ETV Bharat / state

CID files charge sheet in Dhula Case:ধূলা কাণ্ডৰ অভিযোগনামা দাখিল চি আই ডিৰ

author img

By

Published : Jul 18, 2023, 6:54 PM IST

ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ধূলা কাণ্ডৰ অভিযোগনামা দাখিল কৰিলে চি আই ডিয়ে ৷

Dhula Minor Girl Murder Case
ধূলা কাণ্ড

গুৱাহাটী, ১৮ জুলাই : ধূলা কাণ্ডৰ অভিযোগনামা দাখিল কৰিলে চি আই ডিয়ে । সেই সময়ৰ ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা, দৰং জিলাৰ আৰক্ষী অধীক্ষ ৰাজমোহন ৰায় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষ ৰূপম ফুকন আৰু কৃষ্ণকমল বৰুৱাৰ পত্নী নিজু নাথক অভিযুক্ত কৰি অভিযোগনামা দাখিল কৰে চি আই ডিয়ে । চি আই ডিয়ে ২০/২০২২ নম্বৰত ৰুজু হোৱা গোচৰত অভিযোগ নামা দাখিল কৰে ।

Dhula Minor Girl Murder Case
ধূলা কাণ্ডৰ অভিযোগনামা দাখিল চি আই ডিৰ

উল্লেখ্য যে বিগত বৰ্ষৰ ১১ জুনত দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত কৃষ্ণকমল বৰুৱা নামৰ এছ এছ বি জোৱান এজনৰ ঘৰত এগৰাকী কিশোৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল । হুগ্ৰাজুলি প্ৰজা পথাৰ গাঁৱত ১৩ বছৰীয়া এগৰাকী কিশোৰী চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল । কৃষ্ণকমল বৰুৱা নামৰ লোকজনৰ ঘৰত বনকৰা ছোৱালী হিচাপে আছিল এই ছোৱালীজনী ।

Dhula Minor Girl Murder Case
ধূলা কাণ্ডৰ অভিযোগনামা দাখিল চি আই ডিৰ

ঘটনাৰ তদন্তৰ বাবে ধূলা আৰক্ষী থানাত কিশোৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দিবলৈ গৈছিল যদিও সেই ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছিল । পৰৱৰ্তী সময়ত ধূলাৰ গোচৰৰ ক্ষেত্ৰত আৰক্ষীৰ তদন্ত ভাল হোৱা নাই বুলি মুখ্যমন্ত্ৰীলৈ হোৱাটচএপ যোগে খবৰ দিছিল এজন সাংবাদিকে । তাৰ পিচতেই তেওঁ আৰক্ষী সঞ্চালক প্ৰধানক লৈ ভুক্তভোগী কিশোৰীগৰাকীৰ ঘৰলৈ গৈছিল ।

আনহাতে ঘটনা সন্দৰ্ভত দৰঙৰ আৰক্ষী অধীক্ষকে মুখ্যমন্ত্ৰীৰ প্ৰশ্নৰ সঠিক উত্তৰ দিব পৰা নাছিল । ঘটনা সন্দৰ্ভত সন্দেহ হোৱাত মুখ্যমন্ত্ৰীয়ে গোচৰটোৰ তদন্ত চি আই ডিক প্ৰদান কৰে । চি আই ডি য়ে ২০/২০২২ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে । CID ৰ তদন্তৰ পিচতেই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে । ৫ লাখ টকাৰ লেনদেন কৰি ধৰ্ষণ আৰু হত্যাৰ ঘটনাটোক আত্মহত্যাৰ ৰূপ দিছিল সেই সময়ৰ দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন, ধূলা থানাৰ অ’চি উৎপল বৰাই ।

আনকি তৎকালীনভাৱে উলিওৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো চিকিৎসকে কিশোৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি উল্লেখ কৰিছিল । চি আই ডিয়ে তদন্ত আৰম্ভ কৰাত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে ।

লগতে পঢ়ক : Dhula Minor Girl Murder Case : ধূলা কাণ্ডৰ বৰ্ণনা কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.