ETV Bharat / state

সৰুসজাইত বিশেষভাৱে সক্ষম এথলিটসকলৰ স্বাস্থ্য পৰীক্ষা শিৱিৰত মুখ্যমন্ত্ৰী

author img

By

Published : Apr 7, 2022, 10:05 PM IST

'আজাদী কা অমৃত মহােৎসৱ'ৰ সৈতে সংগতি ৰাখি স্পেচিয়েল অলিম্পিক ভাৰতে গুৱাহাটীত বৃহস্পতিবাৰে আয়ােজন কৰা বিশেষভাৱে সক্ষম এথলিটসকলৰ স্বাস্থ্য পৰীক্ষা শিৱিৰত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ (CM at Health fitness camp for specially abled athletes in Sarusajai)। ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা ‘স্নেহস্পর্শ’ আঁচনিৰ সুবিধা গ্রহণৰ বাবে আগবাঢ়ি আহিবলৈ দিব্যাংগ শিশুসকলৰ অভিভাৱকক আহ্বান মুখ্যমন্ত্ৰীৰ ৷

CM at Health fitness camp for specially abled athletes in Sarusajai
সৰুসজাইত বিশেষভাৱে সক্ষম এথলিটসকলৰ স্বাস্থ্য পৰীক্ষা শিৱিৰত মুখ্যমন্ত্ৰী

গুৱাহাটী, 7 এপ্ৰিল : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ‘আজাদী কা অমৃত মহােৎসৱৰ সৈতে সংগতি ৰাখি স্পেচিয়েল অলিম্পিক ভাৰতে গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত আয়ােজন কৰা বিশেষভাৱে সক্ষম এথলিটসকলৰ স্বাস্থ্য পৰীক্ষা শিৱিৰত অংশগ্রহণ কৰে (CM at Health fitness camp for specially abled athletes in Sarusajai)।

উল্লেখ্য যে, স্পেচিয়েল অলিম্পিক ভাৰতৰ দ্বাৰা সমগ্র দেশত ‘আজাদী কা অমৃত মহােৎসৱ'ৰ লগত সংগতি ৰাখি গ্রহণ কৰা কাৰ্যসূচীৰ জৰিয়তে দেশৰ ৭৫ খন চহৰত ৭৫০০০ গৰাকী বৌদ্ধিক দিশত বিশেষভাৱে সক্ষম ক্রীড়াবিদৰ দন্ত পৰীক্ষা আৰু স্বাস্থ্য সম্বন্ধীয় দিহা-পৰামৰ্শ আগবঢ়োৱাৰ লগতে স্বাস্থ্য পৰীক্ষা তথা ক’ভিড টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে । সমগ্র দেশৰ লগতে অসমতাে স্পেচিয়েল অলিম্পিক ভাৰতে গুৱাহাটী আৰু যােৰহাটত এই অনুষ্ঠানৰ আয়ােজন কৰিছে।

cm-at-health-fitness-camp-for-specially-abled-athletes-in-sarusajai
সৰুসজাইত বিশেষভাৱে সক্ষম এথলিটসকলৰ স্বাস্থ্য পৰীক্ষা শিৱিৰত মুখ্যমন্ত্ৰী

এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, বিশেষভাৱে সক্ষম শিশুসকলৰ মাজত অপাৰ সম্ভাৱনীয়তা লুকাই থাকে । এই শিশুসকলেও যাতে ৰাজ্যৰ মানৱ সম্পদৰ এক গুৰুত্বপূর্ণ অংশ হিচাপে সমাজলৈ অৰিহণা আগবঢ়াব পাৰে ৷ সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে তেওঁলােকৰ সৱলীকৰণৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে ।

তেওঁ কয় যে, ৰাজ্য চৰকাৰে ‘দীনদয়াল দিব্যাংগ পেঞ্চন' আঁচনিৰ অধীনত ১ লাখতকৈও অধিক দিব্যাংগ ব্যক্তিলৈ প্রতিমাহে ১ হাজাৰ টকাকৈ প্ৰদান কৰি আহিছে । তেনেদৰে, ‘দীনদয়াল দিব্যাংগ পুনঃসংস্থাপন' আঁচনিৰ জৰিয়তে বহুতাে দিব্যাংগ ব্যক্তি উপকৃত হৈছে । তদুপৰি, ১ লাখ ১২ হাজাৰখন বিশেষ পৰিচয় পত্র বিশেষভাৱে সক্ষম ব্যক্তিসকলক প্রদান কৰা হৈছে বুলিও তেওঁ কয় ।

cm-at-health-fitness-camp-for-specially-abled-athletes-in-sarusajai
সৰুসজাইত বিশেষভাৱে সক্ষম এথলিটসকলৰ স্বাস্থ্য পৰীক্ষা শিৱিৰত মুখ্যমন্ত্ৰী

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে শ্ৰৱণৰ অসুবিধাত ভােগা ৬ বছৰৰ তলৰ বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা ‘স্নেহস্পর্শ’ শীর্ষক বিশেষ আঁচনিখনৰ সুবিধা গ্রহণৰ বাবে আগবাঢ়ি আহিবলৈ তেনে শিশুসকলৰ অভিভাৱকসকলক আহ্বান জনায় ।

তেওঁ কয় যে, এই আঁচনিখনৰ অধীনত বিনামূলীয়াকৈ শ্ৰৱণ যন্ত্র সংস্থাপন কৰাৰ ব্যৱস্থা আছে আৰু এনে যন্ত্র সংস্থাপনৰ দ্বাৰা শ্ৰৱণৰ অসুবিধাত ভােগা শিশুসকলে স্বাভাৱিক জীৱন নির্বাহ কৰিব পাৰিব । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে দেশৰ শাসনভাৰ হাতত লৈ বিশেষভাৱে সক্ষম লােকসকলক দিব্যাংগ হিচাপে অভিহিত কৰি তেওঁলােকক এক নতুন পৰিচয় দিছিল । দিব্যাংগ লােকসকল আমাৰ সমাজৰ অভিন্ন অংগ আৰু কোনাে ক্ষেত্রতে তেওঁলােক সমাজৰ আন ব্যক্তিতকৈ দুর্বল নহয় । ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা লক্ষ্য আৰু উদ্দেশ্য পূৰণত দিব্যাংগসকলাে এক অপৰিহার্য অংগ ।

CM at Health fitness camp for specially abled athletes in Sarusajai
সৰুসজাইত বিশেষভাৱে সক্ষম এথলিটসকলৰ স্বাস্থ্য পৰীক্ষা শিৱিৰত মুখ্যমন্ত্ৰী

ইফালে, অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে, ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু সমাজ কল্যাণ বিভাগৰ সহযােগিতাত স্পেচিয়েল অলিম্পিক ভাৰতে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূর্তি উপলক্ষে আয়ােজন কৰা বিশেষভাৱে সক্ষম এথলিটসকলৰ স্বাস্থ্য পৰীক্ষাৰ এই শিবিৰত অপাৰ সম্ভাৱনীয়তাৰে পূর্ণ এই লােকসকলৰ সৈতে কিছু সময় কটোৱাৰ সুযােগ পাই তেওঁ অতিশয় আনন্দিত হৈছে ।

তেওঁ লগতে কয় যে, দিব্যাংগ শিল্পী সুধা চন্দ্ৰন, সংগীতজ্ঞ ৰবীন্দ্র জৈন, পর্বতাৰােহী অনিমা সিনহা, অলিম্পিক মেডেল প্রাপক ক্রীড়াবিদ সুমিত এনটিল, অবানি লেখাৰা, ভবিনাবেন পেটেল, মনীষ নাৰৱাল, বিশিষ্ট সমাজকর্মী জাভেদ আবিদি আদিৰ দৰে অদম্য ইচ্ছা শক্তিৰ অধিকাৰী দিব্যাংগ ব্যক্তিসকলে আমাৰ সমাজ জীৱনক সদায় অনুপ্রাণিত কৰি আহিছে ।

সৰুসজাইত বিশেষভাৱে সক্ষম এথলিটসকলৰ স্বাস্থ্য পৰীক্ষা শিৱিৰত মুখ্যমন্ত্ৰী
সৰুসজাইত বিশেষভাৱে সক্ষম এথলিটসকলৰ স্বাস্থ্য পৰীক্ষা শিৱিৰত মুখ্যমন্ত্ৰী

ইফালে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্রী ড° শৰ্মাই পেৰা অলিম্পিককে ধৰি আন্তঃৰাষ্ট্রীয় প্রতিযােগিতাত বিশেষ ফল প্রদর্শন কৰা বিশেষভাৱে সক্ষম এথলিটসকলক একোখনকৈ স্মাৰক প্ৰদান কৰে ।

অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ মন্ত্রী অজন্তা নেওগে ভাষণ প্রদান কৰি বিভাগীয় বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে । লগতে এই অনুষ্ঠানত উপস্থিত থাকে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে আদি কৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি ।

লগতে পঢ়ক : 68 সংখ্যক বৰদলৈ ট্ৰফীৰ খিতাপ জয় দিল্লী এফ চিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.