি এ ৱাই ভি কৃষ্ণই কয় যে, ঘটনাটো সংঘটিত হৈছিল ১১ জুনত । এমাহ পাছত ঘটনাৰ গোচৰ সন্দৰ্ভত চি আই ডিৰ তদন্ত আৰম্ভ হয় । ধৰ্ষণ আৰু হত্যাৰ ঘটনাটোক আত্মহত্যাৰ ৰূপ দিয়া হৈছিল । এই ঘটনাত জড়িত ধূলা থানাৰ অ'চিক নিলম্বন কৰা হৈছিল । লগতে দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক নিলম্বন কৰা হৈছিল ।

পৰৱৰ্তী সময়ত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনটো কিশোৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি উল্লেখ কৰা হৈছিল । চি আই ডিয়ে তদন্ত আৰম্ভ কৰাত আত্মহত্যাৰ কোনো তথ্য পোৱা নাছিল । তদুপৰি কোনেও কিশোৰীগৰাকীক চিপ লৈ ওলমি থকা অৱস্থাত দেখা নাছিল । ডিঙিত দাগ আছিল যদিও আত্মহত্যাৰ নাছিল । সেইদৰে কিশোৰীগৰাকীৰ উচ্চতা অনুপাতে সেই স্থানত আত্মহত্যা কৰাটো পতিয়ন যোৱাৰ বিষয় নাছিল ।

পৰৱৰ্তী সময়ত কিশোৰীগৰাকীৰ মৃতদেহ সমাধিক্ষেত্ৰৰ পৰা উদ্ধাৰ কৰি জি এম চি এইচত মৰণোত্তৰ পৰীক্ষা কৰাৰ লগতে কেতবোৰ নমুনা ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয় । মৰণোত্তৰ পৰীক্ষাত কিশোৰীগৰাকীক মূৰত আঘাত কৰাৰ লগতে ডিঙিত আঘাত কৰাৰ কথা পোহৰলৈ আহে ।

আনহাতে ডি এন এ পৰীক্ষাত কৃষ্ণ কমল বৰাই যে কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল সেই কথা স্পষ্ট হয় । অভিযুক্ত কৃষ্ণ কমল বৰাক ১৪ দিনৰ জিম্মাত লোৱা হৈছে । অভিযুক্ত বৰাই স্বীকাৰ কৰিছে ধৰ্ষণ কৰি হত্যা কৰাৰ কথা । উদ্ধাৰ কৰা হৈছে ডিঙিত আঘাত কৰা ত‍াঁৰ সদৃশ ৰছী । প্ৰথম মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সম্পূৰ্ণ পৃথক আছিল । ধৰ্ষণ আৰু হত্যাৰ এই ঘটনা গাপ দিয়াৰ বাবে ধূলা থানাৰ অ'চি উৎপল বৰাই(Dhula police station OC) অভিযুক্তৰ পৰা ৫ লাখ টকা লৈছিল আৰু এই টকা আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, কাৰ্যবাহী দণ্ডাধীশ আৰু মৰণোত্তৰ পৰীক্ষা কৰা তিনিগৰাকী চিকিৎসকৰ মাজত ভাগ হৈছিল (Accused in Dhula murder case)।

ধনৰ লেনদেনৰ সকলো তথ্য আৰক্ষীয়ে লাভ কৰিছে । আনহাতে ঘটনা সন্দৰ্ভত দুৰ্নীতিৰ আন এক গোচৰ ৰুজু কৰা হৈছে বুলি চি আই ডিৰ এডিজিপি গৰাকীয়ে কয় । সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই তদন্ত প্ৰক্ৰিয়াৰ কথা এই কাৰণে কোৱা হৈছে যে এয়া বিজ্ঞানসন্মত তদন্ত । মৃতদেহ কবৰৰ পৰা উলিয়াই আনি এনেদৰে পুনৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ ঘটনা এই সময়ত উল্লেখনীয় ।

মুখ্যমন্ত্ৰীয়ে কয় যে, এনেধৰণৰ ঘটনা নতুন নহয় আৰু বিগত এটা বছৰত হোৱা এনেধৰণৰ ঘটনাৰ পুনৰীক্ষণ কৰা হ'ব । কোনো লোকৰ এনেধৰণৰ ঘটনাত সন্দেহ থাকিলে আৰক্ষী অধীক্ষকক জনাব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয় । তদুপৰি মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ ঘটনাত আৰক্ষী অধীক্ষক আৰু ডি আই জিক ঘটনাস্থলীলৈ যোৱাৰ কথাও উল্লেখ কৰে । শেহতীয়া আৰক্ষী অধীক্ষকৰ সন্মিলনটো এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ।

ধূলাৰ ঘটনাটোত জড়িত প্ৰতিজন অভিযুক্তই অসমীয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এনে ঘটনাত অসমীয়া মানুহ জড়িত হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক । সংবাদমেলত আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত আছিল । উল্লেখ্য যে, দৰঙৰ ধূলাত এছ এছ বিৰ জোৱান কৃষ্ণকমল বৰুৱাই বনকৰা কিশোৰী আৰতী তুৰী ওৰফে মিনিক ধৰ্ষণ কৰি হত্যা কৰিছিল ।

এই ঘটনাটোক আত্মহত্যাৰ ৰূপ দিয়াৰ বাবে ধূলাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক তেওঁ ৫ লাখ টকা দিছিল । ইয়াৰ পাছত দৰঙৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, কাৰ্যবাহী দণ্ডাধীশ, তিনিগৰ‍কী চিকিৎসকক মেনেজ কৰি ধৰ্ষণ-হত্যাৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়া হৈছিল । পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত চি আই ডিয়ে কৰা তদন্তত সকলো ঘটনা পোহৰলৈ আহে । বৰ্তমান গোটেইকেইজন অভিযুক্তক জেললৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : Arati Turi Murder Case : CIDৰ কাৰ্যালয়ত অভিযুক্তক সাক্ষাৎ কৰি চৰ্চাত বিধায়ক প্ৰশান্ত ফুকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.