ETV Bharat / state

Eviction at Dhalpur: ধৰ্মীয় মেৰুকৰণহে আছিল ধলপুৰ উচ্ছেদৰ উদ্দেশ্য, বিদেশী নাছিল উচ্ছেদিত সকল

author img

By

Published : Dec 23, 2021, 8:46 PM IST

Dhalpur Eviction Drives
ধলপুৰৰ উচ্ছেদ সম্পৰ্কত প্ৰতিবেদন মুকলি

‘ধলপুৰৰ উচ্ছেদ অভিযান সম্পূৰ্ণ অমানবীয় । ধলপুৰত উদেশ্যে প্ৰণোদিতভাৱে বি জে পি চৰকাৰৰ উচ্ছেদ অভিযান চলাইছিল’ ৷ ধলপুৰৰ সকলো তথ্য সামৰি যুগুত কৰা ‘Dhalpur: The truth behind’ শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে এই চাঞ্চল্যকৰ তথ্য ৷

গুৱাহাটী, 23 ডিচেম্বৰ : যোৱা 23 ছেপ্টেম্বৰত দৰং জিলাৰ ধলপুৰৰ গৰুখুটিত প্ৰশাসনৰ দ্বাৰা চলোৱা উচ্ছেদ অভিযানক ৰাজনৈতিক অভিসন্ধি আখ্যা দুটাকৈ সংগঠনৰ ৷ ‘Dhalpur: The truth behind’ শীৰ্ষক এক প্ৰতিবেদনযোগে Centre for Minority Studies Research and Development নামৰ সংগঠনটোৱে প্ৰকাশ কৰিছে এই তথ্য ৷ প্ৰতিবেদন মতে, ধলপুৰত ৩০৯৪ গৰাকী মানুহে অৰ্থাৎ ৫১৭ টা পৰিয়ালে বসবাস কৰিছিল । ইয়াৰে ৬৪.৫৮ শতাংশ অৰ্থাৎ ১,৯৯৮ গৰাকী মানুহৰ এন আৰ চিত নাম আছে ।

১৯৭১ চনৰ লোকপিয়লৰ তথ্য মতে, ১৯৭১ চনলৈ তাত কোনো পথ নাছিল । ১৯৭০ চনৰ আগতে ২১ টা পৰিয়ালে ধলপুৰত ভূমি কিনিছিল । ১৯৭১-১৯৮০ চনৰ ভিতৰত ৪০ টা পৰিয়ালে ধলপুৰত ভূমি কিনিছিল । ১৯৮১-১৯৯০ চনৰ ভিতৰত ৯৫ টা পৰিয়ালে ধলপুৰত ভূমি কিনিছিল । আনহাতে, ১৯৯১-২০০০ চনৰ ভিতৰত ৮৩ টা পৰিয়ালে আৰু ২০০১-২০২১ চনৰ ভিতৰত ৬২ টা পৰিয়ালে ধলপুৰত ভূমি কিনিছিল ।

আকৌ ধলপুৰত ২৫১ টা পৰিয়ালৰ ৩ বিঘাৰ তলত মাটি আছিল । ১৬২ টা পৰিয়ালৰ ৭ বিঘাৰ তলত মাটি আছিল । কিন্তু ইয়াৰ বিপৰীতে চৰকাৰে ৰাইজৰ আগত ভুল তথ্য দাঙি ধৰিছে ।

ধৰ্মীয় মেৰুকৰণহে আছিল ধলপুৰ উচ্ছেদৰ উদ্দেশ্য

বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত মুকলি কৰা হয় দৰং জিলাৰ ধলপুৰৰ অমানৱীয় উচ্ছেদৰ সম্পৰ্কত যুগুত কৰা ‘Dhalpur: The truth behind’ শীৰ্ষক প্ৰতিবেদনখন । প্ৰতিবেদনখন মুকলি কৰে বিশিষ্ট অৰ্থনীতিবিদ অনন্ত কলিতাই । এই অনুষ্ঠানতে ভাষণ প্ৰসংগত অনন্ত কলিতাই কয় যে, ধলপুৰত উচ্ছেদ কৰা মানুহবোৰ ১৯৭১ চনৰ আগতে অহা ।

ধলপুৰত উদেশ্যে প্ৰণোদিতভাৱে বি জে পি চৰকাৰে উচ্ছেদ অভিযান চলাইছিল (Eviction Drives at Dhalpur) । এয়া সম্পূৰ্ণ সাম্প্ৰদায়িক আৰু ৰাজনৈতিক অভিসন্ধি আছিল । ধলপুৰৰ উচ্ছেদ অভিযান সম্পূৰ্ণ অমানবীয় । ধৰ্মীয় মেৰুকৰণৰ উদ্দেশ্য চৰকাৰে এই উচ্ছেদ অভিযান চলাইছিল । প্ৰমাণ নোহোৱাকৈ বিদেশী সজাই মানুহবোৰক উচ্ছেদ কৰা হৈছে । লগতে তেওঁ কয় যে, প্ৰশাসন আৰু ন্যায় ব্যৱস্থা (Administration and Judicial system) আজি নিৰপেক্ষ হৈ থকা নাই ।

এই অনুষ্ঠানতে অংশ লৈ বিশিষ্ট অধিবক্তা হাফিজ ৰছিদ চৌধুৰীয়ে কয় যে, ‘‘ধলপুৰৰ অমানৱীয় উচ্ছেদৰ সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুমান ভুল তথ্য প্ৰচাৰ কৰি আছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই তেওঁৰ ৰাজধৰ্ম পালন কৰা উচিত’’ । তেওঁ আৰু কয় যে, চৰকাৰে যদি সঁচা অৰ্থত অবৈধ বাংলাদেশী খেলিব বিচাৰিছে, তেনে হ'লে চৰকাৰে প্ৰতিখন জিলাতে ‘Foreigners tribunal’ গঠন কৰক । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক সকলোৱে সহায় কৰিব ।

একেটা অনুষ্ঠানতে অংশ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আব্দুল মান্নানে কয় যে, ‘‘ধলপুৰত উচ্ছেদ নিৰ্দয়, অমানৱীয় আৰু নিষ্ঠুৰ আছিল । উচ্ছেদৰ নিষ্ঠুৰ ফল আজিও সেই অঞ্চলৰ বহু শিশুয়ে ভোগ কৰি আছে’’ । সেয়ে মুখ্যমন্ত্ৰীগৰাকীক সংবিধানক সম্মান জনোৱাৰ বাবে তেওঁ আহ্বান জনায় ।

Centre for Minority Studies Research and Development ৰ সাধাৰণ সম্পাদক জমছেৰ আলীয়ে কয় যে, বিগত ২৪ ছেপ্টেম্বৰৰ পৰা উচ্ছেদিত অঞ্চলত ১৫ দিন থাকি এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে । আনহাতে, জমছেৰ আলীয়ে উল্লেখ কৰা অনুসৰি, এই প্ৰতিবেদনখন সমগ্ৰ দেশত প্ৰচাৰ কৰা হ'ব ।

লগতে পঢ়ক : Eviction Drives: নিজে বেদখল ভূমি এৰিলে ধলপুৰৰ ৮৫ টা পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.