ETV Bharat / state

নতুন জাহাজৰ পৰা উপনিৰ্বাচনলৈ বহু কথাই ক’লে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Nov 8, 2021, 6:02 PM IST

cm himanta bishwa sarma on upcoming by elections
নতুন জাহাজৰ পৰা উপনিৰ্বাচনলৈ বহু কথাই ক’লে মুখ্যমন্ত্ৰীয়ে

মাজুলীৰ ফেৰী দুৰ্ঘটনাৰ পিছত ইতিমধ্যে মাজুলীত আৰম্ভ হৈছে ই টিকট বুকিং সেৱা । মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে এতিয়াৰে পৰা উমানন্দ ঘাটতো আৰম্ভ হ’ব অনলাইন টিকট বুকিং সেৱা ৷ জানো আহক, সম্ভৱপৰ উপনিৰ্বাচনৰ ক্ষেত্ৰতো কি ক’লে মুখ্যমন্ত্ৰীয়ে ৷

গুৱাহাটী, ৮নৱেম্বৰ : এতিয়াৰ পৰা আপুনি কাউণ্টাৰত শাৰী পাতি থাকিব নালাগে । উমানন্দ দৰ্শনৰ মন থাকিলে ঘৰত বহিয়েই মো'বাইল যোগে বুক কৰিব পাৰিব টিকট । কেৱল উমানন্দ নহয়, গুৱাহাটীৰ প্ৰতিটো ঘাটত অনলাইন টিকটৰ ব্যৱস্থা প্ৰৱৰ্তন হ’ব । মাজুলীৰ ফেৰী দুৰ্ঘটনাৰ পিছত ইতিমধ্যে মাজুলীত আৰম্ভ হৈছে ই টিকট বুকিং সেৱা । সোমবাৰে গুৱাহাটীৰ উমানন্দ ঘাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই সেৱা মুকলি কৰি গুৱাহাটীত জাহাজৰ সংখ্যা আৰু বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰে ।

ইফালে ৰাসৰ পূৰ্বে মাজুলীত সংযোজিত হ’ব কেইবাখনো নতুন জাহাজ । ইতিমধ্যে, ১০ খন নতুন জাহাজৰ কাম হাতত লৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে পৌৰ নিগমৰ নিৰ্বাচন সন্দৰ্ভত মত প্ৰকাশ কৰি কয়, ২০২২ ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন । ইপিনে অন্য দলৰ পৰা বিজেপিলৈ বিধায়ক গমনৰ চৰ্চা চলি থকাৰ মাজতে আৰু দুই তিনিটা সমষ্টিত উপ-নিৰ্বাচন হ’ব বুলি ইংগিত দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ইয়াৰোপৰি, ক’ভিড সম্পৰ্কেও মুখমন্ত্ৰী গৰাকীয়ে মন্তব্য আগবঢ়াই ক’লে, ভেকচিন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ক’ভিডৰ কথা মানুহক কৈ থকাৰ প্ৰয়োজনীয়তাৰ কথা ৷

লগতে পঢ়ক : ১১ নৱেম্বৰত শপত‌ ল'ব নৱ নিৰ্বাচিত পাঁচ বিধায়কে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.