ETV Bharat / state

পদপথত আশ্ৰিত লোকক নিৰাপদ আশ্ৰয় প্ৰদান মহানগৰ প্ৰশাসনৰ

author img

By

Published : May 26, 2021, 10:18 PM IST

City administration provides safe shelter to those sheltered on foot
পদপথত আশ্ৰিত লোকক নিৰাপদ আশ্ৰয় প্ৰদান মহানগৰ প্ৰশাসনৰ

বুধবাৰে জিলা প্ৰশাসনে শুক্ৰেশ্বৰ ঘাটৰ পৰা প্ৰায় ৩০ জন পদপথত আশ্ৰিত লোকক বিভিন্ন বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আশ্ৰয় গৃহলৈ স্থানান্তৰ কৰে। লগতে গুৱাহাটীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বশিষ্ঠৰ পৰা জালুকবাৰীলৈকে ট্ৰাক ৰখোৱা স্থানবোৰত জিলা প্ৰশাসনে ক'ভিড পৰীক্ষাৰ এক কাৰ্যসূচী সম্পন্ন কৰে।

গুৱাহাটী, ২৬ মে': ক'ভিড নিৰাময়ৰ বাবে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ মাজতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে পদপথত আশ্ৰিত লোকসকলক নিৰাপদ আশ্ৰয় প্ৰদানৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছে। বুধবাৰে জিলা প্ৰশাসনে শুক্ৰেশ্বৰ ঘাটৰ পৰা প্ৰায় ৩০ জন পদপথত আশ্ৰিত লোকক বিভিন্ন বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আশ্ৰয় গৃহলৈ স্থানান্তৰ কৰে।

City administration provides safe shelter to those sheltered on foot
পদপথত আশ্ৰিত লোকক নিৰাপদ আশ্ৰয় প্ৰদান মহানগৰ প্ৰশাসনৰ

জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ নিৰ্দেশত প্ৰশাসনৰ তৰফৰ পৰা জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত এই কাৰ্য সম্পাদন কৰা হয় । গোলাঘাট মহিলা নিৰ্মাণ বেচৰকাৰী সংস্থা, ইপিচিপি বেচৰকাৰী সংস্থা আৰু নেভাৰ্ড বেচৰকাৰী সংস্থাই আশ্ৰয় গৃহলৈ পদপথত আশ্ৰিত লোকসকলক স্থানান্তৰ কৰা কাৰ্যত সহযোগিতা আগবঢ়ায়।

City administration provides safe shelter to those sheltered on foot
পদপথত আশ্ৰিত লোকক নিৰাপদ আশ্ৰয় প্ৰদান মহানগৰ প্ৰশাসনৰ

উল্লেখ যে, স্থানান্তৰ কৰাৰ আগতে কৰা ক'ভিড পৰীক্ষাত কোনো লোকৰে শৰীৰত ক'ভিড-১৯ৰ উপস্থিতি পোৱা নগ'ল। আনহাতে, গুৱাহাটীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বশিষ্ঠৰ পৰা জালুকবাৰীলৈকে ট্ৰাক ৰখোৱা স্থানবোৰত বুধবাৰে জিলা প্ৰশাসনে ক'ভিড পৰীক্ষাৰ এক কাৰ্যসূচী সম্পন্ন কৰে।

City administration provides safe shelter to those sheltered on foot
পদপথত আশ্ৰিত লোকক নিৰাপদ আশ্ৰয় প্ৰদান মহানগৰ প্ৰশাসনৰ

জিলা পৰিবহন বিভাগৰ সহযোগত কৰা এই পৰীক্ষাত ৮৪ জন লোকৰ ভিতৰত ৫ জনৰ দেহত ক'ভিড-১৯ৰ অৱস্থিতি ধৰা পৰাৰ পিছত আক্ৰান্তসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক: ক'ভিড পৰিস্থিতি সন্দৰ্ভত কণ্ঠশিল্পী নীল আকাশৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.